Friday, February 5, 2021

Assam Special TET 2021: Assamese:: অসমীয়া সাহিত্যৰ প্রথিতযষা সাহিত্যিক :: ভবেন্দ্র নাথ শইকীয়া

 

ভবেন্দ্রনাথ শইকীয়া


 

ভবেন্দ্রনাথ শইকীয়া

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া (ইংৰাজী: Dr. Bhabendra Nath Saikia, ১৯৩২ – ২০০৩) অসমৰ এগৰাকী ঔপন্যাসিক, গল্পলিখক, নাট্যকাৰ আৰু বোলছবি পৰিচালক। কবিতা, নাটক, গল্প, উপন্যাস, প্ৰবন্ধ, সমালোচনা, হাস্য-ব্যংগাত্মক সাহিত্য, আত্মজীৱনী, শিশুসাহিত্য আদিকে ধৰি সাহিত্য-সংস্কৃতিৰ প্ৰায় সকলো দিশতে ভবেন্দ্ৰ নাথ শইকীয়াই অৱদান আগবঢ়াই গৈছে।

ভবেন্দ্ৰ নাথ শইকীয়াই লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত ডক্তৰেট ডিগ্ৰী লাভ কৰিছিল।[1] তাৰ পিছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ তেওঁ প্ৰতিষ্ঠাপক সম্পাদক আছিল।

ইয়াৰ উপৰি তেওঁ ৰেডিঅ' নাট, একাঙ্কিকা নাটক, ভ্ৰাম্যমাণ থিয়েটাৰৰ বাবে নাটক ৰচনা কৰিছিল। তেওঁ আঠখন অসমীয়া চলচ্চিত্ৰও পৰিচালনা কৰিছিল। ইয়াৰে সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰৰ পৰা তেওঁ 'ৰজত কমল বঁটা' লাভ কৰিছিল। তেওঁ ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত 'অসম উপত্যকা সাহিত্য বঁটা'ৰ লগতে 'পদ্মশ্ৰী' সন্মানো লাভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

ভবেন্দ্ৰ নাথ শইকীয়াৰ জন্ম হয় ১৯৩২ চনৰ ২০ ফেব্ৰুৱাৰীত নগাঁও চহৰত। তেওঁৰ দেউতাকৰ নাম আছিল বিদূৰ শইকীয়া আৰু মাকৰ নাম আছিল চম্পাৱালা শইকীয়া। ১৯৪৮ চনত তেখেত ষ্টাৰ মাৰ্ক সহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ ঐতিহ্যপূৰ্ণ কটন মহাবিদ্যালয়ত ভৰ্তি হয়, আৰু তাৰপৰাই ১৯৫২ চনত পদাৰ্থ বিজ্ঞানত সন্মান সহ বি.এচ. চি. পাছ কৰে। তাৰ পাছত ১৯৫৫-১৯৫৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ প্ৰেচিডেন্সী কলেজৰ পৰা পদাৰ্থ বিজ্ঞানত এম.এচ.চি ডিগ্ৰী লয় আৰু উচ্চ শিক্ষাৰ বাবে বিদেশ যাত্ৰা কৰে। ১৯৬১ চনত তেখেতে লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্তৰেট ডিগ্ৰী লাভ কৰে। তদুপৰি তেখেতে লণ্ডনৰে ‘ইম্পেৰিয়েল কলেজ অৱ চাইন্স এণ্ড টেকন'লজী’-ৰ পৰা ডিপ্লমাও লাভ কৰে।

কৰ্মজীৱন

তেখেতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগত ৰিডাৰ হিচাবে নিজৰ কৰ্মজীৱন আৰম্ভ কৰে। তেখেতৰ বহুতো গল্প অন্যান্য ভাৰতীয় ভাষালৈ অনুবাদ হৈছে। অসমীয়া ভাষাৰ পষেকীয়া আলোচনী প্ৰান্তিক আৰু শিশু আলোচনী সঁফুৰাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। তেখেতে ১৯৭৬ চনত সাহিত্য অকাডেমি বঁ‌টা আৰু ১৯৯০ চনত অসম উপত্যকা সাহিত্য বঁটালাভ কৰাৰ উপৰিও পদ্মশ্ৰী সন্মান লাভ কৰে। অসমীয়া নাট্য জগতত ভবেন্দ্ৰ নাথ শইকীয়াই বিশেষ অৱদান আগবঢ়াই গৈছে। কেইবাখনো ৰেডিঅ' নাট, একাঙ্কিকা নাটক ৰচনা কৰাৰ উপৰিও ভ্ৰাম্যমাণ মঞ্চৰ বাবেই তেখেতে একাধিক নাটক ৰচনা কৰে। বোলছবি জগতত শইকীয়াই আঠখন বোলছবি পৰিচালনা কৰে আৰু তেখেতৰ বোলছবিয়ে ভাৰত আৰু বিদেশত আন্তৰাষ্ট্ৰীয় বোলছবি মহোৎসৱত বিশেষ সুখ্যাতি লাভ কৰে। তেখেতৰ সাতখন বোলছবিৰ কাৰণে ভাৰত চৰকাৰে ৰজত কমল বঁটা প্ৰদান কৰে।

ছদ্মনাম

হাস্য-ব্যংগাত্মক সাহিত্যত

ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই তেওঁৰ একাধিক সাহিত্যিক ৰচনা লিখোঁতে ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁ হাস্য-ব্যংগমিশ্ৰিত ৰচনাসমূহ ছদ্মনামেৰে লিখিছিল। সেই ৰচনাসমূহ ‘প্ৰান্তিক’ আৰু সাপ্তাহিক কাকত ‘বুধবাৰ’ৰ বিভিন্ন সংখ্যাত প্ৰকাশিত হৈছিল। তেওঁৰ দ্বাৰা সৰ্বাধিক ব্যৱহৃত ছদ্মনামটি আছিল সত্যপ্ৰিয় পাঠক। উক্ত ছদ্মনামেৰে লিখা আটাইকেইটা লেখা প্ৰান্তিকৰ পাততে প্ৰকাশিত হৈছিল।

সেইসমূহৰ নাম এনেধৰণৰঃ-

  • জয়জয়-ময়ময়,
  • কনফাৰেন্সৰ দোকান,
  • নিতান্ত ঘৰুৱা,
  • শেষ প্ৰস্তাৱ,
  • আধুনিক তাঁতবাতি শিল্প,
  • জীৱাশ্ম বা ফছিল,
  • আৱিষ্কাৰৰ জননী,
  • সোৱণশিৰিৰ চকুলো! ,
  • লাই-লফা লটং-পটং,
  • প্ৰিয়জনৰ গান শুনা যন্ত্ৰ
  • বৃদ্ধৰ বাণী,
  • ঘূৰি-ঘূৰি আকৌ,
  • বুৰ্জোৱা,
  • বলনাস্কিৰ চাকৰি কিয় গ’ল,
  • জাতীয় জীৱনৰ ঘাই সুঁতি,
  • শীতলা,
  • ইনছাল্ট,
  • সংসাৰ-বিজ্ঞানঃগৱেষণা আৰু প্ৰথম খণ্ডৰ ফলাফল,
  • যোৱা তিনি বছৰৰ দৰে...,
  • বেয়া নহয়, ভালেই।

সত্যপ্ৰিয় পাঠকৰ পাছত তেওঁ‌ বেছিকৈ সদানন্দ পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। এইটো ছদ্ননামেৰে তেওঁ সৰ্বমুঠ ছটা লেখা লিখিছিল। লেখাকেইটা হৈছে: (১) সোণালী এণ্টাৰপ্ৰাইজ, (২)বিগ ক্ল’জ আপ, (৩)বেলি ডুবাৰ সময়, (৪)পৰম প্ৰিয় বন্ধুবৰ, (৫)বিশ্বাসঘাতক বান্দৰ, আৰু (৬) ভিতৰবিলাক। এইকেইটা লেখা প্ৰকাশ পাইছিল ‘বুধবাৰ’ত। সত্যপ্ৰিয় আৰু সদানন্দ পাঠকৰ উপৰিও ৰচনা লিখিবলৈ তেওঁ আন বহুকেইটা ছদ্মনামৰ সহায় লৈছিল। সেইসমূহ ৰচনা প্ৰান্তিকৰ পৃষ্ঠাতে ভিন্ ভিন্ সময়ত প্ৰকাশিত হৈছিল। লেখাবোৰৰ শিৰোনাম আৰু তেওঁ ব্যৱহাৰ কৰা ছদ্মনাম তলত উল্লেখ কৰা হ'ল-

  1. এদিন বাদে এদিন- ৰজনী দত্ত,
  2. দিগম্বৰ বুৰ্জোৱা- বিৰাজমোহন বৰুৱা,
  3. নিজৰ প্ৰেছক্ৰিপছনৰ ঔষধ-গোলোক মহন্ত,
  4. কেণ্ডিডেট-দিবাকৰ নেওগ,
  5. খাদ্যপ্ৰাণ-গৃহানন্দ স্বামী,
  6. শৃংখল-বিচিত্ৰা দত্ত,
  7. বাটৰ আমনি-অৰবিন্দ দত্ত,
  8. আনন্দ-সুকুমাৰ দত্ত,
  9. ডিঙিৰ খজুৱতি-মানবেন্দ্ৰ দাস,
  10. সদায় কাঠৰ বাকচ নালাগে-নি.কা.ব.,
  11. মোৰ ৰাশিফল সদায় ভাল-পৰমানন্দ ৰাজগুৰু,
  12. ব’হাগৰ কথা। সেই সভাখন-এজন অৱসৰপ্ৰাপ্ত মুখ্য অতিথি,
  13. ইণ্টিমেট-কুসুম কুমাৰ বৰুৱা।

উল্লেখনীয় যে, তেখেতৰ এই হাস্য-ব্যংগাত্মক ৰচনাসমূহ পাছলৈ ‘কল্পলোকৰ কাহিনী’ নামৰ এখনি গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছে। অসমীয়া সাহিত্যৰ জগতত বহুসংখ্যক ছদ্মনাম ব্যৱহাৰ কৰা সম্ভৱতঃ তেওঁৱেই একমাত্ৰ সাহিত্যিক। চৌপাশৰ সামাজিক-সাংস্কৃতিক সমস্যাবোৰৰ পুনৰীক্ষণ, অসমীয়া মানুহৰ চৰিত্ৰৰ কেতবোৰ অবিচ্ছেদ্য দিশ উন্মোচন, প্ৰাত্যহিকতাত সঘনাই মুখামুখি হোৱা বেমেজালিবোৰৰ পৰ্যবেক্ষণ- ইত্যাদিয়েই হৈছে তেখেতৰ দ্বাৰা লিখিত এই হাস্য-ব্যংগাত্মক ৰচনালানিৰ অন্তৰ্নিহিত তাৎপৰ্য।

অন্যান্য ৰচনাত

বিদেশৰ পটভূমিত লিখা কেইটামান গল্প ড॰ শইকীয়াই ছদ্মনামত লিখিছিল। তিনিটা গল্প লিখিছিল সঞ্চয় ছদ্মনামেৰে। বাকীকেইটা নিজৰ নামত লিখিছিল। এই সন্দৰ্ভত তেওঁ কৈছিল যে- "মোৰ চুটি গল্প লেখাৰ যিটো ধৰণ, তাৰ পৰা অলপ বেলেগ হ'ব বাবেই সেইকেইটা মোৰ নিজৰ নামত লেখিবলৈ মন কৰা নাছিলোঁ। " ইয়াৰ উপৰিও তেওঁ নিজে সৰু চৰিত্ৰ এটিত অভিনয় কৰা 'বেউলা' ছবিখনৰ সমালোচনা লিখিছিল। সেইটো লিখিছিল সুনীতি ছদ্মনামেৰে। সমালোচনাটি 'আৱাহন'ত প্ৰকাশিত হৈছিল। সাদিনীয়া 'নৱদূত' নামৰ এখন কাকতত তেওঁ 'দৃষ্টিপাত' নামৰ এটা শিতানত লিখিছিল। সেইবোৰ লিখনি তেওঁপ্ৰহৰী ছদ্মনামত লিখিছিল। চিনেমা বিষয়ক লেখামেলাৰ বাবে তেওঁ চিত্ৰপ্ৰিয় পাঠক ছদ্মনাম ব্যৱহাৰ কৰিছিল। তেওঁৰ আন দুটি ছদ্মনাম আছিল পৰ্যবেক্ষক আৰু সুদৰ্শন

ব্যক্তিগত জীৱন

ড॰ ভবেন্দ্ৰ নাথ শইকীয়া প্ৰীতি শইকীয়াৰ লগত বিবাহ পাশত আৱদ্ধ হৈছিল। তেওঁলোকৰ দুজনী পুত্ৰী আছিল ড॰ সংগীতা আৰু ৰশ্মি।

মৃত্যু

২০০৩ চনৰ ১৩ আগষ্টত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াই ৰোগাক্ৰান্ত হৈ নশ্বৰ দেহ ত্যাগ কৰে।

সাহিত্যকৰ্ম

নাটক

  • ৰম্যভূমি
  • নীলকণ্ঠ
  • মহাঅৰণ্য
  • দীনবন্ধু
  • পাণ্ডুলিপি
  • আম্ৰপালি
  • অৰণ্যত গধূলি
  • মণিকূট
  • গহ্বৰ
  • অমৃত
  • বৰ্ণমালা
  • বন্দীশাল
  • পৰমানন্দ
  • শুভ-সংবাদ
  • বিষকুম্ভ
  • অন্ধকূপ
  • দিগম্বৰ
  • স্বৰ্ণজয়ন্তী
  • স্বৰ্গৰ দুৱাৰ
  • ৰামধেনু
  • শতাব্দী
  • সমুদ্ৰ-মন্থন
  • জোনাক ৰাতি (অসম্পূৰ্ণ)
  • বৃন্দাবন
  • জন্মভূমি
  • প্ৰতিবিম্ব
  • এজাক জোনাকীৰ জিলমিল (একাংক)

চুটি গল্প

তেখেতৰ চুটি গল্প সংকলন কেইখন হ'ল

  • প্ৰহৰী (১৯৬৩),
  • সেন্দূৰ (১৯৭১),
  • গহ্বৰ (১৯৬৯),
  • শৃংখল (১৯৭৫),
  • উপকণ্ঠ (১৯৯১),
  • এই বন্দৰৰ আবেলি (১৯৮৮),
  • বৃন্দাবন (১৯৬৫),
  • তৰংগ (১৯৭৯),
  • সান্ধ্য ভ্ৰমণ (১৯৯৮),
  • গল্প আৰু শিল্প,
  • আকাশ।

উপন্যাস

  • অন্তৰীপ (১৯৮৬)
  • ৰম্যভূমি (১৯৯১)
  • আতংকৰ শেষত ( ১৯৫২, দশম শ্ৰেণীত থাকোঁতে ৰচনা কৰা; ভ.না. শইকীয়াৰ একমাত্ৰ ডিটেক্টিভ উপন্যাস)

আত্মজীৱনী

  • জীৱন বৃত্ত
  • জীৱন ৰেখা
  • মোৰ শৈশৱ, মোৰ কৈশোৰ

চিন্তামূলক গ্ৰন্থ

প্ৰবন্ধ সংকলন- শেষ পৃষ্ঠা (চাৰিটা খণ্ড)।

শিশুসাহিত্য

  • মৰমৰ দেউতা (১৯৯১)
  • তোমালোক ভালে থাকা (তোমালোকৰ ভাল হওক) (১৯৯৮)
  • শান্ত-শিষ্ট হৃষ্ট-পুষ্ট মহাদুষ্ট (১৯৯৭)
  • মহাদুষ্টৰ দুষ্টবুদ্ধি
  • মৰম

চলচ্চিত্ৰ পৰিচালক ৰূপে

অসমীয়া চলচ্চিত্ৰৰ পাতনি ১৯৩৫ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 'জয়মতী' কথাছবিৰে হৈছিল। পিছৰ প্ৰায় ৪০ বছৰ ধৰি নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহৰ বেছিখিনিয়েই আছিল তীব্ৰ বাণিজ্যিক ধৰ্মী। (ব্যতিক্ৰম: পদুম বৰুৱা গঙাচিলনীৰ পাখি)। ভবেন্দ্ৰনাথ শইকীয়াই প্ৰথম বাৰৰ বাবে অসমীয়া অৰ্থবহ চলচ্চিত্ৰৰ শুভাৰম্ভ কৰে।

সন্ধ্যাৰাগ, কথাছবিৰে শইকীয়াই চলচ্চিত্ৰ পৰিচালকৰূপে আত্মপ্ৰকাশ কৰে। এক ব্যতিক্ৰমী আৰু কলাসন্মত ছবি হিচাপে কথাছবিখনে অসম আৰু ভাৰতবৰ্ষৰ চলচ্চিত্ৰপ্ৰেমীৰ মন জোকাৰি যায়। ইয়াৰ পিছত শইকীয়াদেৱে পৰিচালনা কৰে অনিৰ্বাণ, অগ্নিস্নান, কোলাহল, সাৰথি, আৱৰ্তন, ইতিহাস আৰু কালসন্ধ্যা। 'কালসন্ধ্যা' হিন্দীভাষাত নিৰ্মিত। আটাইকেইখন ছবিয়েই কলাসন্মত ছবি হিচাপে উচ্চ প্ৰসংশিত। 'অগ্নিস্নান'ৰ চিত্ৰনাট্যই সৰ্বভাৰতীয় পৰ্যায়ত শ্ৰেষ্ঠ চিত্ৰনাট্যৰ সন্মান লাভ কৰে। 'কালসন্ধ্যা'ৰ বাহিৰে আন কেইখন ছবিযে় শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ ছবিৰ বাবে ৰজত কমল বঁটা পায়।

ভবেন্দ্ৰনাথ শইকীয়াৰ কেউখন অসমীয়া ছবিয়েই নিজৰ গল্প আৰু উপন্যাসৰ চিত্ৰৰূপ। তেখেতৰ ছবিত কথাছবি সুলভ ৰূপকৰ পৰিবৰ্তে সাহিত্যৰ উপাদানৰ পয়োভৰ বেছি বুলি সমালোচকে কয়[4]। সংলাপৰ ওপৰত প্ৰাধান্য দিয়াৰ কাৰণে কিছুমান সমালোচকে তেওঁৰ কথাছবি বৰ বেছি পৰিমাণে সাহিত্যধৰ্মী বুলি অভিযোগ কৰে। ভবেন্দ্ৰনাথ শইকীয়াৰ মতে সাহিত্যধৰ্মীতা তেওঁৰ ছবিৰ বিশেষ উপাদান আৰু কিছুসংখ্যক কথাছবি নিৰ্মাণ কৰিব পাৰিলে সাহিত্যধৰ্মী ছবিৰ এটা ধাৰা তেওঁ সৃষ্টি কৰিব পাৰিলেহেঁতেন বুলি তেখেতে নিজে উল্লেখ কৰি গৈছে।[5]

ক্ৰমবৰ্ষকথাছবিভাষাতথ্য
১৯৭৭সন্ধ্যাৰাগঅসমীয়াৰজত কমল বঁটা (১৯৭৭)
১৯৭৮ চনৰ Cannes Film Festivalত প্ৰদৰ্শিত।[6]
১৯৮১অনিৰ্বাণঅসমীয়াৰজত কমল বঁটা (১৯৮১)
১৯৮৫অগ্নিস্নানঅসমীয়াৰজত কমল বঁটা (১৯৮৫)
১৯৮৮কোলাহলঅসমীয়াৰজত কমল বঁটা (১৯৮৮)
১৯৯১সাৰথিঅসমীয়াৰজত কমল বঁটা (১৯৯২)
১৯৯৩আৱৰ্তনঅসমীয়াৰজত কমল বঁটা 1(১৯৯৪)
১৯৯৫ইতিহাসঅসমীয়াৰজত কমল বঁটা (১৯৯৬)
১৯৯৭কালসন্ধ্যাহিন্দীInternational Film Festival of India আৰু International Film Festival of India ত প্ৰদৰ্শিত।[6]

নাট্যকাৰ আৰু পৰিচালক ৰূপে

অসমীয়া ভ্ৰাম্যমাণ থিয়েটাৰৰ লগত ড॰ শইকীয়া নাট্যকাৰ আৰু পৰিচালক হিচাপে ওতপ্ৰোতভাৱে জড়িত হৈ আছিল, ভ্ৰাম্যমাণৰ বাবে তেখেতে কেইবাখেনা নাটক ৰচনা কৰি গৈছে। বিশেষকৈ আৱাহন থিয়েটাৰ গোষ্ঠীৰ বাবে তেখেতে ৰচনা আৰু পৰিচালনা কৰা নাটসমূহ আজিও জনপ্ৰিয়তাৰ শীৰ্ষত আছে বুলি গণ্য কৰা হয়।

বঁটা আৰু সন্মান

ড॰ শইকীয়াৰ কৰ্মৰাজিৰ স্বীকৃতি স্বৰূপে বিভিন্ন অনুষ্ঠানে বিভিন্ন সময়ত তেখেতক সন্মান যাচি আহিছে। তাৰে ভিতৰত উল্লেখযোগ্য কেইটিমান হ’ল:

No comments:

Post a Comment

Assam TET : EvSc.

 Assam TET : EvSc. পৰিৱেশ অধ্যয়ন অসমীয়া ৱিকিপিডিয়াৰ পৰা Jump to navigation Jump to search পৰিৱেশ অধ্যয়ন  (  ইংৰাজী : Environmental studi...