Tuesday, February 16, 2021

Assam TET : EvSc.

 Assam TET : EvSc.

পৰিৱেশ অধ্যয়ন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigationJump to search

পৰিৱেশ অধ্যয়ন ( ইংৰাজী: Environmental studies ) হৈছে বিভিন্ন জটিল সমস্যা সমাধানৰ অৰ্থে পৰিৱেশ আৰু মানুহৰ মাজৰ পাৰস্পৰিক ক্ৰিয়াসমূহৰ অধ্যয়ন। পৰিৱেশ অধ্যয়নত প্ৰাকৃতিক পৰিৱেশমানৱ সৃষ্ট পৰিৱেশ আৰু সিহঁতৰ মাজৰ সমন্ধ সম্পৰ্কেও অধ্যয়ন কৰা হয়। পৰিস্থিতিবিদ্যা (Ecology) আৰু পৰিৱেশ অধ্যয়ন (Environmental studies)ক এটাক আনটোৰ অনুৰূপ শব্দ বুলি কোৱা হয় যদিও প্ৰকৃততে পৰিস্থিতিবিদ্যা, পৰিৱেশ অধ্যয়নৰ অন্তৰ্গত এক শৃঙ্খলাবদ্ধ ভাগ। বৰ্তমান আধুনিক ধাৰণা মতে মানৱ সমাজৰ আৰ্থসামাজিক দিশটোকো পৰিৱেশ অধ্যয়নৰ লগতে সামৰি লোৱা হৈছে। আমাৰ চাৰিওপিনে থকা সকলো জৈৱ আৰু অজৈৱ সম্পদবোৰ তথা সিহঁতৰ মাজত থকা পাৰস্পৰিক সম্পৰ্কই হ'ল পৰিৱেশ অধ্যয়ন। সেইবাবে সমাজবিজ্ঞানৰ পৰা আদি কৰি বিজ্ঞানৰ সকলোবোৰ ভাগ এই পৰিৱেশ অধ্যয়নৰ অন্তৰ্গত[1] বুলিব পাৰি।

পৰিৱেশৰ প্ৰকাৰ

পৰিৱেশক দুই ধৰণে অধ্যয়ন কৰিব পাৰি – প্ৰাকৃতিক পৰিৱেশ আৰু মানৱ সৃষ্ট পৰিৱেশ। বায়ু,পানী,মাটি,অৰণ্য,বন্যপ্ৰাণী ইত্যাদিক লৈ প্ৰাকৃতিক পৰিৱেশ গঠিত। আনহাতে পৰিৱেশ ক্ৰিয়া,ঘৰ-দুৱাৰ,প্ৰযুক্তি বিদ্যা,যাতায়ত,উপযোগিতা,সংস্থাপন ইত্যাদি লৈ মানৱ সৃষ্ট পৰিৱেশ গঠিত।

পৰিৱেশৰ ভৌতিক উপাদান

ভৌতিক আৰু ৰাসায়নিক গঠনৰ ওপৰত ভিত্তি কৰি পৰিৱেশক চাৰিটা ভাগত ভাগ হৈছে –

  1. বায়ুমণ্ডল (Atmosphere)
  2. জলমণ্ডল (Hydrosphere)
  3. ভূমণ্ডল (Lithosphere)
  4. জীৱমণ্ডল (Biosphere)[1]

বায়ুমণ্ডল

পৃথিৱীৰ উপৰিভাগত থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে। এই বায়ুমণ্ডলপ্ৰাধানকৈ নাইট্ৰজেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড,পানীআৰু কিছুমান নিষ্ক্ৰিয় গেছৰ দ্বাৰা গঠিত। তলত এই উপাদান সমূহৰ শতকৰা অৱস্থিতি উল্লেখ কৰা হ’ল –

গেছশতাংশ
নাইট্ৰ'জেন (N2)78.09
অক্সিজেন (O2)20.94
কাৰ্বন ডাই অক্সাইড (CO2).03
পানী (H2O)1.00
নিষ্ক্ৰিয় গেছঅতি কম পৰিমাণৰ

[1]

বায়ুমণ্ডলক তাপৰ তাৰতম্যৰ ওপৰত নিৰ্ভৰ কৰি পুনৰ চাৰিটা স্তৰত ভাগ কৰা হৈছে –

  1. ট্ৰপ’স্ফিয়াৰ
  2. ষ্ট্ৰেট’স্ফিয়াৰ
  3. মেচ’স্ফিয়াৰ
  4. আয়ন’স্ফিয়াৰ
ট্ৰপ’স্ফিয়াৰ

বায়ুমণ্ডলৰ ভূ-পৃষ্ঠৰ লগতে লাগি থকা স্তৰটোক ট্ৰপ’স্ফিয়াৰ (Trposphere) বোলে। বায়ুমণ্ডলৰ সকলোবোৰ পৰিৱৰ্ত্তন এই স্তৰতে সংঘটিত হয়। ই ভূ-পৃষ্ঠৰ পৰা 11 kilometres (6.8 মাইল) উচ্চতালৈ বিস্তৃত হৈ থাকে। বায়ুমণ্ডলত থকা প্ৰায় ৮০% গেছেই ট্ৰপ’স্ফিয়াৰত পোৱা যায়।

ষ্ট্ৰেট’স্ফিয়াৰ

ট্ৰপ’স্ফিয়াৰৰ ওপৰত থকা স্থিৰ বায়ুমণ্ডলৰ স্তৰটোক ষ্ট্ৰেট’স্ফিয়াৰ (Stratosphere) বোলে আৰু এই স্তৰটো 50 kilometres (31 মাইল) উচ্চতালৈ বিস্তৃত হৈ থাকে। ট্ৰপ’স্ফিয়াৰৰ সৈতে এই স্তৰৰ ভৌতিক ধৰ্মবোৰ প্ৰায় একে। কেৱল উষ্ণতা ১০°-২০°চে: গ্ৰে: লৈ বেছি হোৱা দেখা যায়। এই স্তৰটোত থকা অজন অণুবোৰ সূৰ্যৰ অতি বেঙুনীয়া ৰশ্মিক পৃথিৱীলৈ অহাত বাধা দিয়ে।

মেচ’স্ফিয়াৰ

ষ্ট্ৰেট’স্ফিয়াৰৰ ওপৰৰ স্তৰটো মেচ’স্ফিয়াৰ (Mesosphere) আৰু ভূ-পৃষ্ঠৰ পৰা 85 kilometres (53 মাইল)লৈ ই বিস্তৃত। এই স্তৰটোত উষ্ণতাৰ পৰিমাণ আকৌ নিম্নলৈ আহে। অজনৰ গাঢ়তা এই স্তৰত কম হয়।

আয়ন’স্ফিয়াৰ

মেচ’স্ফিয়াৰৰ ওপৰত প্ৰায় 500 kilometres (310 মাইল) উচ্চতালৈ আয়ন’স্ফিয়াৰ (Ionosphere) বা থাৰ্ম'স্ফিয়াৰ (Thermosphere) স্তৰ বিস্তৃত। আয়ন’স্ফিয়াৰ স্তৰত উচ্চতা বৃদ্ধিৰ লগে লগে উষ্ণতাৰ পৰিমাণো বাঢ়ি যায়।[1]

জলমণ্ডল

ভূ-পৃষ্ঠৰ ওপৰত থকা সাগৰ,হ্ৰদ,নদ-নদী,অন্যান্য জলৰাশি,জলীয় বাষ্প আনকি গোটা অৱস্থাত থকা বৰফ,এই আটাইবোৰক একেলগে জলমণ্ডল বোলে। জলমণ্ডলে পৃথিৱীৰ প্ৰায় ৭০% ঠাই অধিকাৰ কৰি আছে। এই জলমণ্ডলত ঘটা যিকোনো পৰিৱৰ্তনে স্থলভাগৰ জলবায়ুৰ ওপৰতো প্ৰভাৱ পেলায়।

ভূমণ্ডল

পৃথিৱীৰ খোলাটোৰ গোটা,শিলাময় ভাগটোক ভূমণ্ডল বোলে।

জীৱমণ্ডল

ভূ-পৃষ্ঠৰ উপৰিভাগৰ যিটো স্তৰত জীৱ সমূহ বিদ্যমান তাক জীৱমণ্ডল বোলে। এই মণ্ডলটো ভূগোলকৰ ওপৰৰ এটা জৈৱিক আৱৰণ য’ত জীৱই কোনো কৃত্ৰিমতাৰ সহায় নোলোৱাকৈ জীয়াই থাকিব পাৰে। পৰিৱেশৰ বিভিন্নতাৰ বাবে এই স্তৰটোত সৰল জীৱৰপৰা জটিল জীৱলৈ নানা ধৰণৰ জীৱই বাস কৰে।[1]

পৰিৱেশ অধ্যয়নৰ গুৰুত্ব

প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদৰ সুসংৰক্ষণৰ বাবে পৰিৱেশ অধ্যয়ন অতি আৱশ্যকীয়। পৰিৱেশত বাস কৰা সকলো প্ৰাণী আৰু উদ্ভিদৰ জীৱন সাঙুৰ খাই থাকে। সেয়েহে পৰিৱেশ বিজ্ঞানীৰ লগতে শিক্ষাবিদ, ৰাজনীতিবিদ, সমাজসেৱক, আইনজীৱী সকলোৰে সমূহীয়া প্ৰচেষ্টাৰ দ্বাৰা পৰিৱেশক মজবুত কৰি ৰখা দৰকাৰ। তাৰবাবে আমি তলৰ বিষয় কেইটাৰ ওপৰত গুৰুত্ব দিয়া প্ৰয়োজন।

  • জনসাধাৰণৰ মাজত সজাগতা,
  • শিক্ষাদানৰ বিভিন্ন স্তৰত পৰিৱেশ শিক্ষাৰ অন্তৰ্ভুক্তিকৰণ,
  • স্বেচ্ছাসেৱী সংগঠনৰ দ্বাৰা সজাগতা,
  • আইন প্ৰণয়ন।

সাধাৰণ অৰ্থত ক’বলৈ হ’লে আমি আমাৰ চাৰিওফালে যি দেখিছো সেই সকলোবিলাকেই আমাৰ পৰিবেশ। বায়ু, বিভিন্ন জীৱ-জন্তু, গছ-গছনি, মাটি, পানী, পৰ্বত-পাহাৰ আদি আমাৰ চাৰিওফালে আছে। এইবোৰৰ উপৰিও আমাৰ ঘৰ-দুৱাৰ, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, দোকান-পোহাৰ, হাট-বজাৰ, কল-কাৰখানা আদিও আমাৰ চৌদিশে আছে। এই সকলোবোৰ বস্তুৱেই আমাৰ পৰিবেশৰ ভিতৰুৱা। চমুকৈ ক’বলৈ গ’লে কোনো এটা জীৱৰ বাসভূমিৰ কেউদিশৰ অৱস্থাকেই পৰিবেশ বুলি কোৱা হয়। আমাৰ পৰিবেশত থকা মুখ্য উপাদানবোৰ হ’ল বায়ু, পানী আৰু মাটি। এই তিনিবিধ ভৌতিক বা অজৈৱিক উপাদানৰ বাহিৰেও পৰিবেশত আৰু কিছুমান ভৌতিক উপাদানৰ বৰঙণি আছে। তেনেবোৰ উপাদানৰ ভিতৰত উষ্ণতা, পোহৰ আৰু বিকিৰণ, বায়ুৰ চাপ, মাধ্যাকৰ্ষণ শক্তি, বায়ুমণ্ডলত থকা বিভিন্ন ৰাসায়নিক উপাদান উল্লেখযোগ্য। কোনো এটা পৰিবেশত জীয়াই থকা জীৱসমূহেই হ’ল পৰিবেশৰ জৈৱিক উপাদান। কোনো এটা পৰিবেশৰ জীৱসমূহক উপাদান হিচাপে তিনিটা মুখ্য ভাগত ভগাব পাৰোঁ।

(ক) উৎপাদক

(খ) উপভোক্তা

(গ) বিয়োজক

(ক) উৎপাদক:

সেউজীয়া উদ্ভিদসমূহে নিজে নিজৰ খাদ্যবস্তু তৈয়াৰ কৰি ল’ব পাৰে। সেউজীয়া উদ্ভিদে খাদ্যবস্তু প্ৰস্তুত কৰাৰ সময়ত জীৱৰ বাবে প্ৰয়োজনীয় আন এবিধ সামগ্ৰী অক্সিজেনো উৎপাদন কৰে। পৰিবেশত থকা পোষকদ্ৰব্য গ্ৰহণ কৰি গঢ় লোৱা সেউজীয়া উদ্ভিদ, শেলাই আদি জীৱক উৎপাদক বুলি কোৱা হয়।

(খ) উপভোক্তা:

যিবিলাক জীৱই আন জীৱ ভক্ষণ কৰি বা নিৰ্ভৰশীল হৈ বৰ্তি থাকে তেনেকুৱা জীৱক উপভোক্তা বুলি কোৱা হয়। পৃথিৱীৰ প্ৰায় সকলোবিলাক প্ৰাণীয়েই উপভোক্তা। কেৱল উদ্ভিদ ভক্ষণ কৰি জীয়াই থকা প্ৰাণীবোৰক প্ৰাথমিক উপভোক্তা বোলে। গৰু, ছাগলী, তৃণভোজী কীট-পতংগ আদি প্ৰাথমিক উপভোক্তাৰ উদাহৰণ। আনহাতে কেৱল প্ৰাথমিক উপভোক্তা ভক্ষণ কৰি বৰ্তি থকা প্ৰাণীবোৰক মাধ্যমিক উপভোক্তা আৰু মাধ্যমিক উপভোক্তাক ভক্ষণ কৰি জীয়াই থকা প্ৰাণীসমূহক সৰ্বোচ্চ উপভোক্তা বোলা হয়। ভেকুলী, কুকুৰ আদি মাধ্যমিক উপভোক্তা আৰু বাঘ, সিংহ, সাপ, শগুণ আদি সৰ্বোচ্চ উপভোক্তাৰ উদাহৰণ।

(গ) বিয়োজক:

যিবিলাক জীৱই মৃত প্ৰাণী বা উদ্ভিদৰ দেহৰ পৰা খাদ্য সংগ্ৰহ কৰাৰ সময়ত জটিল জৈৱ যৌগক সৰল জৈৱ যৌগলৈ পৰিৱৰ্তন কৰে সিবিলাকক বিয়োজক বোলে। বেক্টেৰিয়া বা ভেঁকুৰ আদি এই শ্ৰেণীৰ জৈৱিক উপাদান।

সাম্প্ৰতিক সময়ত পৃথিৱীৰ পৰিবেশৰ অৱস্থা অতিশয় উদ্বেগজনক। লেতেৰা পানী, আৱৰ্জনা, কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা বিষাক্ত ৰাসায়নিক দ্ৰব্য আদিয়ে আনকি বিশ্বৰ উন্নত দেশবোৰকো প্ৰদূষিত কৰিছে। সমগ্ৰ পৃথিৱীতে বায়ু প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। পানী প্ৰদূষণৰ ফলত পানীত থকা বহুতো প্ৰাণীৰ মৃত্যু হৈছে। মাৰ্কাৰী প্ৰদূষিত মাছ বা অন্য খাদ্য খাই বহুতো মানুহ মৃত্যুমুখত পৰিছে। উল্লেখযোগ্য যে কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা মাৰাত্মক ৰাসায়নিক দ্ৰব্যসমূহৰ ভিতৰত মাৰ্কাৰী বা পাৰা অন্যতম।

বনাঞ্চল হ্ৰাস:

পৃথিৱীত ব্যাপক হাৰত পৰিবেশ প্ৰদূষণ হোৱাৰ অন্যতম কাৰণ এটা হ’ল বনাঞ্চলৰ সংকোচন। বিশ্বখাদ্য আৰু কৃষি সংস্থাৰ নীতি অনুসৰি মুঠ স্থলভাগৰ ৩৩ শতাংশ বনাঞ্চল থাকিব লাগে। কিন্তু তাৰ বিপৰীতে পৃথিৱীৰ বনাঞ্চলসমূহ দ্ৰুতহাৰত বিলুপ্তিহে ঘটিছে। এক সমীক্ষা মতে বনাঞ্চল ধ্বংসত পৃথিৱীৰ ভিতৰত ভাৰতৰ স্থান প্ৰথম। ভাৰতবৰ্ষত বছৰি ১৩০ হেক্টৰতকৈও অধিক বনাঞ্চল বিলুপ্ত হৈ আছে। বৰ্তমান ভাৰতৰ মুঠ স্থলভাগৰ প্ৰায় ১৩ শতাংশহে বনাঞ্চল।

আৰ্দ্ৰভূমিৰ সংকট:

পৃথিৱীৰ পৰিবেশ বিপন্ন হোৱাৰ আন এটা উল্লেখযোগ্য কাৰণ হ’ল আৰ্দ্ৰভূমিৰ সংকট। জলভূমি অঞ্চলৰ অসংযত ব্যৱহাৰৰ ফলত ইয়াত বাস কৰা জীৱসমূহ বিপন্ন হৈছে। পৃথিৱীৰ সকলো ঠাইতে আৰ্দ্ৰভূমিৰ সংকট হৈছে। আৰ্দ্ৰভূমিবোৰ কেৱল যে সংকুচিত হৈছে এনে নহয়, বহুতো আৰ্দ্ৰভূমি ইতিমধ্যে বিলুপ্ত হৈছে।

সেউজ গৃহ প্ৰক্ৰিয়া:

সূৰ্যৰ পৰা যি পোহৰ আৰু তাপ পৃথিৱীত পৰে, সেই শক্তিয়ে পৃথিৱীৰ উত্তাপ বঢ়ায়। সাধাৰণ অৱস্থাত সূৰ্যৰ পৰা বিকিৰণ হোৱা তাপ পৃথিৱীপৃষ্ঠই শোষণ কৰে আৰু কিছু অংশ বিকিৰিত হৈ বায়ুমণ্ডললৈ ঘূৰি যায়। বায়ুমণ্ডলত থকা কিছুমান গেছে পৃথিৱীপৃষ্ঠৰ পৰা প্ৰতিফলিত হৈ যোৱা সূৰ্যৰ ৰশ্মি ধৰি ৰাখে। ইয়াৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বাঢ়ি যায়। যিবোৰ গেছে সূৰ্যৰ ৰশ্মি ধৰি ৰাখি বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি কৰে সেইসমূহ গেছ অৱশ্যে প্ৰাকৃতিকভাৱে বায়ুমণ্ডলত নাথাকে। এই জাতীয় গেছবোৰ বায়ুমণ্ডলত কৃত্ৰিমভাৱে সৃষ্টি হয়। বায়ুমণ্ডলত এই গেছসমূহ একেবাৰে নথকা হ’লে বায়ুমণ্ডলৰ উত্তাপ বহুখিনি কমি গ’লহেঁতেন। সূৰ্যৰ ৰশ্মি ধৰি ৰখা এই গেছসমূহক সেউজ গৃহ ৰশ্মি বোলা হয়। কাৰ্বন-ডাই-অক্সাইড, কাৰ্বন-মন’ক্সাইড, মিথেন, অ’জন, ক্লোৰোফ্লোৰো-কাৰ্বন আদি বায়ুমণ্ডলত থকা উল্লেখযোগ্য সেউজ গৃহ গেছ। এই গেছসমূহে বায়ুমণ্ডলক বাগিচাত থকা আয়নাৰ ঘৰৰ দৰে কৰি ৰাখে। সেউজ গৃহ গেছৰ দ্বাৰা পৃথিৱী পৃষ্ঠত উত্তাপ বৃদ্ধি হোৱা এই প্ৰক্ৰিয়াটোক সেউজ গৃহ প্ৰক্ৰিয়া বোলে।

অসমত পৰিবেশৰ সমস্যা

অসম প্ৰাকৃতিক সম্পদত চহকী। অসমৰ মুঠ মাটিকালিৰ প্ৰায় ৪০ শতাংশ অৰণ্য আৰু ইয়াৰ প্ৰায় ২২ শতাংশ সংৰক্ষিত বনাঞ্চল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত ভালেমান দুষ্প্ৰাপ্য বন্যপ্ৰাণী আছে। কিন্তু পৰিবেশ প্ৰদূষণৰ ফলত ৰাষ্ট্ৰীয় উদ্যানকে ধৰি বিভিন্ন অভয়াৰণ্যত থকা জীৱ-জন্তু, চৰাই-চিৰিকতি সঘনে ৰোগাক্ৰান্ত হোৱা দেখা গৈছে। আনহাতে অসমত বনাঞ্চল সংকোচন দ্ৰুতগতিত বাঢ়িছে। অৰণ্যত গছ-বিৰিখ কমি গৈছে। বনাঞ্চল সংকোচনৰ ফলত ভূমিক্ষয় বৃদ্ধি পাইছে। ফলত ব্ৰহ্মপুত্ৰৰ নাব্যতা কমি আহিছে। ব্ৰহ্মপুত্ৰখন পলস জমা হৈ ক্ৰমাৎ বাম হৈ অহাত বানপানী আৰু গৰাখহনীয়াই ভয়ংকৰ সমস্যাৰ সৃষ্টি কৰিছে। ইফালে অসমৰ তৈলক্ষেত্ৰসমূহৰ পৰা নিৰ্গত হোৱা তৈল-আৱৰ্জনাই জলাশয় আৰু কৃষি-মাটি বিপদজনকভাৱে প্ৰদূষিত কৰিছে। কাগজকলৰ পৰা বৰ্জ্য ৰাসায়নিক বস্তুবোৰে বায়ু আৰু পানী প্ৰদূষিত কৰিছে। অসমৰ চাহ বাগিচাসমূহত ব্যাপক হাৰত কীটনাশক ঔষধ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰে। বৰষুণৰ পানীত সেইবোৰ উটি আহি সাধাৰণতে জলাশয়ৰ পানী দূষিত কৰে। সম্প্ৰতি অসমৰ কেইবাটাও স্বেচ্ছাসেৱী সংগঠনে অসমত পৰিবেশ সজাগতা আৰু সংৰক্ষণৰ বাবে কাম কৰি আছে। সেইসমূহৰ ভিতৰত নেচাৰ্চ বেকন, অৰণ্যক, অসম বিজ্ঞান সমিতি আদিৰ নাম উল্লেখযোগ্য।

বায়ু প্ৰদূষণ

বায়ু পৰিবেশৰ এক অতি গুৰুত্বপূৰ্ণ উপাদান। বায়ুত বিভিন্ন ক্ষতিকাৰক পদাৰ্থ মিহলি হৈ থাকে। বায়ুমণ্ডলত মিহলি হৈ থকা বিভিন্ন ক্ষতিকাৰক পদাৰ্থকেই বায়ু প্ৰদূষণ বুলি কোৱা হয়। বায়ু প্ৰাকৃতিক উপায়েৰেও প্ৰদূষিত হ’ব পাৰে। যেনে-আগ্নেয়গিৰি উদগীৰণৰ ফলত ওলোৱা ধোঁৱা, ছালফাৰ যৌগ, বজ্ৰপাতৰ ফলত হোৱা বনজুই আদিয়েও বায়ুমণ্ডল প্ৰদূষিত কৰে। কিন্তু বৰ্তমান যুগত মানুহৰ কৃতকৰ্মৰ দ্বাৰাই বায়ুমণ্ডল বেছিকৈ প্ৰদূষিত হৈছে। বায়ু প্ৰদূষিত কৰা প্ৰধান প্ৰদূষকবোৰৰ ভিতৰত-

  • কাৰ্বন-ডাই-অক্সাইড
  • ধূলিকণা আৰু জীৱাণু
  • ছালফাৰ-ডাই-অক্সাইড
  • কাৰ্বন-মন’ক্সাইড
  • হাইড্ৰ’জেন ছালফাইড
  • নাইট্ৰ’জেন অক্সাইড আৰু
  • সীহ আদি উল্লেখযোগ্য

উক্ত প্ৰদূষকসমূহৰ উৎপত্তিস্থল হ’ল বিভিন্ন কল-কাৰখানা, যান-বাহন, উৰাজাহাজৰ ইঞ্জিনত ইন্ধনৰ দহন, কয়লা, পেট্ৰ’লিয়াম আদি জীৱাশ্ম প্ৰজ্বালকৰ দহন আদি।

পানী প্ৰদূষণ

যেতিয়া পানীত যোগ হোৱা বস্তু কিছুমানৰ প্ৰকৃতি আৰু পৰিমাণে পানীৰ স্বাভাৱিক গুণ এনেদৰে সলনি কৰে যে ইয়াৰ ব্যৱহাৰৰ যোগ্যতা হ্ৰাস পায়, জীৱিত প্ৰাণীৰ স্বাস্থ্যৰ ক্ষতি কৰে, স্বাভাৱিক স্বাদ, গোন্ধ আদি পৰিৱৰ্তিত হয়, তেতিয়া পানী প্ৰদূষিত হোৱা বুলি কোৱা হয়। পানী প্ৰদূষণ কৰা কাৰকসমূহ হ’ল-

  • নলা-নৰ্দমাৰ লেতেৰা পানী,
  • অজৈৱ পদাৰ্থ আৰু অন্যান্য ৰাসায়নিক,
  • ৰাসায়নিক সাৰ,
  • পলস,
  • উত্তাপ,
  • তেজস্ক্ৰিয় পদাৰ্থ,
  • কীটনাশক দ্ৰব্য আদি।

পেলনীয়া জাবৰ-জোঁথৰ, গেলা-পচা বস্তু, নলা-নৰ্দমাৰ আৱৰ্জনা, মানুহ তথা জীৱ-জন্তুৰ মল-মূত্ৰ আদিৰ দ্বাৰা পানী প্ৰদূষিত হয়। ইয়াৰ উপৰিও নলা-নৰ্দমাৰ বৰ্জ্য পানীত বহুতো বিষাক্ত পদাৰ্থ থাকে। ইবিলাকে পানী বিষাক্ত কৰে। খাল-বিল, নৈ-জান আদিত লেতেৰা কাপোৰ-কানি ধোৱাৰ ফলত পানী দূষিত হয়। আনহাতে পানীত জৈৱিক আৰু অজৈৱিক যৌগৰ পৰিমাণ বৃদ্ধি হ’লে পানী প্ৰদূষিত হয় আৰু প্ৰদূষিত পানীয়ে জলচৰ প্ৰাণীৰো ক্ষতি সাধন কৰে।

মাটি প্ৰদূষণ

মাটি এক প্ৰকাৰ জীৱন্ত সম্পদ। মাটিৰ লগত বহুতো জটিল জীৱাণু থাকে। মাটি অবিহনে কোনো প্ৰাণী বা উদ্ভিদ পৃথিৱীত জীৱন ধাৰণ কৰাটো অসম্ভৱ হ’লহেঁতেন। মাটিৰ গঠন হ’বলৈ প্ৰকৃতিক প্ৰায় পাঁচশৰ পৰা এক হাজাৰ বছৰ লাগে। কিন্তু এনে এবিধ সম্পদ বিভিন্ন কাৰণত দূষিত হোৱাত প্ৰকৃতিৰ বুকুত ভীষণ সমস্যাই দেখা দিছে। বিভিন্ন প্ৰাকৃতিক কাৰণ, ৰাসায়নিক প্ৰদূষক, কীটনাশক দ্ৰব্য, জৈৱ অনুঘটক, তেজস্ক্ৰিয় পদাৰ্থৰ প্ৰভাৱ আৰু বিভিন্ন আৱৰ্জনাৰ দ্বাৰা মাটিৰ স্বাভাৱিক গুণাগুণ নাইকিয়া হোৱাকে মাটি প্ৰদূষণ হোৱা বুলি কোৱা হয়। মাটি প্ৰদূষণ হোৱাৰ প্ৰধান কাৰণসমূহৰ ভিতৰত কেইবিধমান হ’ল-

  • প্ৰাকৃতিক শক্তিৰ ক্ৰিয়া
  • বন্ধ পানীৰ দ্বাৰা মাটি প্ৰদূষণ
  • কল-কাৰখানাৰ ৰাসায়নিক আৱৰ্জনা
  • নগৰ-চহৰৰ আৱৰ্জনা
  • কৃষিত ব্যৱহৃত ঔষধ, সাৰ
  • তেজষ্ক্ৰিয় পদাৰ্থ আৰু ধাতৱ প্ৰদূষকৰ প্ৰভাৱ।

শব্দ প্ৰদূষণ

আন ৰাসায়নিক প্ৰদূষকৰ দৰে শব্দও এক প্ৰকাৰ মাৰাত্মক প্ৰদূষক। বায়ুমণ্ডলত সৃষ্টি হোৱা অপ্ৰয়োজনীয় শব্দকে শব্দ প্ৰদূষণ বুলি কোৱা হয়। শব্দ প্ৰদূষণৰ প্ৰধান উৎসসমূহ হৈছে- দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা বৈদ্যুতিক আহিলা, কল-কাৰখানা, যান-বাহন আদিয়ে কৰা শব্দ। তদুপৰি মেঘৰ গাজনি, বিজুলী ঢেৰেকনি, জীৱ-জন্তুৰ চিঞৰ-বাখৰ, ৰেডিঅ’, টি.ভি. আদিৰ পৰাও শব্দ প্ৰদূষণ হয়। শব্দ-প্ৰদূষণে মানসিক অশান্তিৰ সৃষ্টি কৰে। শব্দ প্ৰাবল্য জুখিবলৈ ডেচিবল নামৰ এটি একক ব্যৱহাৰ কৰা হয়। পৰিবেশ প্ৰদূষণ নিৰ্মূলৰ কাৰণে উপযুক্ত প্ৰযুক্তি উদ্ভাৱনৰ প্ৰয়োজন। তাৰ বাবে নিৰন্তৰ গৱেষণা, জনসচেতনতা আৰু প্ৰযুক্তিগত তথা অৰ্থনৈতিক সাহাৰ্যৰ দৰকাৰ। লগে লগে প্ৰদূষণ নিয়ন্ত্ৰণৰ সা-সামগ্ৰীবোৰৰ কৰ হ্ৰাস, ৰেহাইৰ লেখীয়া বাস্তৱমুখী অৰ্থনৈতিক ব্যৱস্থাৰ দৰকাৰ হৈছে। তদুপৰি বিভিন্ন ঠাইত প্ৰতিষ্ঠা কৰা উদ্যোগসমূহত ব্যৱহৃত সামগ্ৰী-সম্ভাৰ বা সঁজুলিসমূহ নিৰাপদ বুলি প্ৰমাণিত কৰাৰ ব্যৱস্থা লোৱা উচিত। অনুমতি দিয়া উদ্যোগ প্ৰতিষ্ঠানসমূহক অনুকূল প্ৰযুক্তি গ্ৰহণৰ ওপৰত জোৰ দিব লাগে। পৰিবেশ নিয়ন্ত্ৰণৰ বাবে কৰিবলগীয়া আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থাটো হ’ল নাগৰিকসকলক অনুকূল প্ৰযুক্তি গ্ৰহণৰ ওপৰত জোৰ দিব লাগে। পৰিবেশ নিয়ন্ত্ৰণৰ বাবে কৰিবলগীয়া আটাইতকৈ ফলপ্ৰসূ ব্যৱস্থাটো হ’ল নাগৰিকসকলক প্ৰদূষণমুক্ত পৰিবেশ পোৱাৰ অধিকাৰৰ বিষয়ে সজাগ কৰা। যান-বাহনৰ প্ৰদূষণ ৰোধৰ বাবে ব্যক্তিগত যান-বাহনৰ সংখ্যা কমোৱা উচিত। যান-বাহনত সীহমুক্ত পেট্ৰ’লৰহে ব্যৱহাৰত উৎসাহিত কৰিব লাগে। মাটিৰ প্ৰদূষণ ৰোধৰ বাবে আমাক তিনিটা ব্যৱস্থাৰ প্ৰয়োজন। সেয়া হৈছে(কমোৱা),(পুন: ব্যৱহাৰ) আৰু (পুন: কামত লগোৱা)। ইয়াৰ সহায়ত মাটিৰ প্ৰধান প্ৰদূষক জাবৰ-জোঁথৰৰ পৰিমাণ কমি যাব। শব্দ প্ৰদূষণৰ পৰা হাত সাৰিবলৈ যান-বাহনত অপ্ৰিয় হৰ্ণ ব্যৱহাৰ বন্ধ কৰাৰ লগতে উদ্যোগসমূহ জনবসতি অঞ্চলৰ পৰা বেচ দূৰত পতাত গুৰুত্ব দিব লাগে।

পৰিবেশ সংৰক্ষণত ভাৰতৰ জনজাতি:

  • নিৰামিষভোজী বিষ্ণইসকল বন্যপ্ৰাণীৰ লগত সহাৱস্থান কৰাৰ বাবে বিখ্যাত। তেওঁলোকে গছ কাটি কাঠেৰে মৃতদেহ নজ্বলায়, কবৰহে দিয়ে।
  • ১৬০৪ চনত ৰামচাৰি গাঁৱৰ কৰ্‌মা আৰু গোৰা নামৰ দুগৰাকী মহিলাই খেজুৰ গছ ৰক্ষা কৰিবলৈ প্ৰাণ আহুতি দিছিল।
  • উত্তৰ প্ৰদেশৰ তেহৰী গাঢ়োৱাল জিলাত ১৯৭২ চনত জন্ম লাভ কৰা ‘চিপ্‌কো আন্দোলন’ গছ কটাৰ বিৰুদ্ধে এক প্ৰসিদ্ধ জাগৰণ। হিন্দীত চিপ্‌কো মানে আলিংগন কৰা। আদৱানী গাঁৱৰ জনজাতি মহিলাসকলে গছবিলাকক সাৱটি ধৰি সেইবোৰক কাঠ ব্যৱসায়ীৰ কুঠাৰ-কৰতৰ পৰা ৰক্ষা কৰিছিল।

গোলকীয় উত্তাপনৰ নিয়ন্ত্ৰণ ব্যৱস্থা:

গোলকীয় উত্তাপনত অৰিহণা যোগোৱা সেউজগৃহ গেছসমূহক নিয়ন্ত্ৰণ কৰিলেই গোলকীয় উত্তাপ হ্ৰাস বা দমন কৰিব পৰা যাব। ইয়াৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।

  • বৃক্ষৰোপণ কৰিব লাগিব।
  • জনসংখ্যাৰ বিসফোৰণ ৰোধ কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
  • শীতলীকৰণ যন্ত্ৰৰ আধুনিকীকৰণ কৰি CFCৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব।
  • জীৱাশ্ম ইন্ধন(Fossil Fuel)ৰ ব্যৱহাৰ হ্ৰাস কৰিব লাগিব বা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
  • অপৰম্পৰাগত শক্তিৰ ব্যৱহাৰৰ অধিক জনপ্ৰিয় কৰিবলৈ চৰকাৰী আৰু বেচৰকাৰী সংগঠনে জনসাধাৰণৰ মাজত জনসভা আৰু পুস্তিকা বিতৰণ কৰিব লাগিব।
  • প্ৰাকৃতিক পৰিঘটনাত উৎপন্ন হোৱা মিথেইনক আধুনিক প্ৰযুক্তি কৌশলৰ সহায়ত ধৰি ৰাখি ইন্ধন হিচাপে ব্যৱহাৰ কৰিব পৰা যন্ত্ৰ উদ্ভাৱন কৰিব লাগিব।
  • কল-কাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱাত CO2ৰ পৰিমাণ হ্ৰাসকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।
  • বায়ুমণ্ডলত CO2ৰ পৰিমাণ নিয়ন্ত্ৰণৰ বাবে শেলাইজাতীয় উদ্ভিদৰ বাসস্থানসমূহক সুৰক্ষা প্ৰদান কৰিব লাগিব।
  • কেৱল খাদ্যৰ বাবেই কৰা পশুধন পালন ব্যৱস্থা নিয়ন্ত্ৰণ কৰিব লাগিব।
  • দৈনন্দিন কাৰ্যত আমি যি শক্তিয়েই ব্যৱহাৰ কৰো তাক অধিক কাৰ্যকৰী হিচাপে ব্যৱহাৰ কৰিব লাগিব।

ভূকম্পন মণ্ডলসমূহ:

ভাৰতক ৪টা ভূকম্পন মণ্ডলত বিভাজন কৰা হৈছে। বৰ্তমানৰ এই মানচিত্ৰ অনুসৰি ৫নং মণ্ডলটোত ভূকম্পনৰ সৰ্বাধিক প্ৰাবল্যৰ আশংকা আছে। আনহাতে ২নং মণ্ডলত এই প্ৰাবল্য সৰ্বনিম্ন। ৫নং মণ্ডলত ৰিখটাৰ স্কেলত ৭ বা তাতকৈ অধিক প্ৰাবল্যৰ ভূঁইকঁপৰ উৎপত্তি হ’ব পাৰে। কাশ্মীৰ, পাঞ্জাৱ, পশ্চিম আৰু কেন্দ্ৰীয় হিমালয়, পূৰ্বোত্তৰ আৰু কচ্চৰ ৰাণ আৰু দিল্লী ইয়াৰ অন্তৰ্গত। ৪নং মণ্ডলত ৰিখটাৰ স্কেলত ৬ বা তাতকৈ অধিক প্ৰাবল্যৰ ভূঁইকঁপ অনুভূত হ’ব পাৰে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী, জম্মু আৰু বিহাৰ এই মণ্ডলত অৱস্থিত। মহাৰাষ্ট্ৰৰ পাটান অঞ্চলটো ৪নং মণ্ডলতে আছে। আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, কাশ্মীৰৰ কিছু অংশ, পশ্চিম হিমালয় ৩নং মণ্ডলত পৰে। ৰিখটাৰ স্কেলত ৫ বা তাতকৈ অধিক প্ৰাবল্যৰ ভুঁইকঁপ ইয়াত অনুভূত হ’ব পাৰে। ইয়াৰ বাদে দেশৰ বাকী অংশ ২নং মণ্ডলত পৰে। ইয়াত ৫ বা তাতকৈ কম প্ৰাবল্যৰ ভূঁইকঁপৰ আশংকা থাকে। উল্লেখ্য, ভূকম্পন মণ্ডল ৫টা থাকে। এই মণ্ডলবোৰৰ সবিশেষ এনেধৰণৰ:

৫নং মণ্ডল:

যিবোৰ ঠাইত মাৰ্কেলি স্কেলত IX বা তাতকৈ অধিক প্ৰাবল্যৰ ভূঁইকঁপৰ আশংকা থাকে সেইবোৰ ঠাই এই মণ্ডলৰ অন্তৰ্গত। এই ঠাইবোৰ অতিমাত্ৰা ভূঁইকঁপ প্ৰৱণ।

৪নং মণ্ডল:

এনে ঠাইত মাৰ্কেলি স্কেলত VIII প্ৰাবল্যৰ ভূঁইকঁপৰ আশংকা থাকে। আশংকাৰ দিশৰ পৰা ইয়াৰ স্থান ৫নং মণ্ডলৰ তলত।

৩নং মণ্ডল:

এনে ঠাইত মাৰ্কেলি স্কেলত VII প্ৰাবল্যৰ ভূঁইকঁপৰ প্ৰাবল্যৰ আশংকা থাকে। ইয়াত মধ্যমীয়া ক্ষতিৰ আশংকা থাকে।

২নং মণ্ডল:

এনে ঠাইত ভূঁইকঁপৰ প্ৰাবল্যৰ আশংকা মাৰ্কেলি স্কেলত VI। ই হৈছে কম ক্ষতিৰ আশংকা থকা মণ্ডল।

১নং মণ্ডল:

এনে ঠাইত সৰ্বাধিক V বা তাতকৈ কম প্ৰাবল্যৰ ভূঁইকঁপৰ আশংকা থাকে। উল্লেখ্য, ভাৰতৰ কোনো স্থানকে ১নং মণ্ডলত ৰখা হোৱা নাই।

পৃথিৱীৰ প্লেটসমূহ:

পৃথিৱী পৃষ্ঠত গঠন হোৱা প্লেটবোৰৰ গতি ভূঁইকঁপৰ অন্যতম কাৰণ। পৃথিৱী পৃষ্ঠত প্ৰধান প্লেট ৮ খন। সেইবোৰ হৈছে-

  • আফ্ৰিকান প্লেট,
  • এণ্টৰ্কটিক প্লেট,
  • ভাৰতীয় প্লেট,
  • অষ্ট্ৰেলিয়ান প্লেট,
  • ইউৰেছিয়ান প্লেট,
  • উত্তৰ আমেৰিকান প্লেট,
  • দক্ষিণ আমেৰিকান প্লেট আৰু
  • প্ৰশান্ত মহাসাগৰীয় প্লেট।

ইয়াৰে ভাৰতীয় প্লেট আৰু অষ্ট্ৰেলিয়ান প্লেটক একেলগে কেতিয়াবা ইণ্ডো-অষ্ট্ৰেলিয়ান প্লেট বুলিও কোৱা হয়। তদুপৰি সৰু প্লেট বহুতো আছে। তাৰ ভিতৰত ৭খন প্ৰধান।

ভূঁইকঁপৰ জোখ:

সাধাৰণতে ভূঁইকঁপৰ প্ৰাবল্য ৰিখটাৰ স্কেলেৰে জোখা হয়। চাৰ্লছ এফ ৰিখটাৰে ১৯৩৪ চনত এই স্কেল উদ্ভাৱন কৰিছিল। ৰিখটাৰ প্ৰাবল্য গণনা কৰা হয় ভূঁইকঁপৰ দ্বাৰা উদ্ভূত বৃহত্তম ভূকম্প ঢৌৰ বিস্তাৰৰ পৰা। ভূঁইকঁপৰ শক্তি নিৰ্ণয় কৰাৰ আন এটা উপায় হৈছে মাৰ্কেলি স্কেলৰ ব্যৱহাৰ। ইটালীৰ বিজ্ঞানী গুইছেপ মাৰ্কেলিয়ে ১৯০২ চনত উদ্ভাৱন কৰা এই স্কেলত ভূঁইকঁপ অনুভৱ কৰা ব্যক্তিৰ নিৰীক্ষণ ব্যৱহাৰ কৰা হয়। মাৰ্কেলি স্কেলক প্ৰথমতে ইটালীৰ বিজ্ঞানী এড’লছ’ কানকানি আৰু পিছত জাৰ্মানীৰ ভূ-পদাৰ্থবিদ আগষ্ট হেনৰিখ ছিবাৰ্গে উন্নীত কৰে। সেইবাবে ইয়াক এম চি এছ স্কেল বুলিও কোৱা হয়। কোনো এটা স্থানত ভূঁইকঁপৰ প্ৰভাৱ এই স্কেলত থকা ৰোমান সংখ্যাৰ ১২টা দাগেৰে নিৰ্ণয় কৰা হয়।

ৰিখটাৰ স্কেলৰ প্ৰাবল্য

মাৰ্কেলি মাত্ৰা

বৈশিষ্ট্য

2

I

II

সাধাৰণতে অনুভৱ নহয়, সঁজুলিৰ দ্বাৰা ধৰা পৰে।

খুব কমসংখ্যকেহে অনুভৱ কৰে।

3

III

IV

প্ৰায়সকলোৱেই অনুভৱ কৰে, পাৰ হৈ যোৱা বাহনৰ বাবে কম্পন হোৱা বুলি অনুভৱ হয়।

ঘৰৰ ভিতৰতে অনুভৱ হয়, সৰু সুৰা সঁজুলিৰ কঁপনি উঠে।

4

V

প্ৰায় প্ৰতিজনে অনুভৱ কৰে। জনসাধাৰণ সজাগ হয়।

5

6

VI

VII

VIII

সকলোৱে অনুভৱ কৰে, বহুতেই ঘৰৰ বাহিৰ ওলায়। সা-সামগ্ৰী স্থানান্তৰ কৰে।

সকলোৱে ঘৰৰ বাহিৰ ওলায়। দুৰ্বল ঘৰৰ ক্ষতি হয়।সকলোতে সামান্য ক্ষতি হ’ব পাৰে।

মধ্যমীয়াৰ পৰা বৃহৎ ক্ষতি হ’ব পাৰে। চিমনী, দেৱাল বাগৰি পৰে।

7

IX

X

সকলো ঘৰৰ ক্ষতি হয়। মাটিত ফাট মেলে, নিৰ্মাণৰ ভিত্তি স্থানান্তৰ হয়।

বৃহৎ ক্ষতি। ভূ-পৃষ্ঠ বেয়াকৈ ফাটে, ভূমিস্খলন হয়।

8

XI

XII

প্ৰায় সকলো গাঁথনি বাগৰি পৰে। দলং ভাগে। মাটিত বহল ফাট মেলে।

সম্পূৰ্ণ ধ্বংস, সা-সামগ্ৰী বতাহত ছিটিকি পৰে।

সতৰ্কতা আৰু সাৱধানতা

ভূমিকম্পই আগজাননী নিদিয়ে। গতিকে সুৰক্ষা সংকেতবোৰ মানি চলিব। ভূমিকম্পই অহালৈ অপেক্ষা নকৰি এতিয়াৰ পৰাই গোটাই সহজে পোৱা নিৰ্দ্দিষ্ট স্থানত গোটাই ৰাখক।

  • বায়ু নিৰুদ্ধ বটলত যথেষ্ট খোৱাপানী ৰাখক(মাজে মাজে বদলি কৰি থাকিব)।
  • কিছুদিনলৈ নষ্ট নোহোৱা খোৱা বস্তু যেনে, চিৰা, মুৰি, গুৰ, বিস্কুট আদি গোটাই ৰাখক।
  • প্ৰাথমিক চিকিৎসাৰ সামগ্ৰী, টৰ্চ লাইট, সৰু ৰেডিঅ’, এটা হুইচেল লগত ৰাখক।
  • পৰিয়ালৰ সকলোৱে ইলেক্ট্ৰিকেল মেইন ছুইচ, গেছ আদি বন্ধ কৰাটো জানি লওক।
  • ঘৰৰ ভিতৰত এনে ঠাই ঠিক কৰি ৰাখক য’ত ভূমিকম্পৰ সময়ত আশ্ৰয় ল’ব পাৰে।

ভূমিকম্পৰ সময়ত:

  • নিৰ্দ্দিষ্ট স্থানত আশ্ৰয় লওক। সম্ভৱ হ’লে কোনো ডাঙৰ টেবুল, বিছনাৰ তলত সোমাওক যাতে দৰকাৰ হ’লে তাৰে সৈতে আগুৱাব পাৰে।
  • যদি এনে বস্তু নাপায় তেন্তে তৎক্ষণাৎ মজিয়াত আঁঠু কাঢ়ি বহক বা শুই দিয়ক। দুৱাৰ, খিৰিকীৰ পৰা আঁতৰত মজবুত কংক্ৰিটৰ ধামৰ তলত আশ্ৰয় লওক।
  • যদি শুই আছে বিছনাতে গাৰু বা কম্বলেৰে হেঁচা মাৰি ধৰক।
  • অসুৰক্ষিতভাৱে ৰখা বস্তু যেনে আলমাৰি, কিতাপৰ ৰেক, আইনা আদিৰ পৰা দূৰত থাকক।
  • কেতিয়াও দৌৰি বাহিৰলৈ ওলাবলৈ চেষ্টা নকৰিব। বহুমহলীয়া অট্টালিকাত থাকিলে লিফট ব্যৱহাৰ নকৰিব।
  • যদি কেঁচাঘৰত আছে বাহিৰৰ মুকলি ঠাইলৈ যাওক য’ত ডাঙৰ গছ-গছনি, ইলেকক্ট্ৰিক লাইন, টেলিফোন লাইন আদি নাই।
  • যদি বাহিৰত আছে, মুকলি ঠাইলৈ যাওক।
  • যদি গাড়ী চলাই আছে, ৰৈ দিব। গাড়ীৰ ভিতৰতে থাকিব।
  • উৰণীয়া সেতু, সুৰংগৰ পৰা দূৰত থাকক।
  • চৰকাৰৰ ফালৰ পৰা দিয়া নিৰ্দেশাৱলী মানি চলক।

ভূমিকম্পৰ পিছত

  • শুদা ভৰিৰে নাযাব। ভূমিকম্পৰ পিছত সৰু সুৰা কম্পন হৈ থাকিব পাৰে, গতিকে সাৱধান হ’ব।
  • ধ্বংস হোৱা ঘৰত সোমাবলৈ চেষ্টা নকৰিব। যদি সম্ভৱ হয় ওচৰ-চুবুৰীয়াৰ কেঁচুৱা আদিলৈ সহায়ৰ হাত আগবঢ়াব।
  • ৰেডিঅ’ৰ বাতৰি শুনিব আৰু সেইদৰে কাম কৰিব।
  • অত্যাৱশ্যক হ’লেহে টেলিফোন ব্যৱহাৰ কৰিব।

বিশ্বৰ অৰণ্য সম্পদৰ অঞ্চল

মহাদেশ

বনাঞ্চলৰ

বিশ্বৰ শতকৰা পৰিমাণ হিচাপত

ৰাছিয়া

৭৯২

২৭.৬%

লেটিন আমেৰিকা

৬৯২

২৪.২%

এছিয়া

৪৬৯

১৬.৪%

উত্তৰ আমেৰিকা

৪৬৯

১৬.৪%

আফ্ৰিকা

২১৮

৭.৬%

ইউৰোপ

১৫৩

৫.৩%

অষ্ট্ৰেলিয়া

৭২

২.৫%

অৰণ্যভূমিৰ অনুপাত

ৰাজ্য

মুঠ বনভূমি(,০০০হেক্টৰ)

মুঠ জনসংখ্যা(,০০০)

জনমূৰি বনভূমি(হেক্টৰ)

অৰুণাচল প্ৰদেশ

৫১৫৪

১০৪১

৪.৯৫

অসম

১৯৩০

২৫,৭০৮

০.০৮

মণিপুৰ

৬০২

২২৬৭

০.২৭

মেঘালয়

৯৫০

২১৮৯

১.৮৯

মিজোৰাম

১৫৯৮

৮৪৬

১.৮৯

নাগালেণ্ড

৮৬৩

১৮১৭

০.৪৭

ত্ৰিপুৰা

৬০৬

৩০৯৫

২.২০

উত্তৰ পূৰ্বাঞ্চল

১১,৭০৩

৩৭,৮৭৭

০.৩১

ভাৰত

৬৮,৯৭৩

৯,৮৭,২৫৮

০.০৭

ভাৰতৰ খনিজ সম্পদৰ অৱস্থান

খনিজ সম্পদ

শক্তি উৎপাদনকাৰী খনিজ সম্পদ

অৱস্থান

 

কয়লা

পশ্চিমবংগ, বিহাৰ, উৰিষ্যা, অসম, মধ্যপ্ৰদেশ।

প্ৰাকৃতিক গেছ

অসম, গুজৰাট।

পেট্ৰ’লিয়াম

অসম, গুজৰাট, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ।

থৰিয়াম

তামিলনাডু, অন্ধ্ৰ প্ৰদেশ, কেৰেলা।

ইউৰেনিয়াম

বিহাৰ, কেৰেলা, ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ, মেঘালয়।

জিপচাম

ৰাজস্থান, অন্ধ্ৰপ্ৰদেশ, গুজৰাট।

বক্সাইট

বিহাৰ, মধ্য প্ৰদেশ, গুজৰাট, কৰ্ণাটক, মহাৰাষ্ট্ৰ।

চূণশিল

মধ্য প্ৰদেশ, তামিলনাডু, অসম।

লো

বিহাৰ, উৰিষ্যা, মধ্য প্ৰদেশ, কৰ্ণাটক, গোৱা।

মেংগানিজ

মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, উৰিষ্যা, অন্ধ্ৰ প্ৰদেশ।

সীহ

ৰাজস্থান, অন্ধ্ৰ প্ৰদেশ।

এলুমিনিয়াম

বিহাৰ, পশ্চিমবংগ, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, তামিলনাডু।

তাম

বিহাৰ, ৰাজস্থান, কৰ্ণাটক, মধ্য প্ৰদেশ, পশ্চিমবংগ, অন্ধ্ৰ প্ৰদেশ, উত্তৰাঞ্চল।

সোণ

কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, উৰিষ্যা।

ৰূপ

কৰ্ণাটক, বিহাৰ, তামিলনাডু, ৰাজস্থান।

হীৰা

মধ্য প্ৰদেশ।

বিশ্বৰ উল্লেখযোগ্য তেজস্ক্ৰিয় দুৰ্ঘটনাসমূহ

১২ ডিচেম্বৰ, ১৯৫২

কানাডাৰ চক্‌ৰিভাৰ পৰীক্ষামূলক ৰিয়েক্টাৰটোৰ দুৰ্ঘটনা।

নবেম্বৰ, ১৯৯৫

আমেৰিকাৰ পৰীক্ষামূলক বেগী ব্ৰিডাৰ ৰিয়েক্টাৰত হোৱা দুৰ্ঘটনা।

৭ আগষ্ট, ১৯৫৭

ইংলেণ্ডৰ উইননস্কেলৰ ৰিয়েক্টাৰৰ দুৰ্ঘটনা।

ডিচেম্বৰ, ১৯৫৭

ৰাছিয়াৰ কিছটিমত নিউক্লীয় বিসফোৰণ।

জানুৱাৰী, ১৯৬১

আমেৰিকাৰ ৰিয়েক্টৰ গৰ্ভৰ দুৰ্ঘটনা।

৫ অক্টোবৰ, ১৯৬৬

এন্‌ৰিক ফাৰৰ্মি ৰিয়েক্টৰ দুৰ্ঘটনা।

১৭ অক্টোবৰ, ১৯৬৯

ছেণ্ট ল’ৰাৰ ৰিয়েক্টৰ দুৰ্ঘটনা।

১৯৭৪

ছেৰ ছেংকোট ব্ৰিডাৰ ৰিয়েক্টৰ দুৰ্ঘটনা।

২২ মাৰ্চ, ১৯৭৫

লা হেগ পূৰ্ণ সংসাধন ৰিয়েক্টৰ দুৰ্ঘটনা।

১৯৮৩

আৰ্জেণ্টিনাৰ আৰ.এ.টু. ৰিয়েক্টৰৰ দুৰ্ঘটনা।

১৯৮৬

আমেৰিকা কেৰ্‌-মেগজি প্ৰকল্পৰ দুৰ্ঘটনা।

২৬ এপ্ৰিল, ১৯৮৬

ছেনোবিল দুৰ্ঘটনা।

পৰিবেশৰ কথা

  • গছক ‘পৃথিৱীৰ হাওঁফাওঁ’ বুলি কোৱা হয়।
  • ভাৰতবৰ্ষত প্ৰায় ১৫৫০ টা বৃহৎ নদী বান্ধ আছে।
  • সুন্দৰলাল বহুগুণাৰ নেতৃত্বত ‘চিপ্‌কো আন্দোলন’ গঢ়ি উঠিছিল।
  • ১৯৮৯ চনত নৰ্মদা নদীত নিৰ্মিয়মান দুটা বান্ধৰ বিৰোধিতা কৰি ‘নৰ্মদা বচাও’ আন্দোলনৰ সূচনা হৈছিল।
  • পৃথিৱীৰ বাৰি মণ্ডলত মুঠ ১.৪ বিলিয়ন কিউবিক কিলোমিটাৰ পানী আছে।
  • বাৰিমণ্ডলৰ মুঠ পানীৰ ৩ শতাংশ নিৰ্মল পানী।
  • জৱাহৰলাল নেহৰুৱে নদীৰ বান্ধ আৰু জলবিদ্যুৎ প্ৰকল্পবোৰক ‘আধুনিক ভাৰতৰ মঠ’ আখ্যা দিছিল।
  • অষ্ট্ৰেলিয়াত পৃথিৱীৰ ভিতৰত সৰ্বাধিক খনিজ পদাৰ্থ আছে।
  • কয়লা ব্যৱহাৰত চীন দেশে বিশ্বত প্ৰথম স্থান অধিকাৰ কৰি আছে।
  • প্ৰাকৃতিক গেছ ব্যৱহাৰৰ ক্ষেত্ৰত ছোভিয়েট ৰাছিয়াই বিশ্বত প্ৰথম স্থান অধিকাৰ কৰি আছে।
  • ১-২.৫ ইঞ্চি মাটি গঠন হ’বলৈ প্ৰায় ২০০-১০০০ বছৰৰ দৰকাৰ হয়।
  • পৃথিৱীৰ ১/৫ অংশ অৰ্থাৎ প্ৰায় ১৩,৩৯৩ নিযুত হেক্টৰ অংশ মাটি।
  • LPG চিলিণ্ডাৰৰ ভিতৰত ইথাইল মাৰকাপটান মিহলি কৰা হয়।

জৈৱ ভৌগোলিক অঞ্চলসমূহ

১) লাডাখ পৰ্বত

১) তিব্বত মালভূমি

১) উত্তৰ পশ্চিম হিমালয়

২) পশ্চিম হিমালয়

২) মধ্য হিমালয়

২) পূব হিমালয়

৩) থৰ

৩) কচ্চ

৩) পঞ্জাৱ সমভূমি

৪) গুজৰাট ৰাজৱাৰ

৪) মালাৱাৰ উপকূল

৪) পশ্চিমঘাট পৰ্বত

৫) মধ্য পাহাৰীয়া অঞ্চল

৫) ছোটনাগপুৰ

৫) পূব পাহাৰীয়া অঞ্চল

৬) মধ্য উপদ্বীপ

৬) দক্ষিণৰ উপদ্বীপ

৬) গংগাৰ উচ্চ সমভূমি

৭) গংগাৰ নিম্ন সমভূমি

৭) পশ্চিম উপকূল

৭) পূব উপকূল

৮) ব্ৰহ্মপুত্ৰ উপত্যকা

৮) উত্তৰ পূব পাৰ্বত্য অঞ্চল

৮) আন্দামান

৯) নিকোবৰ

৯) লাক্ষাদ্বীপ

 

ভাৰতৰ জৈৱ ভৌগোলিক অঞ্চল

ক্ৰমিক নং

জৈৱ ভৌগোলিক অৱস্থান

জৈৱিক অঞ্চল

হিমালয়ৰ পাদদেশ

লাডাখ পৰ্বত তিব্বত মালভূমি

হিমালয়

উত্তৰ পশ্চিম হিমালয়, পশ্চিম হিমালয়, মধ্য হিমালয়, পূব হিমালয়।

মৰুভূমি

কচ্চ, থৰ

অৰ্দ্ধ শুকান অঞ্চল

পঞ্জাৱ, গুজৰাট ৰাজৱাৰ

পশ্চিমঘাট

মালৱাৰ উপকূল, পশ্চিমঘাট পৰ্বত

দক্ষিণ উপকূলীয় অঞ্চল

মধ্য পাহাৰীয়া অঞ্চল, ছোটনাগপুৰ পূবৰ পাহাৰীয়া অঞ্চল, মধ্য উপদ্বীপ অঞ্চল, দক্ষিণৰ উপদ্বীপ

গংগাৰ সমভূমি

উচ্চ সমভূমি, নিম্ন সমভূমি

উপকূল

পূব উপকূল, পশ্চিম উপকূল

উত্তৰ-পূব ভাৰত

ব্ৰহ্মপুত্ৰ উপত্যকা, উত্তৰ-পূৱ পাৰ্বত্য অঞ্চল

১০

দ্বীপপুঞ্জ

আন্দামান, নিকোবৰ, লাক্ষাদ্বীপ

বিশ্বৰ জীৱিত প্ৰজাতিৰ তালিকা

টেক্সনমিক গ্ৰুপ

সংখ্যা

বেক্টেৰিয়া আৰু চায়ান’বেক্টেৰিয়া

৫,০০০

প্ৰট’জৱা

৩১,০০০

শেলাই

২৭,০০০

ভেঁকুৰ

৪৫,০০০

উচ্চস্তৰৰ উদ্ভিদ

২,৫০,০০০

পৰিফেৰা

৫,০০০

জেলিফিছ, কোৰেল ইত্যাদি

১০,০০০

চেপেটা কৃমি, ঘূৰণীয়া কৃমি, কেঁচু

৩৬,০০০

শামুক জাতীয়

৭০,০০০

পতংগ

৭,৫০,০০০

মাইটচ্‌, টিক্‌চ

১,২০,০০০

মাছ আৰু ছাৰ্ক

২২,০০০

উভচৰ

৪,০০০

সৰীসৃপ

৫,০০০

পক্ষী

৯,০০০

স্তন্যপায়ী

৪,০০০

মুঠ

১,৪,০০,০০০

শব্দ প্ৰদূষণৰ প্ৰাবল্য

বিভিন্ন স্থান/উৎস

শব্দৰ মাত্ৰা

ঔদ্যোগিক ক্ষেত্ৰ

৭৫ ডেচিবেল

বাণিজ্যিক অঞ্চল

৬৫ ডেচিবেল

আবাসিক অঞ্চল

৫০ ডেচিবেল

স্পৰ্শকাতৰ অঞ্চল

৫০ ডেচিবেল

স্কুল-কলেজ, হস্পিতেল আদিত

৫০ ডেচিবেল

ৰকেট ইঞ্জিন

১৬০-১৮০ ডেচিবেল

উৰাজাহাজৰ উৰণ অৱস্থা

১৪০-১৫০ ডেচিবেল

নিৰ্মাণ কাৰ্য, ছপাশাল

১০০ ডেচিবেল

মটৰ চাইকেল

৯০ ডেচিবেল

সাধাৰণ কথোপকথন

৭০ ডেচিবেল

বাটৰুৱাৰ কথোপকথন

৬০ ডেচিবেল

বাসস্থানৰ কোঠা

৫০ ডেচিবেল

পুথিভঁৰাল

৩০ ডেচিবেল

ভাৰতৰ প্ৰদূষিত অঞ্চলৰ তালিকা

ক্ৰমিক নং

অঞ্চলৰ নাম

প্ৰদেশ

১.

ভদ্ৰাৱতী

কৰ্ণাটক

২.

চেম্বুৰ

মহাৰাষ্ট্ৰ

৩.

ডিগবৈ

অসম

৪.

ধানবাদ

বিহাৰ

৫.

দুৰ্গাপুৰ

পশ্চিমবংগ

৬.

গোবিন্দগাঢ়

পঞ্জাৱ

৭.

বৃহত্তৰ কোচিন

কেৰালা

৮.

হাওৰা

পশ্চিমবংগ

৯.

যোধপুৰ

ৰাজস্থান

১০.

কালা অম্ব

হিমাচল প্ৰদেশ

১১.

ক’ৰ্বা

মধ্য প্ৰদেশ

১২.

পালি

ৰাজস্থান

১৩.

পাৰৱানণু

হিমাচল প্ৰদেশ

১৪.

চিংগ্ৰাউলি

উত্তৰ প্ৰদেশ

১৫.

টলচৰ

উৰিষ্যা

১৬.

ভাপি

গুজৰাট

১৭.

বিশাখাপট্‌নম

অন্ধ্ৰ প্ৰদেশ

১৮.

তাৰাপুৰ

মহাৰাষ্ট্ৰ

১৯.

অনক্লেশ্বৰ

গুজৰাট

২০.

নাগদা ৰট্‌লম

মধ্য প্ৰদেশ

ভাৰতৰ ৰামচাৰ ক্ষেত্ৰ

আৰ্দ্ৰভূমিৰ নাম

ঘোষণাৰ তাৰিখ

ৰাজ্য

অস্থমুদি

১৯/৮/০২

কেৰালা

ভিটাৰ কনিকা মেন গ্ৰুভচ

১৯/৮/০২

উৰিষ্যা

ভোজ

১৯/৮/০২

মধ্য প্ৰদেশ

চান্দাৰতল

০৮/১১/০৫

হিমাচল প্ৰদেশ

চিল্কা হ্ৰদ

০১/১০/৮১

উৰিষ্যা

দীপৰ বিল

১৯/৮/০২

অসম

পূব কলিকতা

১৯/৮/০২

পশ্চিম বংগ

হকিৰা হ্ৰদ

২৩/০/০৯

পাঞ্জাব

হকিৰা

৮/১১/০৫

জম্মু আৰু কাশ্মীৰ

কাঞ্জালি

২২/১/০২

পাঞ্জাব

কিয়লাৰ্ডো ৰাষ্ট্ৰীয় উদ্যান

০১/১০/৮১

ৰাজস্থান

কালৰো হ্ৰদ

১৯/৮/০২

অন্ধ্ৰ প্ৰদেশ

লগটক হ্ৰদ

২৩/০৩/৯০

মণিপুৰ

পইণ্ট কেলিমাৰ

১৯/৮/০২

তামিলনাডু

পঙদাম হ্ৰদ

০৮/৮/০২

হিমাচল প্ৰদেশ

ৰেণুকা

০৮/১১/০৫

হিমাচল প্ৰদেশ

ৰাপাৰ

২২/০১/০১

পাঞ্জাব

ৰুদ্ৰসাগৰ হ্ৰদ

০৮/১১/০৫

ত্ৰিপুৰা

চম্ভাৰ হ্ৰদ

২৩/০৩/৯০

ৰাজস্থান

চান্থাম হ্ৰদ

১৯/৮/০২

কেৰালা

চুৰিনচাৰ মানচাৰ হ্ৰদ

০৮/১১/০৫

জম্মু আৰু কাশ্মীৰ

চম’ৰিৰি

১৯/৮/০২

জম্মু আৰু কাশ্মীৰ

ভাম্বানথ হ্ৰদ

২৩/০৩/৯০

উত্তৰ প্ৰদেশ

আপাৰ গংগা ৰিভাৰ

০৮/১১/০৫

উত্তৰ প্ৰদেশ

পৰিবেশ সম্বন্ধীয় গুৰুত্বপূৰ্ণ তাৰিখ

২৮ ফেব্ৰুৱাৰী

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস

২১ মাৰ্চ

বিশ্ব বন দিৱস

৫ এপ্ৰিল

ৰাষ্ট্ৰীয় সমুদ্ৰ দিৱস

৭ এপ্ৰিল

বিশ্ব স্বাস্থ্য দিৱস

১৫ এপ্ৰিল

হিমাচল দিৱস

১৮ এপ্ৰিল

হিমাচল দিৱস

২২ এপ্ৰিল

বসুন্ধৰা দিৱস

৩১ মে’

মাদক দ্ৰব্য নিবাৰণী দিৱস

৫ জুন

বিশ্ব পৰিবেশ দিৱস

১১ জুলাই

বিশ্ব জনসংখ্যা দিৱস

১৬ ছেপ্তেম্বৰ

বিশ্ব অ’জ’ন দিৱস

২৭ ছেপ্তেম্বৰ

বিশ্ব পৰ্যটন দিৱস

১-৭ অক্টোবৰ

বিশ্ব বন্যপ্ৰাণী সপ্তাহ

৫ অক্টোবৰ

বিশ্ব আবাস দিৱস

১৬ অক্টোবৰ

বিশ্ব খাদ্য দিৱস

১ নৱেম্বৰ

বিশ্ব পৰিবেশ তন্ত্ৰ দিৱস

১ ডিচেম্বৰ

বিশ্ব এইড্‌ছ দিৱস

৩ ডিচেম্বৰ

বিশ্ব সংৰক্ষণ দিৱস

জল পদাংক

পৃথিৱী জুৰি সৃষ্টি হোৱা পানীৰ সংকটৰ পৰিপ্ৰেক্ষিতত পানীৰ বহনক্ষম ব্যৱহাৰ আৰু পানী পৰিচালনাৰ কাৰণে ‘অদৃশ্য পানী’ৰ ধাৰণাৰ লগতে ‘জল-পদাংক’ৰে সূচনা হৈছে। কোনো এবিধ দ্ৰব্য উৎপাদনৰ কাৰণে প্ৰয়োজন হোৱা পানী ভাগক অদৃশ্য পানী বোলা হয়। অদৃশ্য পানীৰ ধাৰণাটো প্ৰথমতে ১৯৯০ চনত লণ্ডন ইউনিভাৰ্চিটিৰ জন এন্থনী এলানে আগবঢ়াইছিল। আনহাতে ‘জল-পদাংক’ হৈছে এখন দেশ, ৰাজ্য, উদ্যোগ, দ্ৰব্য, জাতি বা ব্যক্তিৰ ব্যয় আধাৰিত পানীৰ মূল্যায়ন। আন কথাত দৃশ্যমান বা অদৃশ্য মুঠ কিমান পানী আমি এটা নিৰ্দ্দিষ্ট সময়ত খৰচ কৰো, তাৰ এটা হিচাপেই হৈছে জল-পদাংক। ব্যক্তিগত স্তৰত জল-পদাংক গণনা কৰিবৰ বাবে ব্যক্তিজনে ব্যৱহৃত সকলো সামগ্ৰীৰ অদৃশ্য পানীৰ পৰিমাণ হিচাপ কৰি, দৃশ্যমান নীলা পানীৰ ব্যয়ৰ পৰিমাণৰ লগত যোগ কৰা হয়। আনহাতে এটা জনগোষ্ঠীৰ জল পদাংক হৈছে সেই গোষ্ঠীটোৰ প্ৰতিজনৰ জল-পদাংকৰ যোগফল। সেইদৰে পৰিয়াল এটাৰ সদস্যসকলৰ জল-পদাংকৰ যোগফলেই হ’ল এটা পৰিয়ালৰ জল-পদাংক। ব্যক্তিগত পৰ্যায়ত জল-পদাংকৰ এককটো হৈছে m3/cap/year। সেইদৰে ৰাষ্ট্ৰৰ জল-পদাংকৰ একক হৈছে Gm3/yr. বিভিন্ন দেশৰ জল-পদাংকও বিভিন্ন। এখন দেশৰ জনসংখ্যা যদি বহুত বেছি হয়, সেইবোৰৰ জনমূৰি জল-পদাংক কম হ’লেও ৰাষ্ট্ৰীয় জল-পদাংক বেছি হয়। বিশ্বৰ জল-পদাংক 7,450 Gm3/yr. আৰু জনমূৰি জল-পদাংক 1240/m3/cap/yr. উল্লেখযোগ্য যে জল-পদাংকৰ ধাৰণা একেবাৰে নতুন। ভাৰতবৰ্ষত জল-পদাংক অধ্যয়ন আৰম্ভণি স্তৰতে আছে। জল-পদাংক নিৰ্ভৰ কৰে জীৱন-যাপন প্ৰণালী, খাদ্যৰ প্ৰকাৰ আৰু প্ৰস্তুতকৰণ পদ্ধতিৰ ওপৰত।

পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মৌলিক একক। এ.জি. টেন্সলে (A.G. Tansley)-ই পৰিৱেশ তন্ত্ৰ বা ‘ইক’ছিষ্টেম’ (Ecosystem) শব্দটো প্রৱর্তন কৰিছিল। বাস্তৱ্যবিদ ওডামৰ (Odum, 1971) মতে “পৰিৱেশ তন্ত্ৰ হ’ল এটা নির্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত আন্তঃক্ৰিয়াশীল সকলো প্রকাৰৰ জীৱক সাঙুৰি লোৱা (অর্থাৎ জৈৱ সম্প্রদায়) এটা সমষ্টি য’ত শক্তিৰ প্রৱাহে স্পষ্টভাবে ইয়াৰ খাদ্যস্তৰৰ গঠন, জৈৱবৈচিত্ৰতা আৰু পদার্থৰ চক্ৰীভৱন (অর্থাৎ জীৱিত আৰু নির্জীৱ উপাংশৰ মাজত হোৱা পদার্থৰ বিনিময়) পৰিছালনা কৰে। আকৌ বাস্তৱ্যবিদ ছাউথউইকৰ (Southwick, 1972) মতে ইক’ছিষ্টেম হ’ল এটা স্থানিক বা সাংগঠনিক একক যিয়ে জীৱ আৰু নির্জীৱ উপাংশৰ মাজত আন্তঃক্ৰিয়াৰ জৰিয়তে পদার্থৰ বিনিময় ঘটায়। বিভিন্ন জনে আগবঢ়োৱা সংজ্ঞাসমূহ বিশ্লেষণ কৰি পৰিৱেশ তন্ত্ৰৰ বাখ্যা এনেদৰে দিব পাৱি – যি বিশেষ পদ্ধতিত কোনো বসতি স্থানৰ জীৱগোষ্ঠীবোৰে এটাই আনটোৰ লগত আৰু সেই বসতি অঞ্চলৰ অজৈৱ পৰিৱেশৰ কাৰকৰ লগত প্রতিক্ৰিয়া কৰি এটা সুস্থিৰ তন্ত্ৰ গঠন কৰে তাকে পৰিৱেশ তন্ত্ৰ বোলে।

পৰিৱেশ তন্ত্ৰৰ বৈশিষ্ট

বিজ্ঞানী স্মিথে (Smith, 1966) পৰিৱেশ তন্ত্ৰৰ কেতবোৰ উমৈতীয়া বৈশিষ্ট উল্লেখ কৰিছিল। এইবোৰ হ’ল –

1. পৰিৱেশ তন্ত্ৰ হ’ল পৰিৱেশ বিদ্যাৰ মূল সাংগঠনিক আৰু কার্য্যকৰী একক।

2. পৰিৱেশ তন্ত্ৰৰ গঠন ইয়াৰ জৈৱবৈচিত্ৰতাৰ লগত জড়িত। জৈৱবৈচিত্ৰতা যিমানেই চহকী পৰিৱেশ তন্ত্ৰও সিমানেই জটিল।

3. পৰিৱেশ তন্ত্ৰৰ কার্য তন্ত্ৰটোৰ মাজেৰে চালিত শক্তিপ্রৱাহ (Energy flow) আৰু পদার্থৰ চক্ৰীভৱনৰ (Material cycling) লগত জড়িত।

4. পৰিৱেশ তন্ত্ৰ এটা নিয়াৰিকৈ চলিবলৈ হলে কিমান পৰিমাণৰ শক্তি প্রয়োজন হব সেয়া নির্ভৰ কৰে ইয়াৰ গঠনৰ ওপৰত। পৰিৱেশ তন্ত্ৰ যিমানেই জটিল শক্তিৰ সিমানেই কম শক্তিৰ প্রয়োজন হয়।

5. পৰিৱেশ তন্ত্ৰ এটা পৈনত হবলৈ ই ক্ৰমে সৰল অৱস্থাৰ পৰা জটিল অৱস্থাপ্রাপ্ত হয়। ইয়াকে পৰিস্থিতিক অনুক্ৰমন (Ecological Succession) বোলা হয়।

6. কোনো নির্দিষ্ট পাৰিপার্শ্বিকতা আৰু পৰিৱেশ তন্ত্ৰত শক্তিৰ স্থিৰীকৰণ (Energy Fixation) এটা নির্দিষ্ট সীমাত থাকে।

7. পৰিৱেশৰ কাৰকবোৰৰ তাৰতম্যতাই আবাদী বা জীৱগোষ্ঠীৰ ওপৰত এটা নির্বাচিত চাপ (Selective Pressure)ৰ সৃষ্টি কৰে ফলত ইয়াত উপলব্ধ আবাদীবোৰে নিজকে অভিযোজিত কৰিব লগীয়া হয়। যিবোৰ আবাদীয়ে নিজকে অভিযোজিত কৰি লব নোৱাৰে সেইবোৰ আবাদী বিলুপ্ত হৈ যায়।

পৰিৱেশ তন্ত্ৰৰ প্রকাৰ

পৰিৱেশ তন্ত্ৰবোৰ প্রাকৃতিক (Narural) বা কৃটিম (Artificial), বৃহৎ (Mega) বা ক্ষুদ্র (Micro), সম্পূর্ণ (Complete) বা অসম্পূর্ণ (Incomplete) ইত্যাদি বিভিন্ন প্রকাৰৰ হব পাৰে। A. প্রাকৃতিক পৰিৱেশ তন্ত্ৰ: যিবোৰ পৰিৱেশ তন্ত্ৰ মানুহৰ বিশেষ কোনো প্রত্যক্ষ প্রভাৱ বা নিয়ন্ত্ৰণ অবিহনে প্রকৃতিত স্বতঃস্ফূর্ত্ত ভাবে চলি থাকে সেইবোৰ পৰিৱেশ তন্ত্ৰক প্রাকৃতিক পৰিৱেশ তন্ত্ৰ বোলা হয়। ইয়াক আকৌ দুটা প্রধান ভাগত ভগাব পাৰি যেনে, স্থলজ পৰিৱেশ তন্ত্ৰ আৰু জলজ পৰিৱেশ তন্ত্ৰ।

a. স্থলজ পৰিৱেশ তন্ত্ৰ : এইবোৰ পৰিৱেশ তন্ত্ৰ স্থলভাগত সৃষ্টি হয়। অৰণ্য (Forest), তৃণভূমি Grassland), মৰুভূমি (Desert), ইত্যাদি হ’ল স্থলজ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ।

b. জলজ পৰিৱেশ তন্ত্ৰ : এইবোৰ পৰিৱেশ তন্ত্ৰ জলভাগত সৃষ্টি হয়। জলজ পৰিৱেশ তন্ত্ৰক আকৌ দুই প্রকাৰৰ যেনে, নির্মল বা অলুনীয়া পানীৰ পৰিৱেশ তন্ত্ৰ (Fresh water ecosystem) আৰু সামূদ্রিক পানীৰ পৰিৱেশ তন্ত্ৰ (Marine ecosystem)।

i. নির্মল বা অলুনীয়া পানীৰ পৰিৱেশ তন্ত্ৰ: নির্মল বা অলুনীয়া পানীৰ পৰিৱেশ তন্ত্ৰ প্রকাৰৰ হ’ব পাৰে যেনে, গতিশীল পানীৰ পৰিৱেশ তন্ত্ৰ (Running watewr ecosystem) আৰু স্থিৰ পানীৰ পৰিৱেশ তন্ত্ৰ (Standing water ecosystem)। গতিশীল পানীৰ পৰিৱেশ তন্ত্ৰ উদাহৰণ হ’ল, নিজৰা, জান জুৰি, নদী ইত্যাদি। স্থিৰ পানীৰ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ হ’ল, পুখুৰী, বিল, হ্রদ, জলাহ ইত্যাদি।

ii. সামূদ্রিক পৰিৱেশ তন্ত্ৰ: সাগৰীয় পানীত লৱণৰ পৰিমান বেছি থাকে। দ-সমূদ্র, তৰাং সাগৰ, মোহনা আদিক সামূদ্রিক পৰিৱেশ তন্ত্ৰ বোলা হয়।

B. মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰ: জীৱবোৰৰ ভিতৰত মানুহক শ্রেষ্ঠ জীৱ বুলি কোৱা হয়। অন্যান্য জীৱৰ দৰে মানুহো পৰিৱেশ তন্ত্ৰৰ এটা উপাংশ। খাদ্য, বাসস্থান আৰু আৰু বিশেষকৈ সামাজিক তথা অর্থনৈতিক প্রয়োজনত মানুহে পৰিৱেশ তন্ত্ৰৰ পৰিৱর্তন ঘটাই নিজৰ চাহিদা পূৰণ কৰে। এনেদৰে মানুহে স্বার্থজনিত কাৰণত যি পৰিৱর্ত্তিত পৰিৱেশ তন্ত্ৰ সৃষ্টি কৰি লয় তাকে মানৱসৃষ্ট পৰিৱেশ তন্ত্ৰ বা কৃটিম পৰিৱেশ তন্ত্ৰ বোলা হয়। গাওঁ, নগৰ, চহৰ, উদ্যান, বাগিচা আদি হ’ল কৃটিম বা মানৱসৃষ্ট স্থলজ পৰিৱেশ তন্ত্ৰ আৰু কৃটিম বান্ধ, খাল, মাছ পোহা পুখুৰী, একুৱাৰিয়াম (Aquarium) আদি মানুহে সৃষ্টি কৰা জলজ মানৱসৃষ্ট পৰিৱেশ। ইলেনবার্গৰ (Ellenberg, 1973) মতে জৈৱমণ্ডলেই হ’ল আটাইতকৈ বৃহৎ পৰিৱেশ তন্ত্ৰ। ইয়াৰ ভিতৰতে আন আন পৰিৱেশ তন্ত্ৰবোৰ সোমাই থাকে। তেওঁৰ মতে সাগৰ, হ্রদ, আদি হ’ল বৃহৎ পৰিৱেশ (Mega ecosystem) তন্ত্ৰ। আনহাতে পুখুৰী আদিক ক্ষুদ্র পৰিৱেশ তন্ত্ৰ (Micro ecosystem) বোলা হয়। আকৌ কাঠৰ টুকুৰা, একুৰিয়াম, বাগিছা আদিক অতি ক্ষুদ্র পৰিৱেশ তন্ত্ৰ (Nano ecosystem) বোলা হয়।

C. অসম্পূর্ণ পৰিৱেশ তন্ত্ৰ : যিবোৰ পৰিৱেশ তন্ত্ৰত সকলো-বোৰ উপাদান যেনে, অজৈৱ কাৰক, উৎপাদক, উপভোক্তা, বিয়োজক আদি একে সময়তে একেলগে নেথাকে সেইবোৰ পৰিৱেশ তন্ত্ৰকে অসম্পূর্ণ পৰিৱেশ তন্ত্ৰ বোলা হয়। সাগৰৰ গভীৰ অন্ধকাৰ অঞ্চল (Abyssal depth of sea), গুহাৰ ভিতৰৰ পৰিৱেশ তন্ত্ৰ আদি হ’ল এই শ্রেণীৰ পৰিৱেশ তন্ত্ৰ। এইবোৰ পৰিৱেশ তন্ত্ৰত উপভোক্তা আৰু বিয়োজক থাকিলেও পোহৰৰ অভাৱৰ কাৰণে উৎপাদক শ্রেণীৰ জীৱ নেথাকে।

D. সম্পূর্ণ পৰিৱেশ তন্ত্ৰ (Complete ecosystem): যিবোৰ পৰিৱেশ তন্ত্ৰত পৰিৱেশ তন্ত্ৰৰ মৌলিক উপাদানবোৰ অর্থাৎ অজৈৱ কাৰক, উৎপাদক, উপভোক্তা, বিয়োজক আদি একেলগে একে সময়তে থাকে সেইবোৰ পৰিৱেশ তন্ত্ৰক সম্পূর্ণ পৰিৱেশ তন্ত্ৰ বোলা হয়। যেনে- পুখুৰী, তৃণভূমি, অৰণ্য ইত্যাদি।

পৰিৱেশ তন্ত্ৰৰ গঠন

ওডামৰ (1971) মতে পৰিৱেশ তন্ত্ৰ দুই ধৰণৰ উপাংশৰে গঠিত – যেনে, জৈৱিক উপাংশ আৰু অজৈৱিক উপাংশ।

A. জৈৱিক উপাংশ: পৰিৱেশত উপলব্ধ জীৱসমষ্টিক একেলগে পৰিৱেশটোৰ জৈৱিক উপাংশ বোলা হয়। পুষ্টিজনিত সম্বন্ধৰ ওপৰত নির্ভৰ কৰি ইহঁতক দুটা ভাগত ভগাব পাৰি –

(i) স্বপোষী উপাদান বা উৎপাদক (Autotrophic components or producer): যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্রস্তুত কৰি লব পাৰে সেইবোৰ জীৱক স্বপোষী (Self nourishing) জীৱ বোলা হয়। সকলো প্রকাৰৰ সেউজীয়া উদ্ভিদ, কিছুমান সালোক সাংশ্লেষিক বেক্টেৰিয়া যেনে, নাইট্র’ছ’মনাছ, এযট’বেক্টৰ, ক্ল’ছট্রিডিয়াম ইত্যাদিয়ে নিজৰ আহাৰ নিজে প্রস্তুত কৰি আত্মীকৰণ কৰি লব পাৰে। ইহঁতে পৰিৱেশৰ পৰা কার্বন-ডাই-অক্সাইড আৰু পানী শোষন কৰি দেহত থকা পত্ৰহৰিৎৰ সহায়ত সৌৰ শক্তিক ৰাসায়নিক শক্তিলৈ ৰূপান্তৰিত কৰি ইহঁতৰ বাবে প্রয়োজনীয় জৈৱ যৌগ প্রস্তুত কৰি লব পাৰে। সেউজীয়া উদ্ভিদবোৰে তৈয়াৰ কৰা খাদ্য নিজে ব্যৱহাৰ কৰাৰ উপৰিও আন সকলো জীৱৰ বাবে সঞ্চয় কৰি ৰাখে। সেয়েহে সেউজীয়া উদ্ভিদ আৰু সালোক সাংশ্লেষিক বেক্টেৰিয়া আদিক উৎপাদক জীৱ বুলি কোৱা হয়।

(ii) পৰপোষী উপাদান বা উপভোক্তা (Heterotrophic components or consumers): যিবোৰ জীৱই নিজৰ আহাৰ নিজে প্রস্তুত কৰি লব নোৱাৰে আৰু খাদ্যৰ বাবে প্রত্যক্ষ নাইবা পৰোক্ষ ভাবে স্বপোষী উপাদান বাউৎপাদকৰ ওপৰত নির্ভৰশীল সেইবোৰক পৰপোষী বা উপভোক্তা বোলা হয়। উপভোক্তাবোৰক আকৌ দুই প্রকাৰত ভগাব পাৰি যেনে, স্থুল বা বৃহৎ উপভোক্তা (Macro consumers) আৰু ক্ষুদ্র উপভোক্তা বা বিয়োজক (Micro consumers or decomposers) ।

a. স্থুল বা বৃহৎ উপভোক্তা (Macro consumers): স্থুল উপভোক্তাবোৰে আহাৰ গ্রহণ কৰি শৰীৰৰ ভিতৰতে পাচন ঘটায়। এইবোৰক আকৌ 3 টা ভাগত ভগাব পাৰি। যেনে- প্রাথমিক উপভোক্তা (Primary consumers), দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers) আৰু তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers) প্রাথমিক উপভোক্তা (Primary consumers): যিবোৰ প্রাণীয়ে প্রত্যক্ষ বাবে উৎপাদকক খাদ্য হিচাপে গ্রহণ কৰি জীয়াই থাকে সেইবোৰ প্রাণীক প্রাথমিক বা মুখ্য উপভোক্তা বোলে। সকলোবোৰ তৃণভোজী প্রাণী এই শ্রেণীৰ ভিতৰত পৰে। উদাহৰণ- ফৰিং, শহাপহু, হৰিণা, ছাগলী, গৰু, মহ ইত্যাদি। দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers): যিবোৰ প্রাণীয়ে প্রথম স্তৰৰ উপভোক্তা বোৰক খাদ্য হিচাপে গ্রহণ কৰি জীয়াই থাকে সেইবোৰক দ্বিতীয় স্তৰৰ উপভোক্তা। সাধাৰণতে মাংসহাৰী প্রাণীবোৰ এই শ্রেণীৰ অন্তর্ভূক্ত। এইবোৰৰ কিছুমান তৃণভোজীও হব পাৰে। উদাহৰণ – ভেকুলী, সাপ, শিয়াল, কেতবোৰ মাছ চিকাৰী চৰাই ইত্যাদি। তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers): যিবোৰ প্রাণীয়ে দ্বিতীয় স্তৰৰ উপভোক্তাক খাদ্য হিচাপে গ্রহণ কৰে সেইবোৰক তৃতীয় স্তৰৰ উপভোক্তা বোলা হয়। এই প্রাণীবোৰ দ্বিতীয় স্তৰৰ মাংসভোজী নাইবা সর্বভক্ষীও হব পাৰে। যেনে – বাঘ, সিংহ, মানুহ ইত্যাদি।

b. ক্ষুদ্র উপভোক্তা বা বিয়োজক : এই জীৱবোৰ ক্ষুদ্র বা অনুজীৱ। এইবোৰে জীৱই অইন জীৱবোৰৰ মৃত্যুৰ পিছত পাচক ৰস ক্ষৰণ কৰি জীৱবোৰৰ দেহত থকা জটিল যৌগবোৰক সৰল অৱস্থালৈ ৰূপান্তৰ কৰি পাচিত পদার্থবোৰ শোষণ কৰে। এইবোৱক পচনকাৰী জীৱ বুলিও কোৱা হয়। পচনকাৰী জীৱবোৰ পৰিৱেশ তন্ত্ৰৰ বাবে অতি প্রয়োজনীয়। এইবোৰ মাটিত থাকে আৰু মৃত সকলো ধৰণৰ বস্তুৰ পচন ঘটাই এইবিলাকত আৱদ্ধ খনিজ লৱণ পৰিৱেশত মুক্ত কৰি দি পদার্থৰ চক্ৰীভৱনত সহায় কৰে। অর্থাৎ বিয়োজকে মুক্ত কৰা অজৈৱ পদার্থবোৰ খাদ্য উৎপাদনৰ বাবে উৎপাদকে পুনৰ গ্রহণ কৰে। এইবোৰ প্রধানতঃ পৰজীৱী আৰু মৃতজীৱী। বেক্টেৰিয়া, এক্টিন’মাইছেটিছ, বিভিন্ন প্রকাৰৰ ভেকুঁৰ, মাটিত বাস কৰা কেতবোৰ কৃমি ইত্যাদি বোৰ ক্ষুদ্র উপভোক্তা বা বিয়োজকৰ উদাহৰণ।

B. অজৈৱিক উপাংশ : পৰিৱেশৰ অজৈৱিক উপাংশবোৰ হ’ল নির্জীৱ বস্তু আৰু ভৌতিক কাৰক। তলত কিছুমান অজৈৱিক উপাংশৰ বিষয়ে আলোচনা কৰা হ’ল।

1. তাপ বা উষ্ণতা (Temperature): তাপ বা উষ্ণতা হ’ল পৰিৱেশ তন্ত্ৰৰ এটা অতি গুৰুত্বপূর্ণ কাৰক। বিষুবীয় অঞ্চলৰ পৰা মেৰু অঞ্চললৈ ই ক্ৰমশঃ হ্রাস পাই গৈ থাকে। তাৰোপৰি ঋতু অনুযায়ী তাপমানৰ পৰিৱর্তন ঘটে। গ্রীষ্মকালত বিষুবীয় মৰুভূমি অঞ্চলৰ উষ্ণতা 500 চেলচিয়াচতকৈও অধিক হয় আৰু মেৰু অঞ্চলত বা পর্বতৰ উচ্চ শিখৰৰ উষ্ণতা 00 চেলচিয়াচৰ তললৈকে নামে। বিভিন্ন জীৱৰ উষ্ণতা সহ্য কৰিব পৰা ক্ষমতা বেলেগ বেলেগ। কিছুমান জীৱৰ উষ্ণতা সহনশীলতাৰ পৰিসৰ বহল। এইবোৰ জীৱক ইউৰিথার্মেল (Eurythermal) জীৱ বুলি কোৱা হয়। কিছুমান জীৱই আকৌ কম পৰিসৰৰ উষ্ণতাহে সহ্য কৰিব পাৰে। এইবোৰক ষ্টেন’থার্মেল (Stenothermal) জীৱ বুলি কোৱা হয়। চৰাই আৰু স্তন্যপায়ী প্রাণীৰ নিজৰ শৰীৰৰ উষ্ণতা পৰিৱেশৰ ওপৰত নির্ভৰশীল নহয়। এইবোৰ প্রাণীয়ে নিজৰ শৰীৰৰ নির্দিষ্ট এটা উষ্ণতা বজাই ৰাখে আৰু সেইবাবে ইহঁতক উষ্ণৰক্তী প্রাণী (Warm blooded animal) বোলা হয়। বাকীবোৰ প্রাণীৰ শৰীৰৰ উষ্ণতা পৰিৱেশৰ উষ্ণতাই নিয়ন্ত্ৰণ কৰে। এইবোৰ প্রাণীক শীতল ৰক্তী প্রাণী (Cold blooded animal) বোলা হয়। উষ্ণৰক্তী প্রাণীবোৰক হ’মিঅ’থার্মিক (Homeothermic) প্রাণী আৰু শীতল ৰক্তী প্রাণীবোৰক পইকিলোথার্মিক (Pokilothermic) প্রাণী বুলিও কোৱা হয়। প্রকৃততে তাপে শৰীৰৰ বিপাকীয় কার্যবোৰক প্রভাৱান্নিত কৰে। উষ্ণতাই বিপাকীয় কার্যৰ লগত জড়িত উৎসেচকবোৰক সক্ৰিয় কৰি জৈৱিক প্রক্ৰিয়াসমূহ তৰান্বিত কৰে। উষ্ণতাৰ দ্বাৰা উদ্ভিদবোৰ বেছিকৈ প্রভাৱান্নিত হোৱা দেখা যায়। উষ্ণতাই জীৱৰ বৃদ্ধি, বিকাশ, প্রজনন, অংগসংস্থান আদি প্রায়বোৰ জৈৱিক ক্ৰিয়াতে সহায় কৰা দেখা যায়। জীৱৰ ভৌগোলিক বিতৰণৰ ক্ষেত্ৰতো উষ্ণতাই বিশেষ ভাৱে প্রভাৱান্নিত কৰা দেখা য়ায়। উষ্ণৰক্তী প্রাণীবোৰৰ বিতৰণৰ ক্ষেত্ৰত উষ্ণতাই বিশেষ প্রভাৱান্নিত কৰিব নোৱাৰে। উদাহৰণ স্বৰূপে ভাৰতীয় হাতীবোৰ ঠাণ্ডা পাহাৰীয়া অঞ্চলতো থাকে আৰু গ্রীষ্ম অঞ্চলৰ বননি অঞ্চলতো বাস কৰে। আকৌ শীতলৰক্তী প্রাণীবোৰ উষ্ণতাৰ দ্বাৰা বেছিকৈ প্রভাৱিত হোৱা দেখা যায়। বিষুবীয় অঞ্চলত সৰীসৃপ আৰু উভচৰী প্রাণীবোৰৰ সংখ্যা বেছি। ক্ৰমান্বয়ে মেৰু অঞ্চলৰ পিনে ইহঁতৰ সংখ্যা সংখ্যা নিম্নগামী হোৱা পৰিলক্ষিত হয়। আকৌ ষ্টেন’থার্মেল প্রাণীবোৰ কিছুমান বিশেষ ভৌগোলিক অঞ্চলতহে সীমিত হৈ থকা দেখা যায়।

2. পোহৰ (Light): সূর্য্যৰ পোহৰ হ’ল পৃথিৱীৰ সকলো জীৱৰ কাৰণে শক্তিৰ উৎস। পোহৰ অবিহনে জীৱ জীয়াই থকাটো অসম্ভৱ। উদ্ভিদে সৌৰশক্তি আহৰণ কৰি খাদ্য বস্তু প্রস্তুত কৰি সকলো জীৱক যোগান ধৰে। পানীৰ ওপৰতো সূর্য্যৰ পোহৰ পৰে আৰু ইয়াৰে 90% পোহৰ পানীৰ গভীৰতাৰ পিনে প্রৱেশ কৰিব পাৰে। ইয়াৰে দীঘল তৰঙ্গ দৈর্ঘৰ পোহৰৰ ৰশ্মিবোৰ গভীৰতাৰ পিনে প্রৱেশ কৰিব নোৱাৰে কিন্তু চুটি তৰঙ্গ দৈর্ঘৰ ৰশ্মিবোৰ গভীৰতালৈ যায়। সাগৰৰ 200 মিটাৰ গভীৰলৈকেহে প্লাৱক জীৱ দেখিবলৈ পোৱা যায় কাৰণ ইয়াতকৈ বেছি গভীৰতালৈ পোহৰ সোমাব নোৱাৰে সেয়েহে এই অঞ্চলবোৰত সালোকসংশ্লেষণকাৰী জীৱ প্রজাতি পোৱা নেযায়। পোহৰে জীৱৰ নানান ধৰণৰ শৰীৰ বৃত্তিয়, অংগসাংস্থনিক আৰু আচৰণৰ ওপৰত প্রভাৱ পেলায়। যেনে, দিপ্তীকাল অর্থাৎ দিনৰ দৈর্ঘতাই উদ্ভিদ আৰু প্রাণী উভয়ৰে জীৱন প্রক্ৰিয়াত প্রভাৱ পেলোৱা পৰিলক্ষিত হয়। প্রায়ভাগ উদ্ভিদৰে প্রজননিক কার্য, ফুল ফুলা আৰু বৃদ্ধি আদি দিপ্তীকালৰ লগত প্রত্যক্ষ ভাবে জড়িত। দিপ্তীকালৰ ওপৰত নির্ভৰশীলতাৰ ওপৰত নির্ভৰ কৰি উদ্ভিদবোৰক তিনিটা ভাগত ভাগ কৰিব পাৰি যেনে, দীঘল দিনৰ উদ্ভিদ, চুটি দিনৰ উদ্ভিদ আৰু পোহৰ অপ্রভাৱিত উদ্ভিদ। প্রাণীবোৰৰো প্রায়ভাগ দিপ্তীকালৰ লগত জড়িত। ইয়াৰ উপৰিও পোহৰৰ প্রতি সহাৰি জনাই ফুলৰ পাহি মেল খায় আৰু পত্ৰৰন্ধ্র মেল খায় তথা জাপ যায়। উদ্ভিদৰ প্রজনন, অংকুৰণ আৰু চলনো পোহৰে নিয়ন্ত্ৰণ কৰে। প্রাণীবোৰকো দিনৰ দৈর্ঘ্যক সহাৰি দি প্রজনন কার্যত লিপ্ত হোৱা কার্যৰ ওপৰত ভিত্তি কৰি তিনিটা ভাগত ভগোৱা হৈছে যেনে, দীঘল দিনৰ প্রাণী যেনে- চৰাই, চুটি দিনৰ প্রাণী যেনে- ভেড়া, ছাগলী, হৰিণা, আৰু অপ্রভাৱিত প্রাণী যেনে- মানুহ, গৰু, গিনি পিগ আদি। পোহৰৰ প্রখৰতা বিষুবীয় অঞ্চলত বেছি আৰু ক্ৰমান্বয়ে মেৰু অঞ্চলৰ পিনে কমি আহে। সাধাৰণতে বেছি সংখ্যাক প্রাণী বিষুবীয় আৰু গ্রীষ্ম অঞ্চলত পোৱা যায় কাৰণ এই অঞ্চলত পোহৰ আৰু পাণীৰ পর্য্যাপ্ততাই যঠেষ্ট ঘাঁহ-বন আৰু গছ-গছনি সৃষ্টি হোৱাত সহায় কৰে। মেৰুৰ ফালৰ তুন্দ্রা অঞ্চলত পোহৰ আৰু পানীৰ প্রাচুর্য্যতা কম হোৱা হেতুকে গছ-গছনিও কম ফলত প্রাণীৰ বিস্তাৰনো কম। পোহৰৰ প্রখৰতাৰ ক্ৰমাগত বৃদ্ধিয়েও জীৱৰ শৰীৰৰ উৎসেচকবোৰৰ কার্য-কুশলতা বৃদ্ধি কৰে ফলত বিপাকীয় কার্যৰ গতি বিধিও বাঢ়িবলৈ ধৰে। গুহাঁত পোহৰ অবিহনে বাস কৰা প্রাণীবোৰৰ বিপাকীয় হাৰ অতি কম। পোহৰে উদ্ভিদৰ আকৃতিগত লক্ষণো নিয়ন্ত্ৰণ কৰে। উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰিবলৈ এলানি ক্ৰমিক জিন থাকে। এই জিনবোৰে পোহৰৰ প্রতি সংবেদনশীলতা দেখুৱাই উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰে। এইবোৰক পোহৰক সহাঁৰি দিয়া উপাদান (Light responsive elements or LREs) বোলা হয়। এই প্রক্ৰিয়াটোক দিপ্তীগঠন বিকাশ (Photomorphogenesis) বোলা হয়। দিপ্তীগঠন বিকাশ প্রক্ৰিয়াটো তিনিটা স্তৰত সংঘটিত হয়। প্রধমতে ফাইট’ক্ৰম (Phytochrome) নামৰ নীলা সেউজীয়া ৰঞ্জক পদার্থই সৌৰ ৰশ্মিৰ ৰঙা ৰশ্মি শোষণ কৰে। দ্বিতীয় স্তৰত LRE জিনবোৰে পোহৰ সংকেত গ্রহণ কৰে। তৃতীয় স্তৰত জিনবোৰে ৰঙা ৰশ্মিৰ দ্বাৰা প্রণোদিত হৈ RNA আৰু প্রটিন সংশ্লেষণ কৰে। এই প্রটিনবোৰেই বিকাশৰ কার্যত ভাগ লৈ উদ্ভিদৰ বিকাশ নিয়ন্ত্ৰণ কৰে। প্রাণীৰ চলন আৰু গতিশীলতাটোকো পোহৰে নানান ধৰণে প্রভাৱান্বিত কৰে। পোহৰৰ প্রতি সহাঁৰি জনোৱা প্রাণীৰ চলন আৰু গতিশীলতাক চাৰিটা ভাগত ভগাব পাৰি যেনে, ফট’কাইনেছিছ (Photokinesis), ফট’ট্রপিজিম (Phototropism), ফট’টেক্সিছ (Phototaxis) আৰু টেল’টেক্সিছ (Telotaxis)। কিছুমান প্রাণীৰ গতিবেগ পোহৰৰ দ্বাৰা প্রভাৱান্বিত হয়। ইয়াকে ফট’কাইনেছিছ বোলা হয়। পোহৰৰ প্রতি সহাঁৰি জনাই প্রাণীয়ে পোহৰৰ দিশে (ইউগ্লিনা) অথবা পোহৰৰ বিপৰীত দিশে (কেচু) অগ্রসৰ হোৱাকে ফট’টেক্সিছ বোলা হয়। যেতিয়া প্রাণীটোৰ অকল কোনো এটা অংগই পোহৰৰ প্রতি সহাঁৰি জনাই তাকে ফট’ট্রপিজিম বোলা হয়। উদাহৰণ, একনলদেহী প্রাণীৰ পলিপৰ চলন। মতা প্রাণীয়ে মাইকী প্রাণীৰ দ্বাৰা বিচ্ছুৰিত পোহৰৰ দ্বাৰা আকৃষ্ট হোৱাকে টেল’টেক্সিছ বোলা হয়।

3. বায়ু (Air): বায়ু অবিহনে কোনো জীৱ জীয়াই থাকিব নোৱাৰে। বায়ুত থকা অক্সিজেন, কার্বন-ডাই-অক্সাইড, নাইট্রজেন আদি গেছবোৰ জীৱজগতৰ বাবে অপৰিহার্য। খাদ্য বস্তুৰ জাৰণৰ কাৰণে অক্সিজেনৰ প্রয়োজন হয়। খাদ্যৰ জাৰণৰ ফলত শক্তি উৎপন্ন হয়। এই শক্তিৰে জীৱই জীৱন নির্বাহৰ লগত জড়িত কাম কাজ চলাই থাকে। জাৰণৰ ফলত বহ্য দ্রৱ্য হিচাপে কার্বন-ডাই অক্সাইড গেছো উৎপন্ন হয়। উদ্ভিদে কার্বন-ডাই অক্সাইড গ্রহণ কৰি সালোক সংশ্লেষণ প্রক্ৰিয়াৰে সমগ্র জীৱজগতৰ বাবে বুনিয়াদী খাদ্য প্রস্তুত কৰে। প্রটিন হ’ল জীৱদেহ গঠনৰ প্রধান উপাদান। নাইট্রজেন অবিহনে প্রটিন সংশ্লেষণ সম্ভৱ নহয়। বায়ুমণ্ডলৰ অ’জন স্তৰেই সূর্যৰ অতিবেঙুনীয়া ৰশ্মিৰ প্রভাৱৰ পৰা জীৱ জগতক সুৰক্ষা প্রদান কৰি আহিছে। বায়ুমণ্ডলৰ গেছবোৰৰ হ্রাস বৃদ্ধিয়ে জীৱজগতৰ ওপৰত যঠেষ্ট প্রভাৱ পেলায়। উদাহৰণ স্বৰূপে সেউজ গৃহ গেছ (যেনে, কার্বন-ডাই-অক্সাইড, মিথেন, নাইট্র’জেন অক্সাইড, চি.এফ. চি আদি) সমূহৰ বৃদ্ধিয়ে গোলকীয় উষ্ণতা বৃদ্ধি কৰে। জলজ প্রাণীসমূহৰ বিতৰণ আৰু জীৱন নির্বাহৰ অন্যান্য কাম কাজ নিয়ন্ত্ৰণ কৰে।

4. মাটি (Soil): মাটি হ’ল জীৱন ধাৰণৰ বাবে এবিধ অতি প্রয়োজনীয় গুৰুত্বপূর্ণ পৰিস্থিতিক কাৰক। মাটি হ’ল বিভিন্ন প্রাণী আৰু উদ্ভিদৰ বাসস্থান। মাটিৰ গুণাগুণ যেনে – গঠন, pH, খনিজ পদার্থ, আদিবোৰৰ ওপৰতে নির্ভৰ কৰি উদ্ভিদৰ বৃদ্ধি আৰু বিস্তৃতি নির্ভৰ কৰে। মাটি হ’ল জীৱজগতৰ বাবে অপৰিহার্য ঝনিজ লৱণ সমূহৰ প্রধান ভাণ্ডাৰ। বিয়োজক জীৱবোৰে মৃত জৈৱ বস্তুবোৰৰ বিয়োজন ঘটাই অজৈৱ উপাদান সমূহ মুক্ত কৰে আৰু এইবোৰ পুনৰায় জীববোৰে আহৰণ কৰে। মাটিৰ গুণাগুণৰ ওপৰতে পৰিৱেশ তন্ত্ৰৰ উৎপাদন ক্ষমতা নির্ভৰ কৰে। মানুহৰ জনসংখ্যা বৃদ্ধি আৰু কার্যকলাপে মাটিৰ গুণাগুণ ওপৰত যঠেষ্ট প্রভাৱ পেলায়। জীৱজগত বর্তী থাকিবলৈ হ’লে মাটিৰ গুণাগুণ অক্ষুণ্ণ ৰখাটো অতি প্রয়োজনীয়।

5. আদ্রতা (Humidity): আদ্রতা হ’ল বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ। কোনো এখন ঠাইৰ বায়ুত থকা জলীয় বাষ্পৰ পৰিমাণ শতকৰা হাৰত প্রকাশ কৰা হয়। ইয়াকে আপেক্ষিক আদ্রতা বোলা (Relative humidity) হয়। আপেক্ষিক আদ্রতা হ’ল কোনো এখন ঠাইত নির্দিষ্ট উষ্ণতাত সংপৃক্ত অৱস্থাত যিমান খিনি জলীয় বাষ্প থাকিব পাৰে তাৰ লগত বর্তমান যিমান খিনি পৰিমাণৰ জলীয় বাষ্প আছে তাক শতকৰা হাৰত প্রকাশ কৰাটোৱে হ’ল আপেক্ষিক আদ্রতা। ধৰাহ’ল সংপৃক্ত অৱস্থাত কোনো নির্দিষ্ট উষ্ণতাত নির্দষ্ট পৰিমাণৰ আয়তনৰ বায়ুত 10 গ্রাম জলীয় বাষ্প থাকিব পাৰে। কিন্তু হিচাপ কৰি দেখা গ’ল যে তাত বর্তমান 5 গ্রাম জলীয় বাষ্পহে আছে। গতিকে ঠাই ডোখৰৰ আপেক্ষিক আদ্রতা হ’ল (5/10×100) 50%। কোনো এখন অঞ্চলৰ মেঘৰ গঠন, নিয়ৰ, কুৱলী আদি আদ্রতাৰ ওপৰত নির্ভৰ কৰে। উদ্ভিদ আৰু প্রাণীৰ দেহৰ পৰা ক্ৰমে পত্ৰমোচন আৰু ঘাম আকাৰে কিমানখিনি পানী দেহৰ পৰা বাষ্পীভূত হয় সেয়া নির্ভৰ কৰে বায়ুমণ্ডলৰ আদ্রতাৰ ওপৰত। শুকাণ অঞ্চলৰ উদ্ভিদ আৰু প্রাণীবোৰে পানীৰ নির্গমণ ৰোধ কৰিবৰ বাবে নিজকে অভিযোজিত কৰি লোৱা দেখা যায়।

6. অধঃক্ষেপন (Precipitation): কোনো এটা অঞ্চলত জলীয় বাষ্প গোটা (Frozen), জুলীয়া (Liquid), নাইবা ভাপ হিচাপে পৰিক্ষেপিত হোৱাকে অধঃক্ষেপন বোলা হয়। সহজ অর্থত তুষাৰ পাত, হীমশিলা (Hail), নিয়ৰ আৰু প্রধানকৈ বৃষ্টিপাত হোৱাকে অধঃক্ষেপন বুলি কোৱা হয়। এইবোৰৰ আৱর্তন কাল (Periodicity) আৰু পৰিমাণে অৰণ্যৰ প্রকাৰ নিৰূপণ কৰে। জলবায়ু সম্বন্ধীয় এই কাৰকবোৰৰ ওপৰত নির্ভৰ কৰিয়েই বিভিন্ন প্রকাৰৰ অৰণ্য যেনে, চিৰ সেউজীয়া অৰণ্য (Evergreen forest), পর্ণপাতী অৰণ্য (Deciduous forest), চেপাৰেল (Chapparel), আদি গঠন হয়।

7. ভূ-প্রকৃতি (Topography): ভূ-প্রকৃতিয়ে পৃথিৱীৰ উপৰিভাগৰ কেতবোৰ কাৰক যেনে, উচ্চতা (Altitude), মাটিৰ ঢাল (Slope), পর্বতমালা (Mountains), উপত্যকা (Valleys), সমভূমি (Plains), অৱক্ষেপন, মাটিৰ গঠন আদিক অন্তর্ভূক্ত কৰে। ভূ-প্রকৃতিয়ে পৰিৱেশৰ কাৰক যেনে – বায়ুমণ্ডরীয় চাপ, বতাহ, বৃষ্টিপাত, পোহৰৰ তীব্রতা, পোহৰৰ স্থিতিকাল (Light duration), উষ্ণতা, পানীৰ সোঁত আদিক প্রভাৱিত কৰে। এই কাৰকবোৰৰ ওপৰত নির্ভৰ কৰাৱিয়েই এখন পর্বতৰ দুয়োফালে উপবিষ্ট উদ্ভিদ আৰু প্রাণীৰ গুণগত আৰু মাত্ৰাগত পার্থকহ পৰিলক্ষিত হয়। উদাহৰণ স্বৰূপে হিমালয় পর্বতৰ উত্তৰৰ ঢাল অঞ্চলতকৈ দক্ষিণৰ ঢাল জৈৱ বৈচিত্ৰতাত অধিক চহকী।

8. হাইড্রজেন আয়ন গাঢ়তা (pH): pH য়ে স্থলজ আৰু জলজ প্রাণীবোৰৰ বিস্তৃতি নিয়ন্ত্ৰণ কৰে। হাইড্রজে আয়ন (H+) আৰু হাইড্রক্সিল আয়নৰ (OH+) পৰিমাণৰ ওপৰত নির্ভৰ কৰি pH জোখা হয়। যেতিয়া হাইড্রজেন আয়ন আৰু হাইড্রক্সিল আয়নৰ পৰিমাণ সমান হয় যেতিয়া এই পানীক প্রশমিত পানী বোলা হয় আৰু ইয়াৰ pH ৰ মান হ’ল 7.0। এই মান 7.0 তকৈ যিমানে কমি যায় সিমানে অম্লতাৰ পৰিমাণ বাঢ়ি যায়। আকৌ এই মান 7.0 ৰ যিমান ওপৰলৈ যায় সিমানে ক্ষাৰকত বাঢ়ি যায়। কেচু, শামুক, আদি প্রাণীবোৰ আম্লিক মাটিত নেথাকে। আনহাতে আম্লিক pH মাধ্যমত ইউগ্লিনা আৰু কিছুমান ফ্লেজিলেট প্রর্য্যাপ্ত পৰিমাণে থাকে। চূণমিশ্রিত খোলাযুক্ত (Calcareous shell) প্রাণীবোৰ সাধাৰণতে প্রশমিত pH নাইবা ক্ষাৰকীয় pH ৰ মাধ্যমত বাস কৰে।

9. খনিজ লৱণ (Mineral salts): জীৱসমূহৰ সূষম বৃদ্ধিৰ বাবে বিভিন্ন প্রকাৰৰ খনিজ লৱণ বা জীৱজনিত পুষ্টিদ্রব্যৰ (Biogenic nutrients) প্রয়োজন হয়। এইবোৰৰ অভাৱেজীৱৰ বৃদ্ধি আৰু বিকাশত অস্বাভাৱিকতাৰ সৃষ্টি কৰিব পাৰে। এইবোৰে জীৱৰ বিস্তাৰণতো প্রভাৱ পেলায়। পৰিৱেশ তন্ত্ৰ এটা সুস্থিৰ ভাবে চলিবলৈ হ’লে নিৱচ্ছিন্ন ভাবে এই পদার্থ সমূহৰো চক্ৰীভৱন চলি থাকিব লাগিব।

উদাহৰণ হিচাপে পুখুৰীৰ পৰিৱেশ তন্ত্ৰ

পুখুৰী এবিধ স্বয়ংক্ৰিয় আৰু সম্পূর্ণ পৰিৱেশ তন্ত্ৰৰ উদাহৰণ। ইয়াত পৰিৱেশ তন্ত্ৰৰ যাৱতীয় আৰু প্রয়োজনীয় সকলোবোৰ উপাংশই থাকে। পুখুৰীৰ পৰিৱেশ তন্ত্ৰৰ উপাদানবোৰ তলত আলোচনা কৰা হ’ল।

1. অজৈৱিক উপাদান: পুখুৰীত থকা মুখ্য অজৈৱিক উপাদানবোৰ হ’ল, পোহৰ, উষ্ণতা, pH, বিভিন্ন অজৈৱ আৰু জৈৱযৌগ যেনে, পানী, কার্বন-ডাই-অক্সাইড, অক্সিজেন, কেলছিয়াম, নাইট্রজেন, ফছফেট, নাইট্রেট, ক্ল’ৰাইড ইত্যাদি। পুখুৰীত থকা পোষক দ্রব্যবোৰৰ বেছি ভাগেই পুখুৰীৰ তলত গেদ (Sediments) হিচাপে জমা হৈ থাকে আৰু বাকীবোৰ পানীত লগত মিহলি হৈ জলজ জীৱবোৰৰ বাবে উপলভ্য হয়।

2. জৈৱিক উপাদান: পুখুৰীৰ পানীত থকা জীৱিত উপাদানবোৰক তলত দিয়া ধৰণে ভাগ কৰিব পাৰি। যেনে – উৎপাদক, উপভোক্তা আৰু বিয়োজক।

A. উৎপাদক: এইবোৰ স্বপোষী সেউজীয়া জলজ উদ্ভিদ আৰু কিছুমান সালোকসংশ্লেষী বেক্টেৰিয়া। জলজ উদ্ভিদবোৰে সৌৰ শক্তি গ্রহণ কৰি পুখুৰীৰ মাটি আৰু পানীৰ পৰা আহৰণ কৰা খনিজ লৱণবোৰৰ সহায়ত জটিল জৈৱযৌগ যেনে, কার্বহাইড্রেট, প্রটিন, লিপিড আদি গঠন কৰে। উৎপাদকবোৰক প্রধানকৈ দুটা ভাগত ভগাব পাৰি।

(i) স্থুল উদ্ভিদ (Macrophytes): এইবোৰ হ’ল শিপাযুক্ত ডাঙৰ আকৃতিৰ জলজ উদ্ভিদ। এইবোৰ পানীত সম্পূর্ণ বা আংশিক ভাবে ডুব গৈ থকা বা ওপঙি থকা নাইবা পানীৰ ওপৰ ভাগত ওলাই থকা উদ্ভিদ হব পাৰে। পুখুৰীত সাধাৰণতে পোৱা উদ্ভিদবোৰ হ’ল – টাইফা (Typha), ট্রেপা (Trapa), ছেজিটেৰিয়া (Sagittaria), নিম্ফিয়া (Nymphaea), কাৰা (Chara), হাইড্রিলা (Hydrilla), ভেলিছ্‌নেৰিয়া (Vallisneria), ইউট্রিকুলাৰিয়া (Utricularia), মার্ছিলিয়া (Marsilia), নিলুম্ব (Nilumbo) ইত্যাদি। এয’লা (Azolla), চেলভিনিয়া (Salvinia), উলফিয়া (Wolfia), লেম্‌না (Lemna) আদি কেতবোৰ পানীত ওপঙি থকা উদ্ভিদ।

(ii) উদ্ভিদ প্লাৱক (Phytoplanktons): এইবোৰ হ’ল পানীত ওপঙি থকা বা ডুবগৈ থকা ক্ষুদ্র আকৃতিৰ উদ্ভিদ। এইবোৰ প্রধানতঃ শেলাই আৰু ফ্লেজিলেট। উদাহৰণ – ইউল’থ্রিক্স (Ulothrix), স্পাইৰ’গাইৰা (Spirogyra), ক্লেড’ফৰা (Cladophora), ইড’গনিয়াম (Oedogonium), ক্লছ্‌ষ্টেৰিয়াম (Closterium), কছ্‌মেৰিয়াম (Cosmarium), ইউড’ৰিনা (Eudorina), পেন্‌ডৰিণা (Pandorina), ভলভক্স (Volvox), ডায়েটাম (Diatoms), ক্লেমাইড’ম’নাছ (Chlamydomonas) ইত্যাদি।

B. উপভোক্তা: এইবোৰ পৰপোষী আৰু পুষ্টি আহৰণৰ বাবে উৎপাদকৰ ওপৰত নির্ভৰশীল। পুখিৰীত তিনি ধৰণৰ উপভোক্তা পোৱা যায়।

i) মুখ্য বা প্রাথমিক উপভোক্তা: (Primary consumers)এইবোৰ বিভিন্ন আকৃতিৰ তৃণভোজী প্রাণী। এইবোৰক দুটা ভাগত ভগাব পাৰি।

বেন্থছ

এইবোৰ প্রাণী পুখুৰীৰ তলিভাগত ভাগ কৰে আৰু পুখুৰীৰ পৰিৱেশ তন্ত্ৰ নিয়নন্ত্ৰণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। উদাহৰণ – পতঙ্গ, পতঙ্গৰ পলু, মাছ, হামুক, ক্ৰাষ্টেছিয়া, জোক , কেঁচু ইত্যাদি।

প্রাণী প্লাৱক

এইবোৰ হ’ল পুখুৰীৰ পানীত বাস কৰা কেতবোৰ ক্ষুদ্র আকৃতিৰ প্রানী আৰু এইবোৰে উদ্ভিদ প্লাৱক ভক্ষণ কৰি জীয়াই থাকে। উদাহৰণ – ইউগ্লিনা (Euglena), কলিপ্‌ছ (Coleps), ডাইলেপটাছ (Dileptus),ইত্যাদি। কেতবোৰ ক্ৰাষ্টেছিয়া যেনো – ডাফনিয়া (Daphnia)), চাইক্ল’প্‌ছ (Cyclops), ষ্টেন’চাইপ্রিছ (Stenocypris) ইত্যাদিও প্রানীপ্লাৱকৰ উদাহৰণ।

(ii) দ্বিতীয় স্তৰৰ উপভোক্তা (Secondary consumers): এইবোৰ হ’ল প্রাথমিক উপভোক্তা বা তৃণভোজী প্রাণীক খাদ্য হিচাপে গ্রহণ কৰা মাংসভোজী প্রাণী। উদাহৰণ – মাছ, পানীত বাস কৰা পতঙ্গ, ভেকুলী ইত্যাদি।

(iii) তৃতীয় স্তৰৰ উপভোক্তা (Tertiary consumers): এইবোৰ পৰভক্ষী মাংসভোজী প্রাণী। ডাঙৰ মাছ, সাপ আদি এই শ্রেণীৰ উপভোক্তা।

C. বিয়োজক (Decomposers): পুখুৰীৰ পানীত বিভিন্ন প্রকাৰৰ বেক্টেৰিয়া আৰু ভেঁকুৰ থাকে্ এইবোৰে মৃত জীৱবোৰৰ পচন ঘটাই তাৰ পৰা খাদ্য আহৰণ কৰে আৰু অধিকাংশ পোষক দ্রব্য পৰিৱেশ তন্ত্ৰত পুনৰ ব্যৱহাৰৰ বাবে মুক্ত কৰে। পুখুৰীত থকা সাধাৰণ বিয়োজকবোৰ হ’ল – এছ্‌পাৰজিলাছ (Aspergillus), ছিফালোস্প’ৰিয়াম (Cephalosporium), ক্লেড’স্পৰিয়াম (Cladosporium), ৰাইয’পাছ (Rhizopous), পেনিছিলিয়াম (Penicillium), এন্টাৰ’নেৰিয়া (Anteroneria), ট্রাইক’ডাৰমা (Trichoderma), চার্ছিনেলা (Circinella), ফুচাৰিয়াম (Fusarium), কাৰভুলেৰিয়া (Carvularia) ইত্যাদি। পুখুৰী এটাক দুটা স্পষ্ট স্তৰত ভগাব পাৰি। ওপৰৰ উৎপাদক স্তৰ (Productive zone) আৰু ক্ষয়কাৰী বা অপৰদ স্তৰ (Detrtus zone)। সেয়েহে পুখুৰী এটা ভাৰসাম্য পৰিৱেশ তন্ত্ৰৰ উদাহৰণ।

পৰিৱেশ তন্ত্ৰৰ গঠনৰ বৈশিষ্ট

জৈৱিক আৰু অজৈৱিক উপাদান সমূহৰ আন্তঃক্ৰিয়াৰ বাবেই একোটা বৈশিষ্টপূর্ণ পৰিৱেশ তন্ত্ৰৰ সৃষ্টি হয়। পৰিৱেশ তন্ত্ৰ গঠনৰ মূল বৈশিষ্ট সমূহ হ’ল –

1. প্রজাতিৰ গাঠনি বা সংমিশ্রণ (Species composition): একোটা পৰিৱেশ তন্ত্ৰৰ জৈৱিক সম্প্রদায় সমূহ কিছুমান বিশেষ ধৰণৰ প্রজাতিৰে গঠিত হয়। উদাহৰণ স্বৰূপে অৰণ্যৰ পৰিৱেশ তন্ত্ৰত বিভিন্ন প্রকাৰৰ বৃক্ষ, গুল্ম, লতা আদি থাকে। অৰণ্যবোৰৰো গছৰ প্রকাৰ আৰু ঘনত্ব বেলেগ বেলেগ হোৱা দেখা যায়, যেনে – চিৰ সেউজীয়া অৰণ্য, পর্ণপাতী অৰণ্য, ইত্যাদি। প্রজাতিৰ গাঠনি, ভৌগোলিক অৱস্থা, ভূ-প্রকৃতি, প্রাকৃতিক বাতাবৰণ আদিৰ ওপৰত নির্ভৰ কৰে। ক্ৰান্তীয় বর্ষাৰণ্য আৰু প্রৱাল দ্বীপ সমূহথ প্রজাতিৰ সংমিশ্রণ সর্বাধিক আৰু মৰুভূমি আৰু মেৰু অঞ্চলত সর্বনিম্ন হোৱা হোৱা দেখা যায়।

2. স্তৰীভৱন (Stratification): পৰিৱেশ তন্ত্ৰত উলম্ব স্তৰীভৱন বা স্তৰবিন্যাস (Vertical stratification) দেখা যায়। বিভিন্ন উচ্চতা আৰু পত্ৰাৱৰণৰ (Canopy) উদ্ভিদ সমূহে সৃষ্টি কৰা স্তৰীভৱণ বিভিন্ন প্রজাতিৰ জীৱৰ সূক্ষ্ম বাসস্থান (Microhabitat) আৰু নিচি (Niche) হিচাপে ব্যৱহাৰ হয়। উদাহৰণ স্বৰূপে ক্ৰান্তীয় বর্ষাবন (Tropical rain forest) বোৰত সুস্পষ্ট স্তৰীভৱন আৰু তাত প্রজাতিৰ বৈচিত্ৰতাও সর্বাধিক হয়। আনহাতে মৰুভূমি অঞ্চলত গছ-গছনিৰ সংখ্যা তেনেই তাকৰ হোৱা বাবেস্তৰীভৱন কম পৰিমানে দেখা যায় বা নেথাকেই।

3. পুষ্টি সংগঠন (Trophic Structure): পুষ্টিৰ দিশৰ পৰা পৰিৱেশ তন্ত্ৰৰ জীৱ সম্প্রদায়বোৰত দুটা অংশ থাকে যেনে – স্বপোষী আৰু পৰপোষী। প্রথম বিধত প্রধানকৈ সৌৰ শক্তিৰ আহৰণ, সৰল জৈৱ পদার্থৰ ব্যৱহাৰ আৰু জটিল যৌগ গঠন হয়। দ্বিতীয় বিধত জটিল পদার্থৰ ব্যৱহাৰ, পুনৰ গঠন, ভাঙোন আদি পৰিঘটনাবোৰ সংঘটিত হয়।

4. স্থিৰ ফচল (Standing crop): স্থিৰ ফচল বা ষ্টেডিং ক্ৰপ হ’ল পৰিৱেশ তন্ত্ৰৰ বিভিন্ন খাদ্যস্তৰ সমূহত থকা জৈৱিক পদার্থৰ আয়তন। ইয়াক জীৱ ভৰ, জৈৱ আয়তন বা বায়’মাছ (Biomass) হিচাপে প্রকাশ কৰা হয়। বায়’মাছক শুস্কভৰ, সিক্তভৰ, কার্বনৰ ভৰ, কেলৰি আদি হিচাপেও নির্ণয় কৰা হয়। ইয়াৰ দ্বাৰা পৰিৱেশ তন্ত্ৰ এটাৰ উৎপাদনৰ পৰিমানৰ বিষয়ে ধাৰণা কৰিব পাৰি।

5. স্থিৰাৱস্থা বা স্থিৰ মানদণ্ড (Standing state or standing quality): ই হ’ল পৰিৱেশ তন্ত্ৰ এটাত থকা অজৈৱ পোষক দ্রব্যৰপৰিমান। ইয়াৰ পৰিমান স্থিৰ নহয়। বিভিন্ন পৰিৱেশ তন্ত্ৰ আৰু ঋতুত ইয়াৰ পৰিমানো বেলেগ বেলেগ হয়। উৎপাদকৰ বৃদ্ধি মাধ্যমত (Growth medium) অজৈৱ পোষক দ্রব্যবোৰ থাকে। উচ্ছমানৰ স্থিৰ অৱস্থাত (High standing state) উৎপাকৰ বৃদ্ধি আৰু উৎপাদন ক্ষমতা হ্রাস পায়।

পৰিৱেশ তন্ত্ৰৰ উৎপাদন ক্ষমতা

কোনো এটা পৰিৱেশ তন্ত্ৰৰ যিকোনো এটা পৌষ্টিক স্তৰে (Trophic level) যি হাৰত প্রতি একক ক্ষেত্ৰফলত নির্দিষ্ট সময়ৰ ব্যৱধানত বায়’মাছৰ পৰা যিমান খিনি শক্তি সংশ্লেষণ কৰে তাকে পৰিৱেশ তন্ত্ৰটোৰ উৎপাদন ক্ষমতা বুলি কোৱা হয়। ইয়াক ওজনৰ জোখত (g/m2/yr) নাইবা শক্তি হিচাপে (Kcal/m2/yr) প্রকাশ কৰা হয়। উৎপাদন ক্ষমতাক দুটা ভাগত ভগাব পাৰি যেনে – প্রাথমিক উৎপাদন ক্ষমতা (Primary productivity) আৰু গৌণ উৎপাদন ক্ষমতা (Secondary productivity)।

1. প্রাথমিক উৎপাদন ক্ষমতা: প্রতি একক ক্ষেত্ৰফলত থকা সেউজীয়া উদ্ভিদে নির্দিষ্ট সময়ৰ ব্যৱধানত সালোক সংশ্লৈষণৰ সহায়ত যিখিনি শক্তি আহৰণ কৰে তাকে প্রাথমিক উৎপাদন ক্ষমতা বোলা হয়। ই আকৌ দুই প্রকাৰৰ যেনে – সামগ্রিক বা স্থুল প্রাথমিক উৎপাদন (Gross Primary Production, GPP or PG) আৰু ৰাহি প্রাথমিক উৎপাদন (Net Primary Production, NPP or PN) ।

(i) সামগ্রিক বা স্থুল প্রাথমিক উৎপাদন (GPP or PG): সেউজীয়া উদ্ভিদে নির্দিষ্ট সময়ত একক ক্ষেত্ৰফলত সামগ্রিক ভাবে যি পৰিমাণৰ শর্কৰা বা অন্যান্য জৈৱ যৌগ প্রস্তুত কৰে তাকে স্থুল প্রাথমিক উৎপাদন বোলা হয়।

(ii) ৰাহি প্রাথমিক উৎপাদন (NPP or PN): ই হ’ল সেউজীয়া উদ্ভিদে স্থুল প্রাথমিক উৎপাদনৰ পৰা খৰছ কৰাৰ পিছত ৰাহি হোৱা শক্তি নাইবা সঞ্চিত বায়’মাছৰ পৰিমাণ। উদ্ভিদৰ ক্ষেত্ৰত শ্বসন কার্যত (Respiration or R) ব্যৱহাৰ হোৱা শক্তিক বাদ দি যিখিনি অতিৰিক্ত শক্তি জমা হৈ থাকে তাকে ৰাহি প্রাথমিক উৎপাদন বোলা হয়। অর্থাৎ, ৰাহি মুখ্য উপাদন (PN): = স্থুল মুখ্য উৎপাদন (PG) – শ্বসন (R)। বা, স্থুল মুখ্য উৎপাদন (PG) = ৰাহি মুখ্য উপাদন (PN) + শ্বসন (R)।

2. গৌণ উৎপাদন ক্ষমতা: উপভোক্তা স্তৰত জৈৱ যৌগৰ পুনৰ সংশ্লেষণ হাৰকে গৌণ উৎপাদন বোলা হয়। ভক্ষণৰ জৰিয়তে উৎপাদকৰ পৰা প্রত্যক্ষ নাইবা পৰোক্ষ ভাবে উপভোক্তাবোৰে কিছু শক্তি আহৰণ কৰি দেহত সঞ্চিত কৰি ৰাকে। এনেদৰে উপভোক্তা স্তৰত সঞ্চিত শক্তিকেই গৌণ উৎপাদন বোলা হয়। সাধাৰণতে মূখ্য উৎপাদনৰ কেৱল শতকৰা 10 ৰ পৰা 20 শতাংশহে গৌণ উৎপাদনলৈ ৰূপান্তৰিত হয় আৰু বাকীখিনি তাপ শক্তি হিচাপে নির্গত হয়।

মূখ্য উৎপাদন ক্ষমতা প্রভাৱিত কৰা কাৰক সমূহ

কোনো এখন ঠাইৰ উৎপাদকতা নির্ভৰ কৰে পৰিৱেশৰ বিভিন্ন কাৰকৰ ওপৰত। এইবোৰৰ তাৰতম্যৰ কাৰণতেই বিভিন্ন পৰিৱেশ তন্ত্ৰৰ প্রাথমিক উৎপাদকতা বিভিন্ন ধৰণৰ হয়। এই কাৰকবোৰ হ’ল, পোহৰ, উষ্ণতা, পানী, পোষক দ্রব্য, সালোক সংশ্লেষণৰ দক্ষতা, সৌৰ বিকিৰণ, অধঃক্ষেপন, মাটিৰ প্রকাৰ, আদ্রতা ইত্যাদি। মাটিত পর্য্যাপ্ত পৰিমাণৰ পানীৰ যোগান নিশ্বিত হলে ক্ৰান্তীয় অঞ্চলসমূহত গোটেই বছৰ ধৰি মূখ্য উৎপাদন অবিৰত ভাবে চলি থাকে। আনহাতে মেৰু অঞ্চলত অত্যাধিক শীতৰ বাবে মূখ্য উৎপাদন সীমিত হৌৱা দেখা যায়। প্রাথমিক উৎপাদন ক্ষমতা (Primary Productivity) আৰু গৌণ উৎপাদন ক্ষমতা (Secondary Productivity) ৰ মাজত পার্থক্য। প্রাথমিক উৎপাদন ক্ষমতা গৌণ উৎপাদন ক্ষমতা

1. প্রাথমিক উৎপাদন ক্ষমতা হ’ল উৎপাদকে অজৈৱ বস্তুৰ পৰা জৈৱিক বস্তু সংশ্লেষণ কৰাৰ হাৰ।

2. গৌণ উৎপাদন ক্ষমতা হ’ল উপভোক্তাই জৈৱিক বস্তুৰ পৰা জৈৱিক বস্তু সংশ্লেষণ কৰাৰ হাৰ।

3. এই হাৰৰ মাত্ৰা আপেক্ষিক ভাবে বহুত বেছি।

4. এই হাৰৰ মাত্ৰা আপেক্ষিক ভাবে কম আৰু উর্দ্ধৰ পৌষ্টিক স্তৰৰ (Trophic level) ফালে ক্ৰমান্বয়ে কমি আহে।

5. ইয়াত অজৈৱ পদার্থৰ পৰা জৈৱিক পদার্থৰ সংশ্লেষণ হয়।

6. ইয়াত জৈৱ পদার্থৰ পৰা জৈৱিক পদার্থৰ সংশ্লেষণ হয়।

উৎপাদনৰ পর্য্যায়

উৎপাদনৰ পর্য্যায় ঠাই এডোখৰৰ উদ্ভিদ প্রজাতি, সিহঁতৰ সালোক সংশ্লেষণৰ ক্ষমতা, পোষক দ্রব্যৰ প্রাচুর্য্যতা, সূর্যৰ বিকিৰণ, অধঃক্ষেপন, মাটিৰ প্রকাৰ আৰু অন্যান্য কিছুমান পৰিৱেশিক কাৰকৰ ওপৰত নির্ভৰশীল। উৎপাদনক্ষমতাৰ ওপৰত নির্ভৰ কৰি পৰিৱেশ তন্ত্ৰৰ উৎপাদনৰ পর্য্যায়ক তিনিটা ভাগত ভগোৱা হৈছে যেনে – অধিক উৎপাদনশীল পৰেৱেশ তন্ত্ৰ (High productivity ecosystem), সাধাৰণ উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Average productivity ecosystem), কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Less productivity ecosystem) আৰু অতি কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ (Low productivity ecosystem)।

(i) অধিক উৎপাদনশীল পৰেৱেশ তন্ত্ৰ: যিবোৰ পৰিৱেশ তন্ত্ৰৰ ৰাহি মূখ্য উপাদান) Net productivity) প্রায় 2-4kg/m2/yr বা 20-40 ton/hac/yr সেইবোৰকে অধিক উৎপাদনশীল পৰিৱেশ তন্ত্ৰ বোলা হয়। উৎপাদকৰ প্রকাৰৰ ওপৰত নির্ভৰ কৰি এনেকুৱা পৰিৱেশ তন্ত্ৰৰ দৈনিক উৎপাদন প্রায় 6-20gm/m2। এনেকুৱা উৎপাদন ক্ষমতা সাধাৰণতে ক্ৰান্তীয় অৰণ্য (Tropical forest), প্লাৱন ভূমি (Flood plain), প্রৱাল দ্বীপ (Coral reef), কুঁহিয়াৰৰ খেতিৰ পৰিৱেশ তন্ত্ৰত দেখিবলৈ পোৱা যায়।

(ii) সাধাৰণ উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এনেকুৱা পৰিৱেশ তন্ত্ৰবোৰত উৎপাদনৰ হাৰ 1-2kg/m2/yr বা 10-20ton/hac/yr আৰু দৈনিক হিচাবত উৎপাদন 3-5gm/m2। সাধাৰণ খেতিপথাৰ আৰু নাতিশীতোষ্ণ অঞ্চলৰ (Temperate) অৰণ্য সমূহ এই প্রকাৰৰ।

(iii) কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এইবোৰ পৰিৱেশ তন্ত্ৰৰ বার্ষিক উৎপাদন 200-1000gm/m2 বা 2-10ton/hac আৰু দৈনিক হিচাবত0.5-3.0gm/m2। উদাহৰণ – তৃণভূমি।

(iv) অতি কম উৎপাদনশীল পৰিৱেশ তন্ত্ৰ: এইবোৰ পৰিৱেশ তন্ত্ৰৰ বার্ষিক উৎপাদন 200gm/m2 বা 2ton/hac তকৈও কম। কিছুমান মৰুভূমিৰ বছৰি উৎপাদন ক্ষমতা .03ton/hac বা ইয়াতকৈও কম।

বিয়োজন

বিয়োজক জীৱৰ দ্বাৰা জটিল জৈৱ যৌগবোৰক ভৌতিক আৰু ৰাসায়নিক পদ্ধতিৰে বিয়োজিত কৰাকে বিয়োজন বুলি কোৱা হয়। স্থলজ পৰিৱেশ তন্ত্ৰত মাটিৰ ওপৰৰ স্তৰটোৱেই হ’ল বিয়োজনৰ স্থান। উদ্ভিদৰ মৃত অংশ, মৃত প্রাণীৰ শৰীৰ, প্রাণীৰ শৰীৰৰ বর্জিত বস্তু আদিবোৰক অপৰদ (Detritus) বোলা হয়।

বিয়োজন পদ্ধতি

বিয়োজনৰ ফলত মৰা পছা বস্তুবোৰ সম্পূর্ণৰূপে বিয়োজিত হৈ পৰিৱেশ তন্ত্ৰৰ লগত পুনৰায় মিলি যায় আৰু নতুন নতুন জীৱ প্রজন্মৰ শৰীৰত প্রৱেশ কৰে। বিয়োজন প্রক্ৰিয়াৰ স্তৰ সমূহ হ’ল – খণ্ডন (Fragmentation), নিক্ষালন (Leaching), অপচয় (Catabolism), হিউমিফিকেচন (Humification) আৰু খনিজীভৱণ (Mineralisation)।

(i) খণ্ডন (Fragmentation): অপৰদভোজী প্রাণীবোৰ (Detrivores) যেনে – উই পৰুৱা (Termites), গুৱৰুৱা পোক (Beetles), কেঁচু আদিয়ে মৰা পছা বস্তুবোৰক সৰু সৰু কণালৈ ভাঙি দিয়ে। ইয়াকে খণ্ডন প্রক্ৰিয়া বোলা হয়।

(ii) নিক্ষালন (Leaching): অজৈৱ পোষক দ্রব্যৰ কণাবোৰ পানীত দ্রবীভূত হৈ মাটিৰ তললৈ গৈ অপ্রাপ্তব্য লৱণ হিচাপে অৱক্ষেপিত হোৱাকে নিক্ষালন বোলা হয়।

(iii) অপচয় (Catabolism): বিয়োজক জীৱ যেনে – বেক্টেৰিয়া, ভেঁকুৰ আদিয়ে উৎসেচকৰ সহায়ত অদ্রবনীয় জটিল জৈৱ যৌগবোৰক সৰল আৰু দ্রবনীয় জৈৱ যৌগলৈ পৰিৱর্তন কৰে। ইয়াকে অপচয় বোলা হয়।

(iv) হিউমিফিকেচন (Humification): অপৰদ আৰু অৱশিষ্ট জৈৱ যৌগবোৰৰ পৰা কলা ৰঙৰ অনিয়তাকাৰ পদার্থ সৃষ্টি হোৱাকে হিউমিফিকেচন বোলা হয়। এই পদার্থবোৰকে হিউমাছ বোলা হয়। এইবোৰৰ ওপৰত অনুজীৱবোৰে সহজে ক্ৰিয়া কৰিব নোৱাৰে আৰু এইবোৰ লাহে ধীৰে বিয়োজিত হয়। হিউমাছবোৰ কলয়ড্ প্রকৃতিৰ আৰু এইবোৰে পোষক দ্রব্যৰ ভড়াল হিচাপে কাম কৰে।

(v) খনিজীভৱণ (Mineralisation): জৈৱ যৌগৰ পৰা অজৈৱ লৱণ আৰু অজৈৱ যৌগবোৰক মুক্তকৰণ কৰা প্রক্ৰিয়াকে খনিজীভৱণ বোলা হয়। অপৰদভোজী আৰু বিয়োজক জীৱৰ মাজত প্রর্থক্য: অপৰদভোজী (Detrivores) বিয়োজক জীৱৰ (Decomposers)

1. অপৰদভোজীবোৰ হ’ল প্রাণী। এইবোৰে অপৰদ ভক্ষণ কৰি জীয়াই থাকে।

2. এইবোৰ হ’ল অনুজীৱ। এইবোৰে অৱশিষ্ট জৈৱ পদার্থবোৰৰ পৰা পুষ্টি আহৰণ কৰে।

3. অপৰদভোজীবোৰে মৰা পছা জৈৱ বস্তুবোৰ ভক্ষণ কৰে।

4. ইহঁতে উৎসেচক ক্ষৰণ কৰি জৈৱ পদার্থবোৰৰ বিয়োজন ঘটায়।

5. পৰিৱেশ তান্ত্ৰিক দিশৰ পৰা এইবোৰে মৰা পছা জৈৱ বস্তুবোৰক (অপৰদ) খণ্ড বিখণ্ড কৰে (Fragmentation)। অপৰদভোজী প্রাণীৰ উদাহৰণ হ’ল – কেঁচু, গুৱৰুৱা পোক।

6. পৰিৱেশ তান্ত্ৰিক দিশৰ পৰা এইবোৰে জৈৱিক বস্তুবোৰক হিউমিফিকেচন আৰু খনিজীভৱণ কৰি পৰিৱেশ তন্ত্ৰত মুক্ত কৰি দিয়ে। বিয়োজক জীৱৰ উদাহৰণ হ’ল – চুড’মোনাছ (Pseudomonas)।

বিয়োজন নিয়ন্ত্ৰণকাৰী কাৰক

অপৰদবোৰৰ বিয়োজনৰ হাৰ এইবোৰৰ ৰাসায়নিক প্রকৃতি, পৰিৱেশৰ উষ্ণতা, মাটিৰ আদ্রতা আৰু pH ৰ ওপৰত নির্ভৰশীল। ইয়াৰে শেষৰ তিনিটাই অপৰদভোজী আৰু বিয়োজক জীৱৰ কার্যৰ ওপৰত প্রভাৱ পেলায়।

(i) উষ্ণতা: উচ্ছ উষ্ণতাই বিয়োজনৰ হাৰ বৃদ্ধি কৰে। বিশেষকৈ 300 চে. ৰ উষ্ণতাৰ পৰা ক্ৰমাগত উষ্ণতা বৃদ্ধিয়ে বিয়োজনৰ মাত্ৰা বঢ়ায়। এনেকুৱা উষ্ণতাত কেইসপ্তাহ মানৰ পৰা কেইমাহমান সময়ৰ ভিতৰতে অপৰদবোৰৰ বিয়োজন ঘটায়। আনহাতে কম উষ্ণতাত বিশেষকৈ 100 চে. উষ্ণতাৰ তলৰ ফালে বিয়োজনৰ হাৰ নিম্নগামী হোৱা পৰিলক্ষিত হোৱা দেখা যায়।

(ii) মাটিত আদ্রতা: বিয়োজনৰ বাবে মাটিত জলীয় বাষ্পৰ পৰিমানো অতি প্রয়োজনীয়। মৰুভূমিবোৰত জলীয় বাষ্পৰ পৰিমাণ কম আৰু সেয়েহে উষ্ণতা অধিক হোৱা স্বত্বেও ইয়াত বিয়োজনৰ হাৰ অতি কম। আকৌ অত্যাধিক জলীয় বাষ্পৰ মাত্ৰাও বিয়োজনক বাধা দিয়া দেখা যায় কিয়নো এনেকুৱা অৱস্থাত বিয়োজনৰ কাৰণে প্রয়োজনীয় অক্সিজেন আহৰণ বাধাপ্রাপ্ত হয়।

(iii) pH: প্রশমিত আৰু সামান্য ক্ষাৰকীয় মাটিত অনুজীৱ আৰু বিয়োজকবোৰৰ বাবে উপযোগী। আম্লিকতা বাঢ়ি যোৱাৰ লগে লগে অপৰদভোজী আৰু বিয়োজক জীৱবোৰৰ সংখ্যাও কমি আহে। ইয়াৰ উপৰিও বিয়োজন প্রক্ৰিয়াৰ বাবে অক্সিজেনৰ প্রয়োজন হয়। আকৌ কোনোবা মাটিৰ অপৰদত যদি লিগ্‌নিন আৰু কাইটিন থাকে তেতিয়াও বিয়োজনৰ গতি মন্থৰ হয় আৰু অপৰদত যদি অধিক পৰিমানে নাইট্রজেন তথা পানীত দ্রবণীয় শর্কৰা থাকে তেতিয়া বিয়োজনৰ মাত্ৰা তীব্রতৰ হয়।

. পৰিৱেশ বুলিলে কি বুজা নিজৰ ভাষাত লিখা।
উত্তৰ:-কোনো জীৱ বা জীৱসমষ্টিৰ কেউকাষৰ অৱস্থাকে সাধাৰণতে পৰিৱেশ বুলি কোৱা হয়।এই উপাদান বোৰৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে। পৰিৱেশৰ উপাদানবোৰে জড় আৰু জীৱ উভয়কে সামৰি লয়। সহজ অৰ্থত পৰিৱেশ বুলিলে সেয়ে কোনো এখন ঠাই বা অঞ্চলত বিৰাজ কৰা উপাদান বোৰৰ মাজৰ সম্পৰ্কৰ জালিখনকে বুজায়।

. পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা।
উত্তৰ:-পৰিৱেশৰ কেইটামান জৈৱ-উপাদানৰ নাম ' বিভিন্ন প্ৰজাতিৰ উদ্ভিদ, অণুজীৱ,প্ৰাণী আদি।
  পৰিৱেশৰ কেইটামান অজৈৱ উপাদানৰ নাম '- মাটি, পানী, বায়ু, জড়হীন বস্তু আদি।

. স্থলমণ্ডল বুলিলে কি বুজা লিখা।
উত্তৰ:- শিল, বালি, মাটি, মণিক আদিৰ দ্বাৰা গঠিত পৃথিৱীৰ স্থলভাগকে স্থলমণ্ডল বোলে।এই স্থলমণ্ডলে পৃথিৱীৰ মহাদেশ কেইখনক সামৰি লৈছে।ভূ-পৃষ্ঠাৰ প্ৰায় ২৯ শতাংশ আগুৰি আছে। পাহাৰ-পৰ্বত, মালভূমি, সমভূমি, নদী,-উপত্যকা, উপকূল আদি স্থলমণ্ডলৰ ভিতৰত পৰে।

. জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা।
উত্তৰ:- পৃথিৱীৰ সাগৰ মহাসাগৰবোৰেজলমণ্ডল গঠন কৰিছে। স্থলমণ্ডলত থকা নদ-নদী, হ্ৰদ আদি জলাশয়বোৰো জলমণ্ডলৰ অন্তৰ্গত।

. বায়ুমণ্ডল কিহেৰে গঠিত লিখা।
উত্তৰ:-অক্সিজেন, নাইট্ৰজেন, কাৰ্বন-ডাই-অক্সাইড, আৰ্গন আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত হয়।

. জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা।
উত্তৰ:-জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ,স্থলভাগৰ কিছু মিটাৰ গভীৰতা লৈ বিয়পি থকা অংশ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকটি আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে .৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণী প্ৰজাতি চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত মানুহ হৈছে এটা মাত্ৰ প্ৰজাতি।

. পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধ চমুকৈ লিখা।
উত্তৰ:- পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটা ' স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। পৃথিৱীৰ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল। ইহঁতৰ মাজত চলি থকা আন্তঃক্ৰিয়াই পৃথিৱীৰ পৰিৱেশ গঢ়ি তুলিছে। মণ্ডলকেইটাৰ অন্তৰ্গত অগণন উপাদানে পাৰস্পৰিক ক্ৰিয়াৰ এক জটিল জিলিৰ যোগেদি পৃথিৱীৰ পৰিৱেশ নিৰাপণ কৰিছে।এই পৰিৱেশ পৰিৱৰ্তনশীল। স্থান আৰু কাল ভেদে পৃথিৱীৰ পৰিৱেশৰ পৰিৱৰ্তন ঘটে। এই চাৰিওটা মণ্ডল পাৰস্পৰিক সম্পৰ্কৰ যোগেদি যুক্ত হৈ আছে।এই সম্পৰ্কৰ মাধ্যমেদি পৃথিৱীত যি অৱস্থাৰ সৃষ্টি হৈছে তাকে বহল অৰ্থত পৰিৱেশ বুলি কয়। পৃথিৱীৰ পৰিৱেশ এটা অতি বিশাল আৰু জটিল তন্ত্ৰ। এই বিশাল তন্ত্ৰৰ ভিতৰতে পৃথিৱীৰ প্ৰতিখন ঠাই বা অঞ্চলৰ পৰিৱেশে ক্ৰিয়া কৰি আছে। অৰ্থাৎ পৃথিৱীৰ সকলো ঠাইৰ পৰিৱেশ গোলকীয় পৰিৱেশ তন্ত্ৰ একো একোটা অংশ মাথোন।

. পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ উল্লেখ কৰা।
উত্তৰ:- পৰিৱেশ পৰিৱৰ্তনৰ প্ৰধান কাৰকবোৰ ' - জনসংখ্যা বৃদ্ধি, উদ্যোগীকৰণ, নগৰীকৰণ, যাতায়ত পৰিবহণৰ পৰিবৰ্ধন কৃষিভূমিৰ বৃদ্ধি আদি।

. পাৰিৱেশিক সমস্যা কি ব্যাখ্যা কৰা।
উত্তৰ:- এই পৃথিৱীত মানুহৰ জনসংখ্যা বৃদ্ধিৰ লগে লগে বিভিন্ন সম্পদৰ প্ৰয়োজন হৈ পৰিল। এই সম্পদ বা প্ৰয়োজনীয়তা বস্তুবোৰ প্ৰকৃতিৰ পৰা সংগ্ৰহ কৰাৰ ফলত, পৰিৱেশৰ ভাৰসাম্য বিনিষ্ট ' ধৰিলে। ইয়াৰ ফলত কিছুমান নতুন সমস্যাৰ সৃষ্টি ' গতিকে পৰিৱেশৰ লগত সম্পৰ্ক থকা এই সমস্যাবোৰক পাৰিৱেশিক সমস্যা বোলা হয়।

১০. ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা।
উত্তৰ:- ভৌগোলিক দিশৰ পৰা পৰিৱেশৰ সমস্যাসমূহক তিনিটা ভাগত ভগাব পাৰি-
() স্থানীয় সমস্যা
() আঞ্চলিক সমস্যা আৰু
() গোলকীয় সমস্যা

১১. পৰাৱেশৰ স্থানীয় সমস্যা কি ? উদাহৰণ দি লিখা।
উত্তৰ:- উৎপত্তি আৰু বিস্তৃতিৰ ফালৰ পৰা যিবোৰ পৰিৱেশিক সমস্যা একোটা সৰু এলেকাত সীমাবদ্ধ হৈ থাকিব পাৰে, সেইবোৰ সমস্যাকে পৰিৱেশিক সমস্যা বোলে। উদাহৰণস্বৰূপে এটা ক্ষুদ্র উদ্যোগে কৰা সীমিত ভূমি প্ৰদূষণ, বিল এখন তৰাং হৈ অহাৰ ফলত খৰালি সৃষ্টি হোৱা পানীৰ নাটনি, কোনো এঠাইত নৈয়ে সৃষ্টি কৰা খহনীয়াৰ সমস্যা আদি।

১২. পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ লিখা।
উত্তৰ:- অসম ব্ৰহ্মপুত্ৰ বা বৰাক উপত্যকাৰ বানপানীৰ সমস্যা, বিশাল ঔদ্যোগিক অঞ্চলৰ পানী প্ৰদূষণৰ সমস্যা আদি আঞ্চলিক সমস্যাৰ উদাহৰণ।

১৩. কোনবোৰ সমস্যাক গোলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা।
উত্তৰ:- যিবোৰ পৰিৱেশ সমস্যাই সমগ্ৰ পৃথিৱীৰ সামৰি লয় আৰু প্ৰভাৱ বিস্তাৰ কৰিব পাৰে, সেইবোৰ সমস্যাকে গোলকীয় সমস্যা বুলি কোৱা হয়। উদাহৰণ স্বৰূপে গোলকীয় উত্তাপ বৃদ্ধি। এই সমস্যা বায়ুমণ্ডলৰ লগত জড়িত হোৱাৰ কাৰণে বিস্তৃতিৰ ফালৰ পৰা অসীম। ইয়াৰ প্ৰভাৱ বায়ুমণ্ডলৰ লগতে পৃথিৱীৰ পৰিৱেশৰ জলভাগ, স্থলভাগ আৰু জীৱজগতৰ ওপৰতো পৰে।

১৪. পৰিৱেশৰ প্ৰধান সমস্যা সমূহ উল্লেখ কৰা ?
 উত্তৰ:- পৰিৱেশৰ প্ৰধান সমস্যা সমূহ ' - প্ৰদূষণ, মৰুকৰণ, ভূমিস্খলন, ভূমিক্ষয়, গোলকীয় উত্তাপ বৃদ্ধি, কৃত্ৰিম বান, সাগৰ পৃষ্ঠৰ উণ্খান আদি প্ৰধান।

১৫. প্ৰদূষণৰ অৰ্থ লিখা।
উত্তৰ:- অনিষ্টকাৰী দ্ৰব্যই পৰিৱেশ বিনষ্ট কৰা প্ৰক্ৰিয়াকেপ্ৰদূষণ বোলা হয়। যেনে:- সীহ, ছালফাৰ ডাই অক্সাইড, কাৰ্বন মন'অক্সাইড আদি পৰিৱেশ প্ৰদূষকে প্ৰদূষণৰ সৃষ্টি কৰে।

১৬. পানী প্ৰদূষণ কি আৰু কেনেকৈ হয় লিখা।
উত্তৰ:- বায়ুমণ্ডলৰ দৰে পানীও প্ৰদূষিত হয়। পানীৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, পদাৰ্থকণা, অণুজীৱ, বিকিৰণ আদি মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায়। গুণৰ পৰিৱৰ্তন ঘটোৱা এনে প্ৰক্ৰিয়াকে পানী প্ৰদূষণ বোলা হয়। ,সহজ ভাষাত দূষিত পদাৰ্থ মিহলি হৈ নিৰ্মল পানীক ব্যৱহাৰৰ অনুপযোগী কৰা কাৰ্যকে পানী প্ৰদূষণ বোলা হয়। সাধাৰণতে পানীৰ উৎসত মানুহৰ বসতি, উদ্যোগ, কৃষি আদি থাকিলে তাৰ পৰা নিৰ্গত অপদ্ৰৱ্য পানীত মিহলি হৈ পানী প্ৰদূষিত কৰে। প্ৰদূষিত পানীয়ে তাত থকা উদ্ভিদ আৰু প্ৰাণীৰ ক্ষতি সাধন কৰে। সাধাৰণতে ঔদ্যোগিক আৱৰ্জনা আৰু নগৰৰ পেলনীয়া পদাৰ্থই নগৰ অঞ্চলৰ মাজেদি বা কাষেদি প্ৰৱাহিত নদ-নদীৰ পানী প্ৰদূষিত কৰে।
বৃহৎ ঔদ্যোগিক অঞ্চলৰ আশে-পাশে থকা জলাশয়ৰ পানীভাগত এচিডৰ পৰিমাণ বৃদ্ধি পালেও পানী প্ৰদূষিত হয়। বায়ুমণ্ডলত জমা হোৱা ছালফাৰ-ডাই-অক্সাইড আৰু নাইট্ৰ'জেন অক্সাইড এচিড বৰষুণৰূপে নামি আহি জলাশয় আদিৰ পানী প্ৰদূষিত কৰে।পানী প্ৰদূষিত মানুহৰ স্বাস্থ্য হানিৰ লগতে মহাদেশৰ মাটিভাগৰো উৰ্বৰতা হ্ৰাস কৰে।

১৭. মাটি প্ৰদূষণৰ ওপৰত এটা চমু টোকা লিখা।
উত্তৰ:- মাটি প্ৰকৃতিৰ এবিধ অতি গুৰুত্বপূৰ্ণ উপাদান। মানুহৰ বাবে এক অপৰিহাৰ্য সম্পদ। মাধৱ সভ্যতাৰ বিকাশ প্ৰধানকৈ এই সম্পদৰ ওপৰত ভিত্তি কৰিয়েই সম্ভৱ হৈ উঠিছে মানৱজনিত কাৰণতেই মাটি সম্পদ প্ৰদূষণৰ কবলত পৰিছে। সাধাৰণতে মাটিৰ লগত কোনো ৰাসায়নিক পদাৰ্থ, বিষাক্ত ধাতু, ঔদ্যোগিক আৱৰ্জনা , তেলষ্ক্ৰিয়া পদাৰ্থ। এচিড বৰষুণ আদি মিহলি 'লে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতা হ্ৰাস পায়।
সাধাৰণতে আধুনিক কৃষিকৰ্য, উদ্যোগৰ ধ্বংসই মাটি প্ৰদূষণৰ প্ৰধান কাৰণ। কৃষিৰ আধুনিকীকৰণ কৃষি ক্ষেত্ৰত ৰাসায়নিক সাৰ, জলসিঞ্চন, কীটনাশক দৰৱ আদিৰ প্ৰয়োগ বৃদ্ধি কৰিছে। ৰাসায়নিক সাৰৰ প্ৰয়োগে মাটিৰ স্বাভাৱিক গঠন আৰু গুণাগুণৰ যিদৰে সলনি ঘটায়, সেইদৰে ভূমিৰ গুণাগুণৰ পৰিৱৰ্তন ঘটে। তদুপৰি কীটনাশক আৰু অপতৃণনাশক দৰৱ প্ৰযোগৰ কৰিলেও নিৰ্দিষ্ট কীট পতংগ আৰু অলাগতিয়াল উদ্ভিদৰ মাটিত থকা উপকাৰী প্ৰাণী আৰু অণুজীৱও ধ্বংসৰ মুখত পৰে। ইয়ে মাটিৰ প্ৰাকৃতিক গুণৰ পৰিৱৰ্তন ঘটাই মাটিক প্ৰদূষিত কৰে। তদুপৰি উদ্যোগিক আৰ্বজনা আৰু ৰাসায়নিক পদাৰ্থয়ো মাটিত মিহলি হৈ মাটি প্ৰদূষিত কৰে ভূগৰ্ভৰ পৰা কয়লা, খাৰুৱা তেল আদি উত্তোলন কৰোঁতেও সেইবোৰৰ কিছু অংশ অসাৱধানবশতঃ ওচৰৰ মাটিত মিহলি হৈ প্ৰদূষিত কৰে। এইদৰে মাটি প্ৰদূষণে এটা ডাঙৰ সমস্যাৰ সৃষ্টি কৰিছে।

১৮. বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা।
উত্তৰ:- পৃথিৱীৰ বায়ুমণ্ডল প্ৰধানকৈ গেছীয় পদাৰ্থৰ দ্বাৰা গঠিত। বায়ু দূষিতকাৰী প্ৰাকৃতিক কাৰকৰ ভিতৰত আগ্নেয় উদগিৰণেই প্ৰধান উদগীৰণৰ সময়ত নিৰ্গত হোৱা ধোৱা, ছাই আৰু গেছীয় পদাৰ্থই বায়ু প্ৰদূষিত কৰে। ইয়াৰ উপৰি পৃথিৱীৰ বিশেষ কিছুমান অঞ্চলত প্ৰায়ে সংঘটিত বনজুয়েও বায়ুমণ্ডল দূষিত কৰে। বায়ুমণ্ডল প্ৰধানকৈ মানুহৰ কাৰ্যৱলীয়ে প্ৰদূষিত কৰিছে। শিল্প উদ্যোগৰ প্ৰসাৰ,নগৰীকৰণ, যান-বাহন বৰ্ধিত ব্যৱহাৰ, আণৱিক বিস্ফোৰণ আদি মানুহৰ কাৰ্যসমূহ ' পৃথিৱীৰ বায়ুমণ্ডল দূষিত হোৱাৰ প্ৰধান কাৰক।

১৯. মৰুভূমি কাক বোলে ? মৰুকৰণৰ সংজ্ঞা দিয়া।
উত্তৰ:- যিবোৰ অঞ্চল বালিৰে আবৃত্ত হৈ থাকে তাকে মৰুভূমিৰ বোলে।এইবোৰ অঞ্চলত বৰষুণৰ পৰিমাণ কম আৰু বাস্পীভৱন বেছি বাবে মৰুভূমিৰ পৰিৱেশ শুকান। এইবোৰ অঞ্চলত গছ গছনিও কম থাকে।
        মৰুকৰণ এনেকুৱা এটা প্ৰক্ৰিয়া যিয়ে ভূমিৰ জৈৱিক সম্ভাৱনা বা ক্ষমতা বিনষ্ট কৰি অৱশেষত মৰুসদৃশ অৱস্থাৰ সৃষ্টি কৰে। মৰুকৰণ  প্ৰক্ৰিয়াই মৰুভূমিবোৰৰ সম্প্ৰসাৰণ ঘটায় আৰু নতুন নতুন ঠাইক মৰুভূমিত পৰিণত কৰে।

২০. মৰুকৰণৰ কাৰণ দৰ্শোৱা।
উত্তৰ:- মৰুকৰণৰ কাৰণ বোৰ '-
() প্ৰাকৃতিক কাৰকৰ ভিতৰত খৰাং বতৰে মৰুকৰণ প্ৰক্ৰিয়াত সহায় কৰে। খৰাং বতৰে মৰুকৰণ প্ৰক্ৰিয়াত সহায় কৰে। খৰাং অৱস্থাই ভূমিৰ উৎপাদন ক্ষমতা হ্ৰাসকৰাৰ লগতে উদ্ভিদৰ বৃদ্ধিত নেতিবাচক প্ৰভাৱ পেলায়। ইয়ে মৰুকৰণ প্ৰক্ৰিয়াক ত্বৰান্বিত কৰে।
() গোলকীয় উত্তাপ বৃদ্ধিয়ে মৰুকৰণ প্ৰক্ৰিয়াক ভয়াৱহ ৰূপ দিছে। উত্তাপ বৃদ্ধিয়ে উষ্ণ মৰুভূমিবোৰৰ পৰিৱেশ আৰু অধিক শুকান কৰি তুলি আছে।
() মানুহৰ কাৰ্য্য কলাপেও মৰুকৰণ প্ৰক্ৰিয়াক সহায় কৰে মানুহৰ কাৰ্যকলাপৰ ভিতৰত অত্যাধিক পশুচাৰণ, কৃষি প্ৰসাৰ আৰু বননি ধ্বংসই প্ৰধান।
() দ্ৰুত জনসংখ্যা বৃদ্ধিয়ে মৰু আৰু মৰুপ্ৰায় অঞ্চলবোৰত মানুহৰ সংখ্যা বঢ়াইছে আৰু মৰুভূমিৰ প্ৰসাৰ ঘটাত যথেষ্ট সহায় কৰিছে।

২১. মৰুকৰণ সমস্যাৰ সমাধান সম্ভৱনে?
উত্তৰ:- মৰুকৰণ সমস্যা এটা ডাঙৰ সমস্যা। মৰুকৰণ জনিত সমস্যাৰ সমাধান সমগ্র বিশ্ববাসীৰ সন্মুখত এতিয়া এটা জটিল প্ৰত্যাহান আন্তৰ্জাতিক সহযোগ অবিহনে এই সমস্যাৰ সমাধান সম্ভৱ নহয়। গোলকীয় উত্তাপ বৃদ্ধিৰ দৰে প্ৰক্ৰিয়াৰ লগত জড়িত থকাৰ কাৰণে মৰুকৰণ সমস্যা ক্ৰমে জটিল হৈ আহিছে। মানৱ কাৰ্যাৱলীৰ বাবে এই সমস্যা আৰু অধিক জটিল হৈ পৰিছে। এই সমস্যাৰ সমাধানৰ বাবে জনসাধাৰণ আৰু লগতে চৰকাৰে কিছুমান পদক্ষেপ হাতত ' লাগিব। জনসাধাৰণৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা আনিবলৈ কিছুমান সংস্থা আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় আৰু স্থানীয় পৰ্যায়ত স্থাপন কৰিলে ভৱিষ্যতে এই সমস্যাটো সমাধান কৰিব পৰা যাব।

২২. গোলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰকবোৰ উল্লেখ কৰা।
উত্তৰ:- পৃথিৱীৰ বায়ুমণ্ডলৰ পৰিৱৰ্তন প্ৰাকৃতিক বা মানৱসৃষ্ট কাৰণত বায়ুমণ্ডলৰ লগত ভূ-পৃষ্ঠাতো যি উত্তাপ বৃদ্ধি হৈছে তাকে গোলকীয় উত্তাপ বৃদ্ধি বোলে।এই গোলকীয় উত্তাপ বৃদ্ধিৰ বাবে পৃথিৱীত বহুতো সমস্যাৰ সৃষ্টি হৈছে।
গোলকীয় উত্তাপ বৃদ্ধিৰ কাৰকবোৰ '- বায়ুমণ্ডলত থকা কিছুমান গেছে ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি ৰাখিব পাৰে। এনে গেছবোৰৰ ভিতৰত কাৰ্বন-ডাই-অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন, জলীয় বাষ্প আদি সেউজগৃহ গেছ বোলে। এই সকলোবোৰ গেছৰ পৰিমাণ . শতাংশ। এইবোৰ গেছে বায়ুমণ্ডলৰ সৈতে ভূ-পৃষ্ঠতো উত্তাপৰ ক্ষেত্ৰত ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে। কিন্তু যিকোনো কাৰণতে বায়ুমণ্ডলত এই গেছ বোৰৰ স্থিতি তাৰতম্য ঘটিলে, উত্তাপৰ স্বাভাৱিক অৱস্থাৰ পৰিৱৰ্তন ঘটে। বায়ুমণ্ডলত সেউজ গেছৰ পৰিমাণ বাঢ়িলে সাধাৰণতে বায়ুমণ্ডলৰ উত্তাপ বাঢ়ে।

২৩. গোলকীয় উষ্ণতা বৃদ্ধিয়ে কি কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা।
উত্তৰ:- গোলকীয় উষ্ণতা বৃদ্ধিয়ে সৃষ্টি কৰিব পৰা সমস্যাসমূহ ' -
() মেৰু অঞ্চলৰ বিশাল বৰফস্তূপৰ গলন
() উদ্ভিদ আৰু প্ৰাণী জগতৰ জন্ম বৃদ্ধি।
() ভৌগোলিক বিতৰণৰ পৰিৱৰ্তন।
() শস্যৰ উৎপাদন হ্ৰাস
() মৰুকৰণ।

২৪. গোলকীয় উত্তাপ বৃদ্ধিৰ ৰোধ কৰাৰ উপায় সমূহ লিখা ?
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধি ৰোধ কৰাৰ উপায় সমূহ '-
) সেউজ গৃহ গেছৰ পৰিমাণ হ্ৰাস কৰা,
) বৃক্ষ ৰূপন কৰা আৰু বনাঞ্চল সুৰক্ষিত কৰা,
) যান-বাহনৰ চলাচল কম কৰা,
) চহৰৰ পৰা অলপ আঁতৰত উদ্যোগ স্থাপন কৰা আদি।
অতিৰিক্ত প্ৰশ্নোওৰ

) পৰাৱেশৰ উপাদান সমূহ কি কি ?
উত্তৰ:- পৰিৱেশৰ উপাদান বুলি কলে কোনো এটা অঞ্চলত পোৱা জড় আৰু জীৱ সকলো বস্তুকে সামৰি লয়। ইয়াত মানুহ আৰু মানুহৰ ক্ৰিয়াকলাপ অন্তৰ্ভূক্ত হয়

) সেউজগৃহ গেছ কাক বোলে ?
উত্তৰ:- বায়ুমণ্ডলত(Atmosphere) থকা কাৰ্বন-ডাই-অক্সাইড গেছে, ভূ-পৃষ্ঠৰ পৰা প্ৰতিফলিত সৌৰশক্তি শোষণ কৰি বায়ুমণ্ডলত বিশেষ এক উপযোগী উত্তাপ বাহাল ৰখাত সহায় কৰে। একে ধৰণে কাম অন্য কিছুমান গেছো বায়ুমণ্ডল পোৱা যায় সেই গেছবোৰকে সেউজ গৃহ গেছ বোলা হয়।

) সেউজ গৃহ গেছ কেইবিধৰ নাম উল্লেখ কৰা।
উত্তৰ :- সেউজ গৃহ গেছ কেইবিধমানৰ নাম '
) মিথেন
) নাইট্ৰাছ অক্সাইড
) ক্লৰ'ফ্লুৰ'কাৰ্বনছ

. গোলকীয় উত্তাপ বৃদ্ধি অৰিহনা যোগাৱা কাৰক বিলাক কি কি ?
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যোগোৱা গেছ সমূহ '
) বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি
) অৰণ্য ধ্বংস
) আৰ্দ্ৰভূমি
) কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰ আৰু কীটনাশক দৰৱৰ প্ৰয়োগ
) মৰুপ্ৰান্তীয় অঞ্চলবোৰত অত্যাধিক পশুচাৰণ।

) উৎপত্তি অনুসৰি পাৰিৱেশিক সমস্যাবোৰ উদাহৰণ সহ শ্ৰেণী বিভক্ত কৰা।
উত্তৰ:- উৎপত্তি অনুসৰি পাৰিৱেশিক সমস্যা সমূহ -
) ভূ-আন্দোলনজনিত সমস্যা (উদাহৰণ: ভূমিকম্প, আগ্নেয়গিৰী, চুনামি)
) বায়ুপ্ৰবাহজনিত সমস্যাউদাহৰণ: ঘূৰ্ণীবতাহ, ধুমুহা )
)।নিৰ্বনীৰণজনিত সমস্যা( উদাহৰণ: ভূমিক্ষয়, ভূমিস্খলন )
) প্ৰদূষণজনিত সমস্যা( উদাহৰণ: বায়ু প্ৰদূষণ, জল প্ৰদূষণ, ভূমি প্ৰদূষণ)

. মৰুকৰণ বুলিলে কি বুজা ?
উত্তৰ:- মৰুকৰণ এক পাৰিৱেশিক সমস্যা। পৃথিৱীত যিবিলাক মৰুভূমি আছে সেইবোৰ ক্ৰমে আয়তন বৃদ্ধি পায় মৰুভূমিৰ প্ৰসাৰ হব লাগিছে। এইদৰে মৰুভূমিৰ প্ৰসাৰ ঘটোৱা প্ৰক্ৰিয়াক মৰুকৰণ বোলা হয়।

. অসমক কিয় 'জংঘলৰ ৰাজ্য' বুলি কোৱা হয়?
উত্তৰ:- কিছু বছৰ আগলৈকে অসমক গছ- গছনি আৰু জীৱ জন্তুৰ সংখ্যা ভৰপূৰ হৈ আছিল আৰু এখন সেউজীয়া ৰাজ্য আছিল। সেইবাবে অসমক জংঘলৰ ৰাজ্য বুলি কোৱা হৈছিল।

. মৌচুমী বতাহ কাক বোলে ?
উত্তৰ:- মৌচুমী শব্দটো এটা আৰবী শব্দ। ইয়াৰ অৰ্থ ঋতু। ঋতু অনুসৰি যি বতাহ বলে তাকে মৌচুমী বতাহ বোলে।

. ফলক বিবৰ্তন কাক বোলে ?
উত্তৰ:- পৃথিৱীৰ খোলাটো কিছুমান ফলকৰে গঠিত এই ফলকবোৰে সদায় গতিশীল অৱস্থাত থাকে। যাৰ ফলত পৃথিৱীৰ উপৰি ভাগত আমি বিভিন্ন ভূ- অৱয়ৰ বা পৰিঘটনা দেখিবলৈ পাওঁ। ফলকৰ এই পৰিঘটনাক ফলক বিবৰ্তন বোলা হয়।

১০. বায়ুমণ্ডলত স্বাভাৱিক অৱস্থাত কিমান পৰিমাণৰ কাৰ্বনডাই অক্সাইড থাকে ?
উত্তৰ:- .০৩৫ শতাংশ।

১১. স্থানীয় সমস্যাৰ এটা উদাহৰণ দিয়া।
উত্তৰ:- নৈৰ গৰা খহনীয়া।

১২. গোলকীয় সমস্যাৰ এটা উদাহৰণ উল্লেখ কৰা।
উত্তৰ:- গোলকীয় উত্তাপ বৃদ্ধি।

১৩. ব্ৰহ্মপুত্ৰ নদীৰ অৱাহিকাৰ মাটি কালি কিমান ?
উত্তৰ:- ,৮০,০০০ বৰ্গ কি. মি.

১৪. ১৯৫০ চনৰ ভূমিকম্পৰ প্ৰাৱল্য কিমান আছিল?
উত্তৰ:- .

১৫. বৰদৈচিলা অসমত কেতিয়া আহে ?
উত্তৰ:- এপ্ৰিল মাহত।

১৬. অসমত অৱস্থিত ভূমিকম্প বলয়টোৰ নাম কি ?
উত্তৰ:- আল্পছ-হিমালয়-ভূ-কম্পবলয়।

১৭. ৰিখটাৰ স্কেল কাক বোলে ?
উত্তৰ:- যি স্কেলৰ সহায়ত ভূমিকম্প প্ৰাৱল্য জোখা হয় তাকে ৰিখটাৰ স্কেল বোলে।

১৮. অসমৰ বানপানী সমস্যাৰ চাৰিটা কাৰণ উল্লেখ কৰা।
উত্তৰ:- অসমৰ বানপানী সমস্যাৰ চাৰিটা কাৰণ '
) কম সময়ৰ ভিতৰত অধিক বৰষুণ যাৰ ফলত অধিক পানী বৈ যাব নোৱাৰি উপত্যকা অঞ্চলত বানপানী সমস্যাৰ সৃষ্টি কৰে।
) অসমৰ প্ৰধান নদী ব্ৰহ্মপুত্ৰৰ তলিখন গভীৰ নহয় যাৰ ফলত বেছি পানী বহন কৰাৰ ক্ষমতা নাই, সেয়ে অতিৰিক্ত পানীখিনিয়ে কিছুদিনৰ বাবে ইয়াৰ উপত্যকা অঞ্চল বানপানীৰ সৃষ্টি কৰে।
) অসম তথা ব্ৰহ্মপুত্ৰৰ সমতলখন ঢাল অতি সামান্য সেয়ে বৰষুণৰ পানীবোৰ লাহে লাহে বৈ যাওঁতে ইয়াৰ উপত্যকা অঞ্চলত বানপানীৰ সৃষ্টি কৰে।
) ব্ৰহ্মপুত্ৰৰ লগতে ইয়াৰ উপনৈ সমূহৰ ব্যাপক গৰাখহনীয়াৰ ফলত অঞ্চলবোৰত অৱক্ষেপন হোৱাৰ বাবে অসমত বানপানী সমস্যাৰ সৃষ্টি কৰে।

১৯. বহনক্ষম উন্নয়নৰ অৰ্থ লিখা।
উত্তৰ:- বহনক্ষম উন্নয়ন মানে এক বিবেচনা সম্পন্ন উন্নয়ন ব্যৱস্থা। এই উন্নয়নে সমাজৰ বৰ্তমান আৰু ভৱিষ্যত সুৰক্ষাৰ অনুকূলে কাম কৰে।

ইয়াত অসমীয়া মাধ্যমৰ, বিজ্ঞান বিষয়ৰ, প্ৰশ্নৰ উত্তৰ সমূহ দিয়া হৈছে ৷ দশম শ্ৰেণীৰঅধ্যায়- 15 আমাৰ পৰিবেশ (Our Environment) পাঠটিত থকা প্ৰশ্নৰ উত্তৰ সমূহ ইয়াত পাব ৷

আমাৰ পৰিবেশ – প্ৰশ্নাৱলী, Page No- 257

1.কিছুমান পদার্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিন্নিকৰণ কিয় হয় ?

উত্তৰ – যিবিলাক পদাৰ্থৰ কিছুমান জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ পৰিবৰ্তন হয় তেনেবিলাক পদাৰ্থক জীৱ নিম্নিকৰণ পদাৰ্থ বুলি কোৱা হয় ৷ আনহাতে যিবিলাক পদাৰ্থ এনে জৈৱিক প্ৰক্ৰিয়াৰে সৰল পৰ্যায়লৈ সলনি নহয় তেনেবিলাক পদাৰ্থক জীৱ অনিম্নিকৰণ পদাৰ্থ বোলা হয় ৷
কিছুমান পদাৰ্থ জীৱ নিম্নিকৰণ আৰু আন কিছুমান জীৱ অনিন্নিকৰণ হয় কাৰণ কিছুমান পদাৰ্থ যেনে প্লাষ্টিক আদিক অণুজীৱ যেনে বেক্টেৰিয়া বা আন মৃতজীৱী প্ৰাণীয়ে পচন ঘটাব নোৱাৰে ৷ সিহঁতে কেৱল প্ৰাকৃতিক পদাৰ্থ যেনে কাঠ, মৃত জীৱ আদিকহে পচন ঘটাব পাৰে ৷

2. জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যিকোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ – জীৱ নিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনা –

  • জীৱ নিম্নকৰণ পদাৰ্থই পৰিৱেশ পৰিস্কাৰ কৰি ৰখাত সহায় কৰে কাৰন ইহঁত সহজে পচি যায় ৷
  • জীৱ নিম্নকৰণ পদাৰ্থই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে ৷

3. জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা যি কোনাে দুটা সম্ভাৱনাৰ বিষয়ে লিখা।

উত্তৰ – জীৱ অনিম্নিকৰণ পদার্থই পৰিবেশত প্ৰভাৱ পেলাব পৰা দুটা সম্ভাৱনাৰ –

  • জীৱ অনিম্নিকৰণ পদার্থই বায়ু, মাটি আৰু পানী প্ৰদূষণৰ কাৰক হ’ব পাৰে ৷
  • অধিক পৰিমাণৰ জীৱ অনিম্নিকৰণ পদার্থই পৰিস্থিতি তন্ত্রৰ এটা বিনষ্ট কৰিব পাৰে ৷

আমাৰ পৰিবেশ – প্ৰশ্নাৱলী, Page No- 261

Advertisement

1.পৌষ্টিক স্তৰ কি ? উদাহৰণসহ এটা খাদ্য শৃংখলৰ বিভিন্ন পৌষ্টিক স্তৰৰ বিষয়ে লিখা।

উত্তৰ – জীৱবিলাকক ইটোৱে সিটোক ভক্ষন কৰাৰ ওপৰত ভিত্তি কৰি সিহঁতক বিভিন্ন জীৱীয় স্তৰত ভাগ কৰিলে এটা খাদ্য শৃংখল পোৱা যায় ৷ তেনে খাদ্য শৃংখলৰ প্ৰত্যেকটো স্তৰকে একোটা পৌষ্টিক স্তৰ বোলা হয় ৷

খাদ্য শৃখল এটাত উৎপাদকবোৰ হ’ল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ ৷ ইহঁতে সৌৰশক্তিক স্থিৰিকৰণ কৰি খাদ্য শৃখলৰ আন পৌষ্টিক স্তৰত বন্টন কৰে ৷ তৃণভোজী প্ৰাণী বা প্ৰাথমিক উপভোক্তাখিনি হ’ল দ্বিতীয় স্তৰৰ ; সৰু সৰু প্ৰাণী বা দ্বিতীয়ক উপভোক্তা বিলাক তৃতীয় স্তৰৰ আৰু ডাঙৰ প্ৰাণী বা তৃতীয়ক উপভোক্তা বিলাক চতুৰ্থ পৌষ্টিক স্তৰৰ জীৱ ৷

খাদ্য শৃংখল এটাৰ উদাহৰণ লোৱা হ’ল –

ঘাঁহ → হৰিণা → বাঘ

ইয়াত , (i) ঘাঁহ (উৎপাদক) হ’ল পৌষ্টিক স্তৰৰ প্ৰথমটো স্তৰ ৷

(ii)হৰিণা (তৃণভোজী প্ৰাণী বা প্ৰাথমিক উপভোক্তা ) হ’ল পৌষ্টিক স্তৰৰ দ্বিতীয় স্তৰ আৰু

(iii)বাঘ (দ্বিতীয়ক উপভোক্তা) হ’ল পৌষ্টিক স্তৰৰ তৃতীয় স্তৰ ৷

2. পৰিস্থিতি তন্ত্রত বিয়ােজকৰ ভূমিকা কি?

উত্তৰ – পৰিস্থিতি তন্ত্রত বিয়োজকে মৃত জীৱৰ দেহ আৰু জীৱৰ মল বা বৰ্জিত পদাৰ্থ বিলাক সৰল পৰ্যায়লৈ পৰিবৰ্তন কৰে ৷ এনে কৰাৰ ফলত মৃত জীৱ বা আন বৰ্জিত পদাৰ্থবোৰ মাটিৰ লগত মিহলি হৈ যায় ৷ সেইবিলাকক পৰবৰ্ত্তি পৰ্যায়ত উদ্ভিদে পুনৰ গ্ৰহণ কৰি পৌষ্টিক স্তৰলৈ বন্টন কৰে ৷

প্ৰশ্নাৱলী, Page No- 264

1.অ’জন কি আৰু ই কোন পৰিস্থিতি তন্ত্রত কেনেদৰে প্রভাব পেলায় ?

উত্তৰ – অ’জন হ’ল অক্সিজেনৰ তিনিটা পৰমাণুযুক্ত এবিধ গেছ ৷

বায়ুমণ্ডলৰ উচ্চ স্তৰত অ’জনে এক বিষেশ আৰু প্ৰয়োজনিয় ভূমিকা পালন কৰে ৷ অ’জ’ন স্তৰে সূৰ্যৰ পৰা নিৰ্গত অতি বেঙুণীয়া ৰশ্মিৰ পৰা পৃথিৱীপৃষ্ঠক ৰক্ষা কৰে ৷ এই অতি বেঙুনীয়া ৰশ্মি জীৱ জগতৰ বাবে অতি ক্ষতিকাৰক ৷ উদাহৰণ হিচাবে মানুহৰ দেহৰ ছালৰ কৰ্কত ৰোগৰ কাৰণ হ’ল অতি বেঙুণীয়া ৰশ্মি ৷ গতিকে অজনে সকলো পৰিস্থিতি তন্ত্রতে এক ধণাত্মক প্ৰভাৱ পেলায় ৷

2. পেলনীয়া আবর্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ তুমি কি পদক্ষেপ গ্রহণ কৰিবা ? ইয়াৰ যিকোনােদুটা পদ্ধতিৰ বিষয়ে লিখা।

উত্তৰ – পেলনীয়া আবর্জনাৰ সমস্যাৰ হ্ৰাস কৰিবলৈ আমি তলত উল্লেখিত পদক্ষেপবোৰ গ্রহণ কৰিব পাৰো-

i) আমি তিনিটা ‘R’ হ্ৰাসকৰণ(Reduce), পূণঃচক্ৰীয়কৰণ(Recycle) আৰু পূণঃব্যৱহাৰ (Reuse)ৰ চেষ্টা কৰিব পাৰো ৷

(ii) আমি যিমান পাৰি জীৱ নিম্নিকৰণ পদাৰ্থ ব্যৱহাৰ কৰিব পাৰো ৷

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

আমাৰ পৰিবেশ – অনুশীলনী

Advertisement

1.তলত উল্লেখ কৰা কোনখিনিত কেৱল জীৱ নিম্নিকৰণ পদার্থ আছে?
(a) ঘাঁহ, ফুল আৰু চামৰা
(b) ঘাঁহ, কাঠ আৰু প্লাষ্টিক
(c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস
(d) পিঠা, কাঠ আৰু ঘাঁহ

উত্তৰ – (a) ঘাঁহ, ফুল আৰু চামৰা , (c) ফল-মূলৰ বাকলি, পিঠা আৰু টেঙাৰ ৰস আৰু (d) পিঠা, কাঠ আৰু ঘাঁহ ৷

2.তলত উল্লেখ কৰা কোনখিনিয়ে খাদ্য শৃংখল গঠন কৰে?
(a) ঘাঁহ, ঘেঁহু আৰু আম
(b) ঘাঁহ, ছাগলী আৰু মানুহ
(c) ছাগলী, গৰু আৰু হাতী
(d) ঘাঁহ, মাছ আৰু ছাগলী

উত্তৰ – (b) ঘাঁহ, ছাগলী আৰু মানুহ

3.তলত উল্লেখ কৰাবিলাকৰ কোনকেইটা পৰিবেশ অনুকুল অভ্যাসৰ অন্তর্ভুক্ত?
(a) দোকান বা বজাৰ কৰিবলৈ যাওতে হাতত কাপােৰৰ মােনা লৈ যােৱা অভ্যাস
(b) অপ্রয়ােজনীয়ভাবে জ্বলি থকা লাইট বা চলি থকা ফেনৰ চুইচ (Switch) বন্ধ কৰি ৰখা অভ্যাস।
(c) তােমাক মায়ে স্কুটাৰেৰে বিদ্যালয়লৈ অনা নিয়া কৰাৰ পৰিৱৰ্ত্তে তুমি নিজে খােজ কাঢ়ি যােৱা অভ্যাস
(d) ওপৰৰ আটাইকেইটা অভ্যাস।

উত্তৰ – (d) ওপৰৰ আটাইকেইটা অভ্যাস।

4)কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱকে ধ্বংস কৰি পেলালে কি ঘটিব ?

উত্তৰ – কোনো এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱকে ধ্বংস কৰি পেলালে সেই পৌষ্টিক স্তৰৰ ওপৰৰ পৌষ্টিক স্তৰৰ জীৱবোৰ খাদ্যৰ অভাবত মৃত্যু মুখত পৰিব ৷

ধ্বংস কৰি দিয়া পৌষ্টিক স্তৰৰ তলৰ পৌষ্টিক স্তৰত অভাবনীয় ভাৱে জীৱৰ সংখ্যা বাঢ়িব কাৰণ সিহঁতক ভক্ষন কৰা জীৱবোৰক ধ্বংস কৰি দিয়া হৈছে যাৰ ফলত উক্ত পৌষ্টিক স্তৰত খাদ্যৰ অভাৱত জীৱবোৰৰ মৃত্যু হ’ব ৷

এনেদৰে পৰিস্থিতি তন্ত্রতটো ভাৰসাম্য নোহোৱা হৈ ধ্বংস হৈ পৰিব ৷

5. বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলােবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিবনে? পৰিস্থিতি তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ যি কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱক আঁতৰাব পাৰিমনে?

উত্তৰ – হয় , বেলেগ বেলেগ পৌষ্টিক স্তৰৰ পৰা সকলােবিলাক জীৱক ধংস কৰিলে প্রত্যেক পৌষ্টিক স্তৰৰ ফলাফলৰ সৈতে একেদৰে প্রভাব পৰিব ৷

পৰিস্থিতি তন্ত্ৰৰ কোনাে হানি নােহােৱাকৈ যি কোনাে এটা পৌষ্টিক স্তৰৰ সকলােবিলাক জীৱক আঁতৰাব নোৱাৰি কাৰণ কোনো এটা পৌষ্টিক স্তৰৰ সকলোবিলাক জীৱক আতৰাই দিলে উক্ত পৌষ্টিক স্তৰৰ ওপৰৰ আৰু তলৰ উভয়তে ভাৰসাম্য নোহোৱা হ’ব ৷ ই পৰিস্থিতি তন্ত্রটোত প্ৰভাৱ পেলাব ৷

6.জৈৱিক বিবর্ধক (Biological Magnification) বুলিলে কি বুজা ? পৰিস্থিতি তন্ত্রৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হবনে?

উত্তৰ – খাদ্য শৃংখলত বিভিন্ন ধৰণে কিছুমান ক্ষতিকাৰক ৰাসায়নিক পদাৰ্থ প্ৰৱেশ কৰে ৷ তেনে ৰাসায়নিক পদাৰ্থ খাদ্য শৃংখলৰ জড়িয়তে মানুহকে ধৰি সকলো জীৱৰ শৰীৰত মজুত হয় ৷ এই পৰিঘটনাটোকে জৈৱিক বিবর্ধক বোলে ৷

পৰিস্থিতি তন্ত্রৰ বেলেগ বেলেগ স্তৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হয় ৷ খাদ্য শৃংখলৰ একেবাৰে শীৰ্ষ স্থানত থকা জীৱৰ ওপৰত ইয়াৰ প্ৰভাৱ আটাইতকৈ বেছি আৰু নিম্নতম স্থানত থকা জীৱৰ ওপৰত কম হয় ৷

7. আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ কি কি সমস্যা হব পাৰে?

উত্তৰ – আমি সৃষ্টি কৰা জীৱ অনিন্নিকৰণ পদার্থবিলাকৰ পৰা আমাৰ বিভিন্ন সমস্যা হ’ব পাৰে –

  • অনিন্নিকৰণ পদার্থবিলাকৰ পৰা বায়ু, মাটি আৰু পানী প্ৰদূষণ হ’ব ৷
  • এই পদাৰ্থবোৰে মাটিত থকা অণুজীৱবোৰ ধ্বংশ কৰে ফলত মাটিৰ উৰ্বৰতা হ্ৰাস পাব ৷
  • পানীত ইয়াৰ পৰিমাণ বাঢ়িলে জলচৰ প্ৰাণী আৰু উদ্ভিদৰ ওপৰত প্ৰভাৱ পৰিব ৷
  • জৈৱিক বিবর্ধকৰ সমস্যাই দেখা দিব ৷
  • কিছুমান ক্ষতিকাৰক অণুজীৱ উৎপন্ন হোৱা সম্ভৱনা প্ৰকত হ’ব ৷

8. আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলােবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাব নপৰাকৈ থাকিবনে ?

উত্তৰ – আমি সৃষ্টি কৰা আৱৰ্জনাবিলাকৰ সকলােবিলাকেই যদি জীৱ নিম্নিকৰণ পদার্থ হয় তেনেহলে পৰিবেশৰ ওপৰত একো প্রভাব নপৰাকৈ নাথকে ৷ কিন্ত অনিন্নিকৰণ পদার্থৰ তুলনাত ই যথেষ্ট কম ক্ষতিকাৰক ৷

বিয়োজকে জীৱ নিম্নিকৰণ পদার্থ বিলাকক সৰল পৰ্যায়লৈ পৰিবৰ্তন কৰে ৷ এনে কৰাৰ ফলত পদাৰ্থবোৰ মাটিৰ লগত মিহলি হৈ যায় ৷ সেইবিলাকক পৰবৰ্ত্তি পৰ্যায়ত উদ্ভিদে পুনৰ গ্ৰহণ কৰি পৌষ্টিক স্তৰলৈ বন্টন কৰে ৷ কিন্তু এই প্ৰক্ৰিয়া সম্পন্ন হ’বলৈ কিছু সময়ৰ প্ৰয়োজন হয় ৷ আমি যদি অনিয়ন্ত্ৰিত ভাৱে এই আবৰ্জনাবোৰ সৃষ্টি কৰি থাকো তেনেহ’লে কিছুমান সমস্যা দেখ দিব পাৰে, যেনে –

  • দুৰ্গন্ধৰ সৃষ্টি হ’ব পাৰে ৷
  • পানীত ইয়াৰ পৰিমাণ বাঢ়িলে জলচৰ প্ৰাণী আৰু উদ্ভিদৰ ওপৰত প্ৰভাৱ পৰিব পাৰে ৷
  • কিছুমান ক্ষতিকাৰক অণুজীৱ উৎপন্ন হ’ব পাৰে ৷

দশম শ্ৰেণীৰ বিজ্ঞানৰ সহায়িকা মোবাইলত পাবলৈ আমাৰ মোবাইল এপ্ Download কৰক

Assam TET : EvSc.

 Assam TET : EvSc. পৰিৱেশ অধ্যয়ন অসমীয়া ৱিকিপিডিয়াৰ পৰা Jump to navigation Jump to search পৰিৱেশ অধ্যয়ন  (  ইংৰাজী : Environmental studi...