চন্দ্ৰকুমাৰ আগৰৱালা
চন্দ্ৰকুমাৰ আগৰৱালা (১৮৬৭-১৯৩৮) এজন অসমীয়া কবি আৰু লেখক। অসমীয়া সাহিত্যত ৰোমাণ্টিকতাবাদৰ সূচনা কৰা লেখকসকলৰ তেখেত আছিল অন্যতম। জোনাকীৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা 'বনকুঁৱৰী'য়েই আছিল প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা। আগৰৱালাক "প্ৰতিমাৰ খনিকৰ" বুলিও অভিহিত কৰা হয়। তেখেত জোনাকী আলোচনীৰ প্ৰথমজন সম্পাদক আৰু সাহিত্য সংগঠন অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰতিষ্ঠাপক সদস্য আছিল। 'জোনাকী' আলোচনীৰ জৰিয়তে আধুনিক অসমীয়া সাহিত্যলৈ আগবঢ়োৱা বৰঙনিৰ বাবে আগৰৱালাৰ লগত লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীক একেলগে 'জোনাকী যুগৰ ত্ৰিমূৰ্তি' বুলি কোৱা হয়। বনকুৱঁৰী, তেজীমলা, মাধুৰী, বীণবৰাগী, মহাত্মা আদি তেওঁৰ অনুপম কবিতা সমূহৰ অন্যতম কবিতা।
প্ৰাৰম্ভিক জীৱন
১৮৬৭ চনৰ ২৮ নৱেম্বৰত শোণিতপুৰ জিলাৰ গহপুৰৰ কলংপুৰ মৌজাৰ ব্ৰহ্মজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হয়। তেখেতৰ পিতৃ হৰিবিলাস আগৰৱালা আৰু মাতৃ মলমা। তেজপুৰতে শিক্ষাজীৱন আৰম্ভ কৰি চন্দ্ৰকুমাৰে কিছুদিন কলিকতাৰ হিন্দু স্কুলতো পঢ়ে। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰা এণ্ট্ৰেন্স পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে প্ৰেচিডেন্সী কলেজৰ পৰা এফ এ উত্তীৰ্ণ হয়। তাৰপিছত স্নাতক শ্ৰেণীত নাম লগাই যদিও শিক্ষা সমাপ্ত নকৰিলে। কলিকতাত থকাকালতে লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগত চন্দ্ৰকুমাৰৰ নিবিড় ঘনিষ্ঠতা হৈছিল।
কৰ্মজীৱন
লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ লগ লাগি আগৰৱালা দেৱে কলিকতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা প্ৰতিষ্ঠা কৰে আৰু লগতে জোনাকী নামৰ আলোচনী প্ৰকাশ কৰে। জোনাকী প্ৰথম দুটা সংখ্যাৰ সম্পাদনাও কৰিছিল আগৰৱালাদেৱে। তাৰ পাছত আগৰৱালা দেৱে ১৯১৮ চনত ডিব্ৰুগড়ৰ পৰা "অসমীয়া" নামেৰে এখন বাতৰি কাকত প্ৰকাশ কৰে। ১৯২৪ চনত গুৱাহাটিৰ খাৰঘুলিত "নিউ প্ৰেছ" স্থাপন কৰি তাৰ পৰা "সাদিনীয়া অসম" নিয়মীয়া ৰূপে প্ৰকাশ কৰি উলিয়ায়। পিছত এই কাকতখন তিনিদিনীয়াকৈয়ো প্ৰকাশ কৰা হৈছিল।
ৰচনা
চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম প্ৰকাশিত পুথি আছিল প্ৰতিমা (১৯১৩)। ইয়াৰ পিছত দ্বিতীয়খন কবিতাপুথি বীণবৰাগী প্ৰকাশ হয় ১৯২৩ চনত। মৃত্যুৰ পাছত ১৯৬৭ চনত প্ৰকাশিত তেওঁৰ আন এখন পুথি চন্দ্ৰামৃত।
সম্পাদনা
জোনাকী। ইয়াৰ উপৰি অসমীয়া, তিনিদিনীয়া অসমীয়া, সাদিনীয়া অসমীয়া, বাঁহী আদি কাকতৰ প্ৰতিষ্ঠা তথা পৰিচালনাৰে সৈতে ওতপ্ৰোত ভাৱে জড়িত আছিল।
মৃত্যু
১৯৩৮ চনৰ ২ মাৰ্চত গুৱাহাটীৰ উজানবজাৰৰ নিজা ঘৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ মৃত্যু হয়।